Begin typing your search above and press return to search.

৪০০ টা সোণৰ আঙুঠি উপহাৰ দি চৰ্চিত হৈছে দক্ষিণ ভাৰতৰ এজন অভিনেতা

৪০০ টা সোণৰ আঙুঠি উপহাৰ দি চৰ্চিত হৈছে দক্ষিণ ভাৰতৰ এজন অভিনেতা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  16 Aug 2019 9:09 AM GMT

দক্ষিণৰ ভাৰতৰ ছুপাৰষ্টাৰৰ জনসাধাৰণক সহায় কৰা কথাটো নতুন কথা নহয় ৷ সততে অনুৰাগী অথবা আৰ্তজনক সহায় কৰি বাতৰিৰ শিৰোনামা দখল কৰে দক্ষিণ ভাৰতৰ অভিনেতা সকলে। এইবাৰে এখন ছবিৰ দৃশ্য গ্ৰহণৰ স্মৃতি যুগমীয়া কৰি ৰাখিবলৈ অৱলম্বণ কৰিলে এক বিশেষ পন্থা । ছবিৰ দৃশ্য গ্ৰহণৰ লগত জড়িত লোকসকলক দিলে ৪০০ টা সোণৰ আঙুঠি ৷ আৰু এই সোণৰ আঙুঠিত খোদিত আছে বিগিল ছবিৰখনৰ নাম ৷ এই উপহাৰ দিছে দাক্ষিণাত্যৰ ছুপাৰষ্টাৰ বিজয় থালাপথিয়ে ।

উল্লেখ্য যে বিজয়ে বিগত কেইবাদিনো ধৰি ব্যস্ত আছিল "বিগিল" ছবিৰ দৃশ্য গ্ৰহণত ৷ দাক্ষিণাত্যৰ এগৰাকী জনপ্ৰিয় অভিনেতা হৈছে বিজয় থালাপথি ৷ গতিকে বিজয় থালাপথিৰ এই পদক্ষেপে হাজাৰ হাজাৰ লোকৰ হৃদয় জয় কৰিছে ৷ সচাঁকৈয়ে বিজয়ৰ এই পদক্ষেপে বিজয়ৰ মহান হৃদয়ৰ কথা অনুমান কৰিব পাৰি ৷ যিয়ে এখন ছবিত অভিনয় কৰি,সেই ছবিখনৰ কলাকুশলীক সহৃদয়তাৰে আপোন কৰি লৈ মহানতাৰে স্মৃতি যুগমীয়া কৰিছে ।

আনহাতে বিগিল ছবিৰ দৃশ্যগ্ৰহণ সমাপ্ত হয় ১৩ আগষ্টত ৷ আৰু বিগিল ছবিৰ দৃশ্যগ্ৰহণৰ শেষৰ দিনা বিজয়ে সকলো সোণৰ আঙুঠি দিয়া ভিডিঅ’টো সম্প্ৰতি সকলোকে মাজৰ বিয়পি পৰিছে আৰু সকলো অনুৰাগীয়ে বিজয়ক প্ৰশংসা কৰিছে । ইফালে বিগিল ছবিখন অনুৰাগীৰ মাজলৈ আহিব জানুৱাৰী মাহত ।

ছবিখনত বিজয় থালাপথিৰ উপৰিও আছে দাক্ষিণাত্যৰ অভিনেত্ৰী নয়নতৰা,বলীউডৰ অভিনেতা জেকী শ্ৰফ,শ্বাহৰুখ খান, কাথিৰ,বিবেক,ডেনিয়েল বালাজী,আদি বহু ন পুৰণি শিল্পী ৷ছবিখন এখন খেলৰ লগত সম্পৰ্কিত ছবি ৷বিজয় থালাপেথিয়ে এগৰাকী ফুটবলাৰৰ চৰিত্ৰত অভিনয় কৰিছে । ১৯৭৪ চনত জন্ম গ্ৰহণ কৰা বিজয়ে বহু চলচ্চিত্ৰত অভিনয় কৰিছে ৷আৰু বহু পুৰস্কাৰে পুৰস্কৃত হৈছে ৷তাৰ ভিতৰত তামিলনাডু ষ্টেট ফিল্ম এৱাৰ্ড,চিমা এৱাৰ্ড আদি উল্লেখ্য।

ইফালে নেপথ্য কণ্ঠ শিল্পী হিছাপেও বিজয় প্ৰায় ৩০ টা গীতত কণ্ঠ দান কৰিছে ৷ আনহাতে বিজয়ৰ দেউতাক এজন ছবিৰ পৰিচালক ৷যাৰ নাম এচ এ চন্দ্ৰশেখৰ ৷মাতৃ শোভা এগৰাকী কণ্ঠ শিল্পী ৷ বিজয়ৰ ভগ্নী বিদ্যা দুবছৰ বয়সতে মৃত্যু হোৱাৰ পিচত তেওঁ চৰিত্ৰত প্ৰভাৱ পৰে। বিজয় সৰু বয়সৰ অধিক সময় চেন্নাইতে অতিবাহিত কৰিছে ৷ সম্প্ৰতি বিজয় থালাপথিৰ এই পদক্ষেপে সকলোকে আনন্দিত কৰিছে।

অন্য খবৰৰ বাবে পঢ়ক:ভাৰতীয় চলচ্চিত্ৰ জগতত নিষিদ্ধ হ’ল কণ্ঠ শিল্পী মীকা সিঙঃ কিন্তু কিয়?

ভিডিঅ প্ৰতক্ষ্য কৰক:73rd Independence Day celebration from various parts of Assam

Next Story
চাকৰি