Begin typing your search above and press return to search.

প্ৰয়োজনীয় কৰ্মচাৰীৰ অভাৱ কৃষি বিভাগত: বহু আচঁনি এতিয়াও আধৰুৱা

প্ৰয়োজনীয় কৰ্মচাৰীৰ অভাৱ কৃষি বিভাগত: বহু আচঁনি এতিয়াও আধৰুৱা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  24 Jun 2019 7:21 AM GMT

ৰাজ্যৰ কৃষি বিভাগত সম্প্ৰতি বিভিন্ন ধৰণৰ সমস্যাই দেখা দিছে ৷ বিভাগটোত বিভিন্ন সমস্যাৰ ভিতৰত অন্যতম হৈছে বিভাগটোত কৰ্মৰত কৰ্মচাৰীৰ সংখ্যা অতি সীমিত ৷ বিভাগটোৰ এজন বিষয়ায়ে তিনি চাৰিখন আঁচনি চাব লগা হোৱাৰ কাৰণে যথেষ্ট অসুবিধাৰ সন্মুখীন হয় বিষয়া কৰ্মচাৰীসকল। গতিকে যিকোনো আঁচনি বাস্তৱত ৰূপায়িত হোৱা গতি অত্যন্ত সীমিত হৈ পৰে ।

কৃষি বিভাগত কৰ্মচাৰী অথবা বিষয়ববীয়াৰ সংখ্যা সীমিত হোৱাটো নতুন কথা নহয় । বিভাগটোৰ ওচৰত বহু পদ খালী হৈ আছে ৷ তাৰ ভিতৰত ১৬ টা পদৰ ভিতৰত ১১ টা সংযুক্ত নিৰ্দেশক পদ,৫৩ টা উপ নিৰ্দেশক পদৰ ভিতৰত ১৮ টা পদ,১০৩ টা সহকাৰী নিৰ্দেশকৰ পদৰ ভিতৰত ১৩ টা,১৬৫ টা উপ বিভাগীয় কৃষি বিভাগৰ পদৰ ভিতৰত ৯০ টা,১৩৮ টা জেষ্ঠ্য কৃষি বিষয়াৰ পদৰ ভিতৰত ১৩ টা,৪৪৯ টা এগ্ৰিকালচাৰ ডেভেলপমেন্ট বিষয়াৰ ১৩০ টা পদৰ লগতে অন্যান্য বহু পদ খালী হৈ আছে ৷

ইয়াৰোপৰি বিভাগটোত পৃথক পৃথক নিৰ্দেশকৰ পদ খালী আছে ৷ ইফালে কৃষি বিভাগত এজন আই এ এছ বিষয়া থাকে ৷ সম্প্ৰতি বেছিভাগ কৰ্মচাৰী সম্প্ৰতি ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কামত নিয়োজিত হৈ আছে ।এক বিশেষ সূত্ৰৰ মত অনুসৰি বেছিভাগ বিষয়াই নিজৰ যাৱতীয় কাম কাজৰ মাজতে আঁচনিসমূহক বাস্তৱত ৰূপ দিয়াত সক্ষম নহয় ৷

অন্যহাতে বিশ্বনাথ জিলাত সম্প্ৰতি কোনো কৃষি বিষয়া নাই ৷ মাজুলী,হাইলাকান্দি জিলাত কেৱল মাত্ৰ এজনকৈহে কৃষিৰ বিষয়া আছে ৷ উল্লেখ্য যে বিভাগীয় কৰ্তৃপক্ষৰ মতে খালী হৈ থকা পদসমূহ পূৰণ কৰিবলৈ বহু সমস্যা আছে। বিভাগীয় মন্ত্ৰী বিষয়া সহিতে কৃষিৰ বিভিন্ন বিষয় সন্দৰ্ভত এক সমীক্ষা কৰে। আৰু বিভাগৰ বিষয়াসকলে মন্ত্ৰীক বিভাগৰ বিভিন্ন সমস্যাৰ বিষয়ে অৱগত কৰে ।

ৰাজ্যিক গৃহ আৰু ৰাজনীতি বিভাগে অসমৰ থলুৱা লোকসকলৰ “ভূমি নীতি ২০১৯ ” পৰ্যালোচনা কৰিছে । গৃহ বিভাগে পৰ্যালোচনা কৰি ৰাজ্যিক ৰাজহ বিভাগক প্ৰথমতে থলুৱা লোকসকলৰ সংজ্ঞা বিচাৰিছে । লগতে ৰাজহ বিভাগক জনাই যে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ভিত্তিত থলুৱা সকলৰ সংজ্ঞা দিবলৈ প্ৰকাশ কৰে।

“অসম ভূমি ৰাজহ নিয়ন্ত্ৰণ আইন ১৮৮৯ ” নীতিত এই নীতি সংযোজন কৰাৰ গুৰুত্ব সহকাৰে লৈছে । ৰাজ্যিক ৰাজহ বিভাগে ইতিমধ্যে ‘অসম ভূমি নীতি ২০১৯’ খচৰা প্ৰস্তুত কৰিছে আৰু ৰাজ্যিক চৰকাৰৰ ১১ টা বিভাগলৈ পঠিওৱা হয় । এই ১১ টা বিভাগৰ পৰা এই নতুন ভূমি নীতি অন্তৰ্ভুক্ত কৰা অথবা ক্ৰুটি আছে নেকিৰ সন্দৰ্ভত মতামত বিচাৰে।ব্যক্তিগত, কৃষি, বন , অৰ্থ , উদ্যোগ , গুৱাহাটী উন্নয়ন আৰু গ্ৰামোন্নয়ন বিভাগলৈ মতামতৰ বাবে প্ৰেৰণ কৰা হৈছে । যদি কোনো বিভাগে খচৰা খনৰ সন্দৰ্ভত সময় সীমাৰ ভিতৰত মতামত নিদিয়ে তেতিয়া সন্মতি থকা বুলি ধৰি লোৱা হব |

অধিক খবৰৰ বাবে পঢ়ক: ৰাজ্যত কৃষি ব্যৱস্থাৰ অগ্ৰগতিত প্ৰতিক্ৰিয়া কৃষকসকলৰ

Next Story
চাকৰি