Begin typing your search above and press return to search.

তেজপুৰত মানসিক স্বাস্থ্য দিৱস উদযাপন

তেজপুৰত মানসিক স্বাস্থ্য দিৱস উদযাপন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 Oct 2019 12:56 PM GMT

তেজপুৰত মানসিক স্বাস্থ্য দিৱস উদযাপন । যোৱা ১০ অক্টোবৰত বিশ্ব মানসিক স্বাস্থ্য দিৱস উপলক্ষত তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানতো দিনজোৰা কাৰ্যসূচীৰে এই দিৱস আয়োজন কৰা হয়। "মানসিক স্বাস্থ্যৰ উন্নতি আৰু আত্মহত্যা নিবাৰন"ক বিষয়বস্তু হিচাবে লৈ আয়োজন কৰা এই দিৱস এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত প্ৰতিষ্ঠানটোৰ সভাগৃহত অনুষ্ঠিত কৰা হয়।

উক্ত দিনা বিশ্ব মানসিক স্বাস্থ্য দিৱসৰ মুখ্য অতিথি ৰূপে উপস্থিত থকা বিশিষ্ট চিকিৎসক ডা: লক্ষ্মী গোস্বামীয়ে বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচী শুভাৰম্ভ কৰে। বন্তি প্ৰজ্বলনত উপস্থিত থাকি সহযোগিতা আগবঢ়াই শোনিতপুৰ জিলাৰ সংযুক্ত নিৰ্দেশক ডা: কৃষ্ণা কেমপ্ৰায় , তেজপুৰৰ এল জি বি আৰ আই এম এইচৰ নিৰ্দেশক ডা: এচ কে দেউৰী , আৰু আযোজকৰ সম্পাদক ( ডব্লিউ এম এইচ ডি ) ডা: বিজয় গগৈ ।

বিশ্ব মানসিক স্বাস্থ্য দিৱস উপলক্ষে অনুষ্ঠিত হোৱা সভাৰ আদৰণি বক্তব্য আগবঢ়ায় প্ৰতিষ্ঠানটোৰ প্ৰধান তথা মনোচিকিৎসক সামাজিক কাৰ্য বিভাগৰ অধ্যক্ষ ডাঃ সোনিয়া পি দেউৰীয়ে ।

এই অনুষ্ঠানটোত এখন তথ্যচিত্ৰও প্ৰদৰ্শন কৰা হয় । এই তথ্য চিত্ৰখনৰ জৰিয়তে প্ৰতিস্থানতোৰ আৰম্ভণিৰে পৰা বৰ্তমান অৱস্থালৈকে হোৱা পৰিৱৰ্তনক মনোগ্ৰাহীকৈ উপস্থাপন কৰা হয়। ইয়াৰ লগতে প্ৰতিষ্ঠানটোত বৰ্তমান উপলব্ধ মানসিক চিকিৎসাৰ অত্যাধুনিক ব্যৱস্থা সমূহৰ বিষয়েও দেখুৱা হৈছে।

আনহাতে মুখ্য অতিথি ডা: লক্ষ্মী গোস্বামীয়ে প্ৰতিষ্ঠানটোৰ পত্ৰিকা "দ্যা ব্ৰিজ" উন্মোচন কৰে । গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত মনোৰোগ বিভাগৰ অধ্যক্ষ তথা সভা খনৰ আমন্ত্ৰিত অতিথি দিপেশ ভাগৱতীয়ে প্ৰতিষ্ঠানটোৰ এটা নতুন ৱেবছাইটত‌ মুকলি কৰে।

শ্ৰী ভাগৱতীয়ে ইয়াৰ পাছতে মনোৰোগ বিষয়ে এক সাৰুৱা ভাষণ আগবঢ়ায়। তেওঁৰ ভাষণত ৰোগীৰ আত্মহননৰ প্ৰৱণতা আৰু ইয়াৰ প্ৰতিকাৰ বিষয়তো বহলাই আলোচনা আগবঢ়াই ।

অন্য খবৰৰ বাবে পঢ়ক : তেজপুৰত স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিনামূলীয়া ডাইলাছিছ আঁচনি মুকলি

ভিডিঅ প্ৰতক্ষ্য কৰক:Watch | Assam Boxer Jamuna Boro’s Mother Namali Boro speaks to media

Next Story