চোৰৰ উপদ্ৰৱ: পশ্চিম বংগত চোৰে টকাৰ সলনি চুৰি কৰিলে পিয়াজ

চোৰৰ উপদ্ৰৱ: পশ্চিম বংগত চোৰে টকাৰ সলনি চুৰি কৰিলে পিয়াজ

চোৰৰ উপদ্ৰৱ:পশ্চিম বংগত চোৰে টকাৰ সলনি চুৰি কৰিলে পিয়াজ । পিয়াজৰ দাম দিনক দিনে বৃদ্ধি হৈ‌ আহিছে । পশ্চিম বংগত পিয়াজৰ প্ৰতি মূল্যত দিম ১০০ টকা । দাম বঢ়াৰ ফলত পিয়াজ কিনাতো মধ্যবিত্ত মানুহৰ বাবে অতি কঠিন হৈ পৰিছে ।‌

পশ্চিম বংগৰ এটা ঘটনা পোহৰলৈ আহিছে যে য'ত এখন দোকানৰ পৰা পিয়াজ চুৰি হৈছে কিন্তু চোৰে দোকানত থকা পইচাত হাত দিয়া নাই । জানিব পৰা মতে এই ঘটনা সংঘটিত হয় মঙ্গলবাৰে পশ্চিম বংগৰ পূৱ মিদানপূৰৰ সূতাহাতত ।

চুৰি হোৱা দোকান খনৰ মালিক অক্ষয় দাসৰ মতে যেতিয়া তেওঁ মঙ্গলবাৰে নিজৰ দোকান খুলি দেখে যে দোকানৰ বস্তুবোৰ য'ত ততে সিচৰিত হৈ আছে । লগে লগে তেওঁ গম পাইছিল যে দোকানত ৰাতি চুৰি হৈছে । তাৰ পিছত দেখে যে দোকানত থকা পইচা খিনি ঠিকেই আছে কেৱল দোকানৰ পিয়াজ খিনি নোহোৱা হৈ আছে ।

অক্ষয়ে গম পাইছিল যে দোকানত কেৱল পিয়াজ চুৰি কৰিবলৈহে আহিছিল । তেওঁ জানিব দিয়ে যে তেওঁৰ দোকানৰ পৰি চোৰে‌ প্ৰায় ৫০,০০০ টকাৰ পিয়াজ আৰু আদা নহৰু ও চুৰি কৰে ।

দেশত পিয়াজৰ দাম ৮০ টকাৰ পৰা ১০০ টকা হৈছে । তদুপৰি দেশৰ বিভিন্ন প্ৰান্তত পিয়াজৰ দামক লৈ বিৰোধ প্ৰদৰ্শন কৰি আহিছে । বহু স্থানত পিয়াজৰ মালা পিন্ধিও বিৰোধ প্ৰদৰ্শন কৰি আহিছে ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com