অম্বুবাছী মেলাত কিন্নৰ সকলৰ সমাহাৰ

শক্তি পীঠ কামাখ্যা দেৱালয়ৰ অম্বুবাছী মেলাত সম্প্ৰতি কিন্নৰসকলৰ এটি গোটে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ৷ আৰু জনসাধাৰণৰ মাজত কিন্নৰ তথা তৃতীয় লিংগৰ সম্পৰ্কত এক নতুন দৃষ্টিভংগী কঢ়িয়াই আনিছে ৷ কিন্নৰসকলৰ মাজত বহু শিক্ষিত কিন্নৰৰ মাজত মেকানিকেল ইঞ্জিনিয়াৰিঙৰ দৰে এগৰাকী কিন্নৰো আছে ৷ যিয়ে নিজৰ নিযুক্তিৰ ক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷
প্ৰচল সিং নামৰ ২৭ বছৰীয়া কিন্নৰ গৰাকীয়ে মুম্বাইৰ দিলকপ মহাবিদ্যালয়ৰ পৰা ইঞ্জিনিয়াৰিঙত স্নাতক হৈছে ৷ দ্য চেন্টিনেলৰ লগত মত বিনিময় কৰি প্ৰচাল সিঙে কয় যে এজন পুৰুষৰ বেশত বিদ্যালয়লৈ গৈছিল তেওঁ ৷ কিন্তু এতিয়া সন্নাসীৰ ৰপেৰে পৰিচিত । প্ৰচাল সিঙৰ মন্তব্য অনুসৰি তেওঁ চাকৰি কৰিব বিচাৰে যদিও সমাজে মোক বাধা দিয়ে ৷ ভাল পৰিবেশত ব্যক্তিগত ভাৱে হলেও চাকৰি কৰিবলৈ উৎসুক বুলি কয় প্ৰচল সিঙে।
ইফালে মা ভবানী নাথ নামৰ এগৰাকী কিন্নৰে কয় যে আমাৰো এটা পৰিয়াল আছে ৷ যদিও আমাৰ দৰে লোকসকলক এঘৰীয়া কৰি দিয়া হয় ৷ কিছুমানে ১৩ বছৰৰ পিছতহে নিজৰ পৰিচয় লাভ কৰে ৷ যেতিয়া তেওঁলোকৰ শাৰীৰিক পৰিৱৰ্তন হয়। আমি সন্তান জন্ম দিব নোৱাৰোঁ,চাকৰি অথবা বিবাহ পাশত আৱদ্ধ হব নোৱাৰে গতিকে আমাক সমাজৰ পৰা বহিস্কাৰ কৰা হয় ৷
লগতে মা ভবানী মন্তব্য অনুসৰি তৃতীয় লিংগ অথবা কিন্নৰসকলৰ কাৰণে সমাজত সমান স্থান পাব লাগে ৷ অন্যান্য সকলৰ দৰে বিদ্যালয়,মহাবিদ্যালয় সমূহতো তেওঁলোকে শিক্ষা লাভ কৰিবলৈ পাব লাগে ৷মা ভৱানীয়ে চৰকাৰৰ প্ৰতি অনুৰোধ জনাই কয় ‘শিক্ষা ব্যৱস্থাত পুৰুষ-মহিলাৰ দৰে তৃতীয় লিংগৰ ভাগটোও ৰাখিব লাগে, যাতে পৰীক্ষাৰ ফলাফলৰ পাছত লাভ কৰা প্ৰমাণ-পত্ৰত তেওঁৰ লিংগ তৃতীয় লিংগ হিচাপে আহে।উল্লেখ্য যে এইবাৰ অম্বুবাছী মেলাত প্ৰায় ৫০ জন কিন্নৰ উপস্থিত হৈছে ৷
যদি চাকৰিৰ বাবে এওঁক পঠাও তেতিয়া পুৰুষ হিচাপে চাকৰি দিব নেকি? এওঁটো পুৰুষ নহয়। মা ভৱানীয়ে কিন্নৰ সমাজৰ দুৰ্দশাৰ বিষয়ে তেওঁ উল্লেখ কৰে ৷ আৰু কিন্নৰ সকলক সমাজে কৰা উপেক্ষা সন্দৰ্ভতো মন্তব্য কৰে ৷উল্লেখ্য যে, মা-ভৱানীয়ে আম আদমী পাৰ্টীৰ হৈ ৫২ নং এলাহবাদ সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াইছিল যদিও তেওঁ জয়ী হ’ব পৰা নাছিল। অম্বুবাছী মেলাৰ উপলক্ষে ২১ জুনৰ পৰা ২৫ জুনলৈকে নিৰ্জলা ব্ৰতত থাকি যাগযজ্ঞ কৰি আছে। বৰ্তমান ৫০ ৰো অধিক কিন্নৰ ‘কিন্নৰ আখড়া’ত আছে বুলিও মা ভবানীয়ে জানিবলৈ দিয়ে ৷
অধিক খবৰৰ বাবে পঢ়ক: অম্বুবাছী মেলাৰ কাৰণে সাজু প্ৰশাসন: নিয়োজিত ১২০ জন স্থায়ী সুৰক্ষা কৰ্মী