Begin typing your search above and press return to search.

নতুন নিয়মৰ সন্দৰ্ভত টেট শিক্ষকসকলৰ প্ৰতিক্ৰিয়া

নতুন নিয়মৰ সন্দৰ্ভত  টেট শিক্ষকসকলৰ প্ৰতিক্ৰিয়া

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  17 Sep 2019 5:30 AM GMT

নতুন নিয়মৰ সন্দৰ্ভত টেট শিক্ষকসকলৰ প্ৰতিক্ৰিয়া ৷ ৰাজ্যত অব্যাহত আছে ঠিকা ভিত্তিক টেট শিক্ষকসকলৰ বিভিন্ন প্ৰতিক্ৰিয়া৷ইয়াৰ মাজতে ঠিকা ভিত্তিক টেট শিক্ষকসকলৰ অভিযোগ যে সৰ্বশিক্ষা অভিযানৰ আধাৰত নতুন নিয়মৰ চুক্তিৰ কিছুমান অতিৰিক্ত খণ্ড শিক্ষকসকলৰ কাৰণে উপযুক্ত নহয়। ঠিকা ভিত্তিক শিক্ষকসকলৰ অভিযোগ যে নতুন নিয়মৰ কিছুমান দিশ শিয়কসকলৰ কাৰণে উপযুক্ত নহয় আৰু শিক্ষকসকলৰ প্ৰয়োজনীয় দিশ সমূহক স্পৰ্শ নকৰে এই নতুন নিয়মে ৷

ইফালে এই সন্দৰ্ভত সদৌ অসম টেট শিক্ষা যৌথ মঞ্চই সৰ্বশিক্ষা অভিযানৰ লগত এখন বৈঠক অনুষ্ঠিত কৰে। কিন্তু বিভিন্ন প্ৰশ্নৰ পিছত সৰ্বশিক্ষাৰ প্ৰকাশ কৰে যে চুক্তিত নতুনকৈ একো সংযোজন কৰা নাই ৷ সভাপতি নিৰ্মল চন্দ্ৰ বৰুৱাই দ্য চেন্টিনেলৰ লগত মত বিনিময় কৰি কয় যে আমি ২ ছেপ্তেম্বৰত শিক্ষা মন্ত্ৰীৰ লগত এখন বৈঠক আয়োজিত কৰিছিলো ৷

সেই সময়ত শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই বহু বিষয় অনতি পলমে সমাধান কৰাৰ আশ্বাস প্ৰদান কৰিছিল। কিন্তু এতিয়াও বহু সময় পাৰ হ’ল যদিও কোনো ধৰণৰ সুফল লাভ কৰা নাই ৷ আনহাতে ৰাজ্যত বিগত বছৰ সমূহত টেট শিক্ষকসকলৰ প্ৰতিবাদ অব্যাহত আছে ৷

টেটৰ শিক্ষক সকলে অভিযোগ উত্থাপন কৰিছিল যে ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত নিৰ্বাচনী ইস্তাহাৰত চৰকাৰে ঠিকাভিত্তিক শিক্ষক সকলৰ চাকৰি নিয়মিয়া কৰাৰ কথা উল্লেখ কৰিছিল । কিন্তু তিনি বছৰ হৈ যোৱাৰ পাছতো চৰকাৰ খনে কোনো ব্যবস্থা গ্ৰহণ কৰা নাই বুলি প্ৰকাশ কৰে ।

শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই শিক্ষকক ড্ৰাইভাৰৰ লগত তুলনা কৰাক লৈ ৰাজ্যজুৰি ঠিকাভিত্তিক টেট শিক্ষকৰ প্ৰতিবাদ কৰিছিল। শিক্ষামন্ত্ৰীৰ তীৰ্যক মন্তব্যৰ বিৰুদ্ধে কৰা প্ৰতিবাদৰ ফলত অচল হৈ পৰিছিল ৰাজ্যৰ ৩৯ হাজাৰ প্ৰাথমিক বিদ্যালয়ত পাঠদান। ৪১ হাজাৰ ঠিকাভিত্তিক টেট শিক্ষকে ৰূপায়ণ কৰিছিল প্ৰতিবাদ। প্ৰতিখন জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত টেট শিক্ষকসকলে সাব্যস্ত কৰিছিল প্ৰতিবাদ।

সৰ্ব শিক্ষা মিচন অভিযান অসমৰ ৪১,০০০ টেট শিক্ষকে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰিছিল।সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ন শিক্ষক সমাজৰ চাকৰি বিনাচৰ্তে বেতন সুৰক্ষা সহ নিয়মীয়া কৰনৰ দাবীত উপাযুক্তৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্না কাৰ্যসুূচী গ্ৰহন কৰে ৷

২০১২ চনত টেটৰ প্ৰথম পৰীক্ষা অনুষ্ঠিত হৈছিল মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সময়তে । প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ত টেটৰ শিক্ষক সকলক নিযুক্তি দিয়া হৈছিল । প্ৰায় ৫২,৭৭২ প্ৰাৰ্থীয়ে টেটত উৰ্ত্তীৰ্ণ হৈছিল । সেইসময়ত বৰ্তমান স্বাস্থ্য আৰু বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা শিক্ষা মন্ত্ৰী আছিল । ২০১৫ চনত হিমন্ত বিশ্ব শৰ্মায়ে বিজেপিত যোগদান কৰে।

অধিক খবৰৰ বাবে পঢ়ক: টেট শিক্ষকসকলৰ দাবী যুক্তিসংগত আৰু ন্যায়সংগতঃ ৰঞ্জিত কুমাৰ দাস

ভিডিঅ প্ৰতক্ষ্য কৰক:Kumarpara Murder Incident: Guwahati Police announces cash award of Rs 25,000

Next Story
চাকৰি