Begin typing your search above and press return to search.

ছত্তীশগড় লোকসেৱা আয়োগৰ পৰীক্ষাত শীৰ্ষস্থান দখল কৰিলে দম্পতীয়েঃচৰ্চিত সৰ্বত্ৰে

ছত্তীশগড় লোকসেৱা আয়োগৰ পৰীক্ষাত শীৰ্ষস্থান দখল কৰিলে দম্পতীয়েঃচৰ্চিত সৰ্বত্ৰে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  28 July 2019 11:13 AM GMT

ছত্তীশগড় লোকসেৱা আয়োগৰ পৰীক্ষাত শীৰ্ষস্থান দখল কৰিলে দম্পতীয়ে ৷ একাগ্ৰতা আৰু ধৈৰ্য্যৰে জীৱনত যিকোনো কাম কৰিবলৈ আগবাঢ়িলে সফলতা লাভ কৰিব পাৰি ৷ তাকেই প্ৰতিপন্ন কৰিলে ছত্তীশগড়ৰৰ বিবাহিত দম্পতীয়ে ৷ এই দম্পতী যেন সমাজৰ বহুতৰ কাৰণে উৎকৃষ্ট উদাহৰণ ৷ তেওঁলোক যেন প্ৰমাণিত কৰিলে যে, একতাই জীৱনত সফলতা অনাত সহায় কৰে ৷

জীৱনত সফলতা লাভ কৰিবলৈ প্ৰয়োজন হোৱা একাগ্ৰতা আৰু দৃঢ় সংকল্পই ছত্তীশগড় লোকসেৱা আয়োগৰ পৰীক্ষাত সফলতা লাভ কৰিবলৈ সক্ষম হয় এই দম্পতী ৷ আৰু ছত্তীশগড় লোকসেৱা আয়োগৰ পৰীক্ষাত সফলতা লাভ কৰিবলৈ সক্ষম হোৱা দম্পত্তী হৈছে অনুভৱ সিং আৰু তেওঁৰ পত্নী বিভা সিং ৷

লোকসেৱা আয়োগৰ পৰীক্ষাত তেওঁলোকে ক্ৰমে প্ৰথম আৰু দ্বিতীয় স্থান লাভ কৰিছে ৷ যেতিয়া পতি-পত্নী দুয়োজনেই এই সাফল্যৰ বিষয়ে শুনিছিল তেতিয়া যেন তেওঁলোকৰ সুখৰ কোনো সীমা নাছিল ৷ সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰি অনুভৱ সিঙে কয় যে মই কিমান সুখী সেয়া বৰ্ণনা কৰিব নোৱাৰিম ৷মই বিগত দিনৰ পৰা আজি পৰ্যন্ত এই দিনটোলৈকে বাট চাই আছিলো ।

বিগত দিনত লাভ কৰা অসফলতাৰ পিছত মোৰ এতিয়াও বিশ্বাস হোৱা নাই যে মই লোকসেৱা আয়োগৰ পৰীক্ষা সুখ্যাতিৰে উত্তীৰ্ণ হৈছো ৷ উল্লেখ্য যে বিবাহিত দম্পতীহালে বিগত ১১ বছৰৰ পৰা এই পৰীক্ষাৰ প্ৰস্ততি কৰি আছে ৷তেওঁলোকে ২০০৮ চনত এটি শৈক্ষিক এটি গ্ৰুপত মিলিত হৈছিল ৷ লগতে পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ বীভা সিঙে কয় যে মই জানিছিলো যে আমি এটি ভাল ফলাফল কৰিম কিন্তু এনেদৰে শীৰ্ষস্থানত থাকিম বুলি ভবা নাছিলো ৷

আনহাতে বিভা সিঙে বিগত সাত বছৰৰ পৰা পঞ্চায়ত আৰু গ্ৰামীণ বিভাগত সহায়ক কৰ্মচাৰী হিছাপে কাম কৰি আছে ৷ লোকসেৱা আয়োগৰ পৰীক্ষাত অনুভৱ সিঙে লাভ কৰে ৩০০ ৰ ভিতৰত ২৭৮ আৰু বিভা সিঙে লাভ কৰে২৬৮ ৷ সম্প্ৰতি দুয়োগৰাকীৰ সাফল্যত সকলোৱে সন্তুষ্টি লাভ কৰিছে ৷

অধিক খবৰৰ বাবে পঢ়ক : বান বিধস্ত ৰাজ্য: অসমলৈ ৫ কোটিৰ বান সাহাৰ্য্য উত্তৰাখণ্ড চৰকাৰৰ

Next Story
চাকৰি