মাদ্ৰাছাৰ শিক্ষকৰ কাৰণে টেট অনিবাৰ্য: গুৱাহাটী উচ্চ ন্যায়ালয়

মাদ্ৰাছাৰ শিক্ষকৰ কাৰণে টেট অনিবাৰ্য: গুৱাহাটী উচ্চ ন্যায়ালয়

গুৱাহাটী উচ্চ ন্যায়ালয়ে সোমবাৰে মাদ্ৰাছাৰ শিক্ষকৰ বাবে টে’ট বাধ্যতামূলক কৰে ৷ গতিকে সম্প্ৰতি কেৱল টে’ট উত্তীৰ্ণইহে মাদ্ৰাছাৰ শিক্ষকৰ কাৰণে আবেদন কৰিব পাৰিব ।আৰু চৰকাৰেও কেৱল টে’ট উত্তীৰ্ণকহে শিক্ষক পদত নিযুক্তি দিব পাৰিব ৷অল আছাম মাদ্ৰাছা টে’ট উত্তীৰ্ণসকলে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা ৰাজহুৱা স্বাৰ্থ জড়িত আৱেদন আৰু উক্ত বিষয় সন্দৰ্ভত ২৮ খন লেখ আৱেদন সংলগ্ন কৰি ৰজু কৰা গোচৰৰ শুনানি গ্ৰহন কৰি এই ৰায় দিয়ে কে আৰ সুৰামাৰ এজনীয়া বিছাৰপীঠে ৷

ৰাজ্যৰ প্ৰাদেশীকৃত মাদ্ৰাছাৰ ৪৭০ টা শিক্ষক পদৰ বিপৰীতে ২০১২ চনৰ ১২ ছেপ্তেম্বৰত এটি বিজ্ঞাপন প্ৰকাশ পাইছিল ৷উক্ত বিজ্ঞাপনত টে’ট বাধ্যতামূলক নাছিল ৷পৰৱৰ্তী পৰ্যায়ত ৰাজ্য চৰকাৰে ২০১২ চনৰ ১২ ছেপ্তেম্বৰত বিজ্ঞাপন বাতিল কৰাৰ এক নিৰ্দেশনা জাৰি কৰে ৷ চৰকাৰে ২০১৫ চনৰ ৩০ আগষ্টত মাদ্ৰাছাত নিযুক্তিৰ বাবে টে’ট বাধ্যতামূলক হিছাপে চৰ্ত আৰোপ কৰি নতুনকৈ বিজ্ঞাপন প্ৰকাশ কৰে ৷

উক্ত আবেদনৰ প্ৰত্যাহ্বান জনাই কিছুসংখযক প্ৰাৰ্থীয়ে লেক আৱেদন দাখিল কৰে। উক্ত লেখে আৱেদনৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ে নিযুক্তি প্ৰক্ৰিয়া বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে ৷ইফালে একাংশ টেট উত্তীৰ্ণই মাদ্ৰাছাত টে’ট উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক হোৱাটো বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰে ৰাগহুৱা স্বাৰ্থজড়িত আৱেদন।উক্ত আবেদনৰ ওপৰত চূড়ান্তভাৱে শুনানি গ্ৰহণ কৰি মাদ্ৰাচাৰ বাবে টেট বাধ্যতামূলক কৰি ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত বাহাল ৰাখি ৰায়দান কৰে৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com