২০২৪ ৰ ভিতৰত ভাৰতৰ অৰ্থনীতি ৫ ত্ৰিলিয়ন ডলাৰলৈ উন্নীত কৰাৰ লক্ষ্য

২০২৪ ৰ ভিতৰত ভাৰতৰ অৰ্থনীতি ৫ ত্ৰিলিয়ন ডলাৰলৈ উন্নীত কৰাৰ লক্ষ্য

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শনিবাৰে মন্তব্য কৰে যে ভাৰতৰ অৰ্থনীতি পাঁচ ত্ৰিলিয়ন ডলাৰ কৰাৰ লক্ষ্য প্ৰত্যাহ্বানপূৰ্ণ,কিন্তু অসম্ভৱ নহয় । গতিকে ৰাজ্য চৰকাৰে জিডিপি বৃদ্ধিৰ লক্ষ্য জিলা পৰ্যায়ৰ পৰা আৰম্ভ কৰিব লাগিব ৷ শনিবাৰে ৰাষ্ট্ৰপতি ভৱনত আয়োজন কৰা নিটি আয়োগৰ পঞ্চমখন পৰিচালনা বৈঠকৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০২৪ চনৰ ভিতৰত ভাৰতৰ অৰ্থনীতি ৫ ত্ৰিলিয়ন ডলাৰলৈ উন্নীত কৰাৰ লক্ষ্য সম্পৰ্কে উল্লেখ কৰে ৷

ৰাজ্যসমূহে নিজৰ দক্ষতাক চিনাক্ত কৰি জিলা স্তৰত জীডিপি বৃদ্ধি কৰিবলৈ কাম কৰিব লাগে ৷লগতে ৰাজ্যৰ ৰপ্তানি সম্পৰ্কে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে অৰ্থনৈতিক বিকাশৰ বাবে ৰাজ্যসমূহে ৰপ্তানিৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিব৷ ৰপ্তানিযোগ্য উৎপাদন বৃদ্ধিৰ বাবে ৰাজ্য চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব লাগিব ৷ ইফালে ৰাজ্যৰ দীৰ্ঘম্যাদী আৰু অল্পম্যাদী লক্ষ্যসমূহ প্ৰাপ্ত কৰাৰ কাৰণে সামুহিক সিদ্ধান্ত ল’বলৈ আহ্বান কৰে ৷

অন্যহাতে ২০২৫ চনৰ ভিতৰত যক্ষ্মা ৰোগ নিৰ্মূল কৰাৰ লক্ষ্যৰে নাগৰিকৰ স্বাস্থ্য বীমা সুনিশ্চিত কৰাৰ ওপৰত গুৰুত্ব কৰাৰ কথা ঘোষণা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ ইফালে পানী সংৰক্ষণ আৰু জল ব্যৱস্থাপনাৰ ওপৰত গুৰত্ব দিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনায় ৷ ইফালে, অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী জগনমোহন ৰেড্ডী, বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু ওড়িয়াৰ শাসনাধিষ্ঠ বিজু জনতা দলৰ প্ৰতিনিধিসকলে নিজৰ ৰাজ্যৰ বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰদানৰ কাৰণে দাবী উত্থাপন কৰে নিটি আয়োগক ৷

উল্লেখ্য যে নিটি আয়োগৰ এই বৈঠকত জম্মু কাশ্মৰীৰ ৰাজ্যপাল,মুখ্যমন্ত্ৰীসকল,তথা অন্যান্য ৰাজ্যৰ প্ৰতিনিধিসকল উপস্থিত আছিল ৷উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ছেপ্তেম্বৰৰ আৰম্ভনিতে ইষ্টাৰ্ণ ইক’ন’মিক ফ’ৰামৰ বৈঠকত মুখ্য অতিথি ৰুপে উপস্থিত থাকিব ৷ আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমীৰ পুটিনৰ সৈতে ভাৰত ৰুছ দ্বি পাক্ষিক শিখৰ সন্মিলনত বিভিন্ন বিষয় চৰ্চা কৰিব ৷

প্ৰধানমন্ত্ৰী মোডীয়ে বৃহস্পতিবাৰে শিখৰ সন্মিলনৰ সময়ত ৰাষ্ট্ৰপতি পুতিনৰ লগত দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত কৰে আৰু দুয়োজন নেতাই কয় যে বিশ্বাসৰ ওপৰত আধাৰিত পুৰণি সম্পৰ্কক শক্তিশালী কৰাটো প্ৰয়োজনীয় ।ইফালে সাংবাদিকৰ লগত হোৱা মত বিনিময়ত বিদেশ সচিব বিজয় গোখলেই কয় যে দুয়োজন নেতাৰ সাক্ষাতে অদূৰ ভৱিষ্যতে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব ৷

লগতে কয় যে দুয়োটা পক্ষৰ মাজত বৰ্তি থকা বিশ্বাসে এটা পুৰণি সম্বন্ধক শক্তিশালী কৰিব ৷ গতিকে এই সম্পৰ্কক অনাগত দিনৰ কাৰণে শক্তিশালী ৰূপত বৰ্তাই ৰাখিবৰ কাৰণে আৰু বিকশিত কৰিবৰ কাৰণে প্ৰয়োজনীয়া ব্যৱস্থা গ্ৰহণ কৰা প্ৰয়োজন । ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে ৰাষ্ট্ৰপতি পুতিনে ইষ্টটাৰ্ন ইক’ন’মিক ফ’ৰামত মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰিবলৈ নিমন্ত্ৰণ কৰিছে ৷আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পুতিনৰ এই নিমন্ত্ৰণক সাদৰেৰে গ্ৰহণ কৰিছে ৷ আৰু এই যাত্ৰা হ’ব দ্বি পাক্ষিক৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com