Begin typing your search above and press return to search.

এন আৰ চিৰ চুৰান্ত খচৰা প্ৰকাশৰ প্ৰাকক্ষণত অতিৰিক্ত ১০ ডিটেনচন কেম্প স্থাপনৰ পৰিকল্পনা

এন আৰ চিৰ চুৰান্ত খচৰা প্ৰকাশৰ প্ৰাকক্ষণত অতিৰিক্ত ১০ ডিটেনচন কেম্প স্থাপনৰ পৰিকল্পনা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  19 Jun 2019 8:24 AM GMT

৩১ জুলাই ২০১৯ প্ৰকাশ কৰা হব ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চুৰান্ত খচৰা । ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চুৰান্ত খচৰা প্ৰকাশৰ পূৰ্বে অসম চৰকাৰে ১০ টা অধিক ডিটেনচন কেম্প স্থাপনৰ পৰিকল্পনা কৰিছে। অসম চৰকাৰে ইতিমধ্যে এই প্ৰস্তাৱ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়লৈ প্ৰেৰণ কৰিছে ।

অসমৰ ৬৪ খন অতিৰিক্ত বিদেশী ন্যায়াধীশকৰনৰ সময় সীমা বৃদ্ধি কৰাৰ পৰিবৰ্তে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে অসমত ৪০০ খন অধিক বিদেশী ন্যায়াধীশকৰন স্থাপনৰ অনুমোদন জনাইছে ।৪০০ খন বিদেশী ন্যায়াধীশকৰনৰ সৈতে অসমত মুঠ বিদেশী ন্যায়াধীশকৰন হব ৫০০ খন । বৰ্তমান অসমত ৩৬ খন স্থায়ী বিদেশী ন্যায়াধীশকৰন আৰু ৬৪ খন অতিৰিক্ত বিদেশী ন্যায়াধীশকৰন আছে। চলিব বৰ্ষৰ ২৩ মেত এই ৬৪ খন অতিৰিক্ত বিদেশী ন্যায়াধীশকৰনৰ বৈধতা সমাপ্ত হব|

ৰাজ্যৰ ৬ টা অস্থায়ী ডিটেনচন কেম্পত ৯৩৫ গৰাকী শৰনাৰ্থী আছে। ৯৩৫ ৰ ভিতৰত ৮২৩ গৰাকীক বিদেশী বুলি ঘোষণা কৰা হৈছে আৰু ১১৫ জন সন্দেহজন বিদেশী আছে। উল্লেখযোগ্য যে এই লোকসকলৰ অধিকাংশই বাংলাদেশৰ পৰা অহা । আশ্ৰয় শিবিৰ সমুহত পুৰুষ , মহিলাৰ লগতে শিশুও আছে। ২০১৯ চনৰ ডিচেম্বৰ মাহত সম্পুৰ্ণ হব লগা পূৰ্ণাংগ ডিটেনচন কেম্পলৈ ৰাজ্যৰ ৬ টা অস্থায়ী ডিটেনচন কেম্পত থকা বিদেশী সকলক স্থানান্তৰ কৰা হব ।

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী চুৰান্ত খচৰা প্ৰকাশৰ পূৰ্বে অতিৰিক্ত ১০ ডিটেনচন কেম্প স্থাপন কৰাৰ লগতে সীমান্তৰ অসম আৰক্ষীয়ে সবিশেষ প্ৰজেক্ট ৰিপোৰ্ট প্ৰস্তুত কৰিছে । গৃহ আৰু ৰাজহ বিভাগে ইতিমধ্যে জিলা উপায়ুক্তলৈ ডিটেনচন কেম্প স্থাপনৰ বাবে উপযুক্ত ভূমিৰ বাবে আবেদন কৰিছে।

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী চুৰান্ত খচৰা প্ৰকাশৰ পাছত এন আৰ চিত প্ৰকাশ নোপোৱা লোকসকলৰ বাবে এই কেম্প সমুহ স্থাপন কৰা হব ।

উচ্চতম ন্যায়ালয়ে ৩১ জুলাইত এন আৰ চিৰ চুৰান্ত খচৰা প্ৰকাশ কৰিবলৈ দিন ধাৰ্য কৰি দিছে। ২০১৮ চনৰ ৩০ জুলাইত প্ৰকাশিত ৩.২৯ কোটি আবেদনকাৰীৰ ৪০.০৭ লাখ আবেদনকাৰীৰ নাম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সম্পূৰ্ণ খচৰাত প্ৰকাশিত হোৱা নাই। ৩,২৯,৯১,৩৮৪ আবেদনৰ ভিতৰত এন আৰ চিত ২,৮৯,৮৩,৬৭৭ লোকৰ নাম সন্নিবিষ্ট হৈছে ।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে ৰাজ্যত ৬৪ খন অতিৰিক্ত বিদেশী ন্যায়াধীশকৰন স্থাপন কৰা হয়। ১০০ খন বিদেশী ন্যায়াধীশকৰন থকাৰ পাছতো ৰাজ্যত বৰ্তমানেও প্ৰায় ২ লাখ গোচৰ মীমাংসা হোৱা নাই ।

সূত্ৰয়ে প্ৰকাশ কৰা মতে অধিক বিদেশী ন্যায়াধীশকৰন সমুহৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চুৰান্ত খচৰা প্ৰকাশ কৰাৰ পাছৰ পৰিস্থিতিৰ লগত সামঞ্জস্য ৰাখি অনুমোদন জনোৱা হৈছে। এন আৰ চি প্ৰকাশৰ পিছত সন্দেহজনক লোক সকলক বিদেশী ন্যায়াধীশকৰন চিনাক্ত কৰিব লাগিব|

অন্য খবৰৰ বাবে পঢ়ক :ডিটেনচন কেম্পত থকা বিদেশী সকলক চৰ্তসাপেক্ষে মুকলি কৰি দিবলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

Next Story
চাকৰি