Begin typing your search above and press return to search.

ভাৰত ছেমিফাইনেলত প্ৰবেশ কৰাৰ পিছত বিৰাট কোহলিক আৰ্শীবাদ ৮৭ বছৰীয়া এগৰাকী আইতাৰ

ভাৰত ছেমিফাইনেলত প্ৰবেশ কৰাৰ পিছত বিৰাট কোহলিক আৰ্শীবাদ ৮৭ বছৰীয়া এগৰাকী আইতাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 July 2019 10:46 AM GMT

মংগলবাৰে ভাৰত-বাংলাদেশৰ ক্ৰিকেটৰ মহাৰণ বিশ্বকাপ খেলাত ভাৰত জয় হৈ ছেমিফাইনেলত প্ৰবেশ কৰে। ভাৰত-বাংলাদেশৰ খেলত ভাৰত জয় হৈ ছেমিফাইনেলত প্ৰবেশ কৰাৰ লগতে এই খেল খন আন এক কাৰনত বিশেষ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে । ভাৰত ছেমিফাইনেলত প্ৰবেশ কৰাৰ পাছতে ৮৭ বছৰীয়া এগৰাকী বৃদ্ধায়ে বিৰাট কোহলিক চুম্বন দি ছেমিফাইনেলৰ বাবে আৰ্শীবাদ কৰে।

৮৭ বছৰীয়া মহিলা গৰাকীৰ নাম হৈছে চাৰুলতা পাটেল । মংগলবাৰে অনুষ্ঠিত খেল খন এই বৃদ্ধা গৰাকীৰ উৎসাহে সকলোকে আপ্লুত কৰিছে।বৃদ্ধাগৰাকীৰ ক্ৰিকেটক লৈ উৎসাহে ভাৰতসহ বিশ্বৰ অসংখ্য ক্ৰিকেট অনুৰাগীৰ মন জয় কৰিছে। ৮৭বছৰীয়া চাৰুলতা পেটেলৰ এই উত্‍সাহত মুগ্ধ সমগ্ৰ বিশ্ব। ষ্টেডিয়ামত কোহলীবাহিনীৰ সমৰ্থন, আনন্দৰ নৃত্য, পেঁপা বজোৱা এই ৮৭ বছৰীয়া মহিলাগৰাকীৰ তৰুণ মনৰ প্ৰশংসাত পঞ্চমুখ সকলো।

মঙলবাৰে অনুষ্ঠিত হৈছিল ভাৰত-বাংলাদেশৰ মাজত ৰোমাঞ্চকৰ মেচ। মেচখনত ভাৰতে জয়লাভ কৰাৰ লগতে বিশ্বকাপৰ ছেমি ফাইনেল লৈও যোগ্যতা অৰ্জন কৰিলে। তাৰ সমান্তৰাল ভাবে এতিয়া চৰ্চালৈ আহিছে এগৰাকী ৮৭ বছৰ বয়সৰ মহিলাৰ প্ৰসংগ।ভাৰত-বাংলাদেশৰ মঙলবাৰৰ মেচত দৰ্শকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিল বৃদ্ধা মহিলাগৰাকী। আইতাৰ মনোৱল দেখি খেল শেষ হোৱাৰ পিছত অধিনায়ক বিৰাট কোহলী, ৰোহিত শৰ্মাকে আদি কৰি কেইবাগৰাকীও ভাৰতীয় খেলুৱৈয়ে সাক্ষাৎ কৰি মত বিনিময় কৰাৰ লগতে বৃ্দ্ধাগৰাকীৰ লগত কটোৱা সময় কেমেৰাত ধৰি ৰাখি খেলুৱৈসকলে আপলোড কৰে নিজৰ নিজৰ ছচিয়েল চাইটত।

বৃদ্ধাগৰাকীক আলিংগন কৰে প্ৰতিগৰাকী খেলুৱৈয়ে, সেইদৰে মহিলাগৰাকীয়েও খেলুৱৈসকলক শুভেচ্ছা জনাই বিৰাট কোহলী আৰু ৰোহিত শৰ্মাৰ মূৰত হাত থৈ আশীৰ্বাদ দিয়াৰ লগতে গালত আঁকি দিয়ে চুমা। খেলৰ অন্তত মহিলাগৰাকীৰ লগত বিৰাট কোহলী আৰু ৰোহিত শৰ্মাৰ যি পুত্ৰ সুলভ আচৰণ, সেয়া ভাইৰেল হৈ পৰে ছচিয়েল মিডিয়াত। এইবাৰৰ বিশ্বকাপতো ভাৰতীয় দল জয়ী হ’ব বুলি আত্মবিশ্বাসী তেওঁ।চাৰুলতায়ে প্ৰকাশ কৰা মতে, তেওঁ ১৯৭৫ চনৰ পৰা ইংলেণ্ড বাস কৰি আহিছে । পূৰ্বতে তেওঁ আফ্ৰিকাত বসবাস কৰিছিল । কিন্তু তেওঁ কোনো দিন ভাৰতৰ ক্ৰিকেট টিমক সাক্ষাৎ কৰিবলৈ সক্ষম হোৱা নাছিল । কিন্তু তেওঁ সদায় টিভিত ভাৰতৰ ক্ৰিকেট খেল প্ৰতক্ষ্য কৰিছিল । এইবাৰ বৃদ্ধা গৰাকীয়ে প্ৰিয় ক্ৰিকেট টিমক সাক্ষাৎ কৰিবলৈ সুবিধা লাভ কৰে।

অধিক খবৰৰ বাবে পঢ়ক:ভাৰতীয় ক্ৰিকেটৰ দলৰ পোচাকত বলীউডৰ ছুপাৰ হিৰো টেইমূৰ আলী খান:চৰ্চিত সৰ্বত্ৰে

Next Story
চাকৰি