আছুৰ সত্যাগ্ৰহ কাৰ্যসূচীৰ দ্বিতীয় দিনা খনো হেজাৰ প্ৰতিবাদ কাৰীৰ অংশগ্ৰহণ

আছুৰ সত্যাগ্ৰহ কাৰ্যসূচীৰ দ্বিতীয় দিনা খনো হেজাৰ প্ৰতিবাদ কাৰীৰ অংশগ্ৰহণ

আছুৰ সত্যাগ্ৰহ কাৰ্যসূচীৰ দ্বিতীয় দিনা খনো হেজাৰ প্ৰতিবাদ কাৰীৰ অংশগ্ৰহণ । সোমবাৰৰ পৰাই আছু সহ ৩০ জনগোষ্ঠীয় সংগঠনে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সত্যাগ্ৰহ কাৰ্যসূচীৰ আয়োজন কৰে । প্ৰথম দিনা খনৰ দৰে সত্যাগ্ৰহৰ দ্বিতীয় দিনা খনো এই বিৰোধ কাৰ্যসূচীত হেজাৰ হেজাৰ প্ৰতিবাদ কাৰীয়ে অংশগ্ৰহণ কৰে। তাৰ মাজতেই আছুৰ নেতা , অভিনেতা অভিনেত্ৰী সহ আন বহুতো ‌প্ৰতিবাদকাৰীত দীঘলীপুখুৰী অৱস্থিত অস্থায়ী কাৰাগাৰত আটক কৰে । হেজাৰ হেজাৰ প্ৰতিবাদ কাৰীয়ে প্ৰতিবাদ কাৰ্যসূচী উত্তাল মুখৰ কৰি তোলে । প্ৰতিবাদ কাৰী সকলে " হয় কা বাতিল কৰক নহলে আমাক গ্ৰেপ্তাৰ কৰক " শ্ল'গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে।

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ বহু দীঘলীয়া চলিব । কিয়নো অসমৰ জনসাধাৰণ নাগৰিকত্ব সংশোধনী আইন‌ বাতিলৰ দাবীত ওলাই আহিছে। চৰকাৰৰ প্ৰতি ক্ষোভ প্ৰকাশ কৰি প্ৰতিবাদ কাৰী সকলে কয় যে অসমৰ জনসাধাৰণে কোনো কাৰণতে নাগৰিকত্ব সংশোধনী আইন মানি নলয়। মহাত্মা গান্ধীৰ আদৰ্শ অনুসৰণ কৰি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আন্দোলন অতি শান্তিপূৰ্ণ আৰু গনতান্ত্ৰিক ভাৱে চলাই যাব বুলি কয় প্ৰতিবাদ কাৰী সকলে ।

সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই প্ৰতিবাদ কাৰী সকলক শান্তি পূৰ্ণ ভাৱে প্ৰতিবাদ সাব্যস্ত কৰাৰ আহ্বান কৰি কয় যে অহিংসা আৰু শান্তিপূৰ্ণ ভাৱে প্ৰতিবাদ কৰা জনসাধাৰণৰ শক্তি । আমাৰ প্ৰতিবাদ অব্যাহত থাকিব বুলি কয় মুখ্য উপদেষ্টা গৰাকীয়ে।‌ লগতে যি সকল লোকে অসমৰ জনসাধাৰণক দমাব চেষ্টা কৰিছে সেই সকল লোকক সকীয়নি দি মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই কয় যে অসমৰ জনসাধাৰণৰ ক্ষোভ আৰু হিংসাত্মক ৰূপ লব পাৰে। এয়া ভাল হ'ব যে তেওঁলোকে যাতে অসমৰ জনসাধাৰণক দমাব চেষ্টা নকৰে । লগতে কয় যে গুপ্তঘাতকৰ দল সৃষ্টি কৰাৰ পৰিকল্পনা কৰিছে । সেই দল কোন চৰকাৰে সেয়া জানে ।‌সেই সকল লোকক চৰকাৰে গ্ৰেপ্তাৰ কৰা উচিত।

আছুৰ সাধৰণ সম্পাদক লুৰিণ জ্যোতি গগৈয়ে কয় যে দিল্লীয়ে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধৰণৰ সমস্যাক গুৰুত্ব দিব লাগে।

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদত মাজুলীৰ সত্ৰাধিকাৰ সকলেও অংশ গ্ৰহণ কৰে।

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হোৱা সত্যাগ্ৰহত অভিনেত্ৰী বৰষা ৰাণী বিষয়া , মানস ৰবীন অতুল পাচনিকে ধৰি আন বহু কলা কুশলী , চিকিৎসক আদিয়ে অংশ গ্ৰহণ কৰে। ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com