অসম বিধানসভাত "অসমৰ ভূমি আৰু ৰাজহ নিয়ন্ত্ৰণ সংশোধনি বিধেয়ক ২০১৯ " গৃহীত

অসম বিধানসভাত "অসমৰ ভূমি আৰু ৰাজহ নিয়ন্ত্ৰণ সংশোধনি বিধেয়ক ২০১৯ " গৃহীত

বৃহস্পতি বাৰে " অসমৰ ভূমি আৰু ৰাজহ নিয়ন্ত্ৰণ সংশোধনি বিধেয়ক ২০১৯ " গৃহীত হয়। এই আইন খনৰ মতে , জিলা উপায়ুক্ত আৰু উপ- বিভাগীয় বিষয়াক ঐতিহাসিক ১০০ বছৰ পুৰণি সত্ৰ আৰু আন ধৰ্মীয় অনুস্থান সমূহ বেদখল মুক্ত কৰিবলৈ সম্পুৰ্ণ দায়িত্ব দিয়া হব । এই বিল খন ২৯ জুলাইত অসম বিধানসভাৰ মজিয়াত উত্থাপন কৰা হৈছিল ।

সোমবাৰে অসম বিধানসভাত চৰকাৰে উত্থাপন কৰে সত্ৰৰ ভূমি বেদখল মুক্ত কৰা বিধেয়ক । সত্ৰৰ ভূমি আৰু আন ধৰ্মীয় অনুস্থান সমূহ বেদখল মুক্ত কৰিবলৈ বিধেয়ক উত্থাপন কৰে চৰকাৰে । ৰাজ্যিক ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী ভৱেশ কলিতাই ” অসমৰ ভূমি আৰু ৰাজহ নিয়ন্ত্ৰণ (সংশোধনি) আইন ২০১৯ (The Assam Land and Revenue Regulation) বিধেয়ক খন উত্থাপন কৰে ।

অসমত এশৰো অধিক বৰ্ষ গৰকা ঐতিহ্যমণ্ডিত ধৰ্মীয় অনুস্থান আছে। প্ৰকাশ কৰা তথ্য মতে , এই ধৰ্মীয় অনুস্থান আৰু সত্ৰৰ ভূমি সমূহ বেদখল কৰি আছে বহুতো লোকে আৰু এই ভূমি সমূহ বেদখল মুক্ত কৰিবলৈ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে । সেয়েহে চৰকাৰে এই ঐতিহাসিক স্থান সুৰক্ষা কৰিবলৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ।

বিধেয়ক খন গৃহীত হোৱাৰ পাছত জিলা উপায়ুক্ত আৰু অসামৰিক উপ-বিভাগীয় বিষয়াক বেদখল মুক্ত কৰিবলৈ সম্পুৰ্ণ দায়িত্ব দিয়া হব । সত্ৰ তথা ধৰ্মীয় অনুস্থান সমূহৰ বেদখল মুক্ত কৰিবলৈ এই বিধেয়ক খন অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে ।

ৰাজ্যিক ৰাজহ বিভাগে ” ১৮৮৬ চনৰ অসম ভূমি আৰু ৰাজহ নিয়ন্ত্ৰণ ” আইন খন সংশোধন কৰি ” অসম ভূমি আৰু ৰাজহ নিয়ন্ত্ৰণ সংশোধনি আইন-২০১৯ ” প্ৰস্তুত কৰিছিল । প্ৰকৃত নিয়ন্ত্ৰণৰ আইনত ধৰ্মীয় অনুস্থান অথবা সত্ৰ সমূহত বেদখল মুক্ত কৰিবলৈ কোনো বিভাগকে দায়িত্ব দিয়া হোৱা নাছিল ।

যদি বিধান সভাত আইন খন ৰূপায়ণ হয় , তেতিয়া এই প্ৰস্তাৱে বেদখল মুক্ত কৰিবলৈ কৰাবলৈ জিলা উপায়ুক্তক দায়িত্ব দিয়া হব । ৰাজহ বিভাগ এজন বিষয়ায়ে প্ৰকাশ কৰে যে, এই আইন খনে শতিকা পুৰণি সকলো ধৰ্মীয় অনুস্থান আৰু সত্ৰ সমূহক সামৰি লব । নতুনকৈ স্থাপন হোৱা ধৰ্মীয় অনুস্থান আৰু আন সংস্থা সমূহৰ ক্ষেত্ৰত এই আইন প্ৰযোজ্য নহয় ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com