Begin typing your search above and press return to search.

উচ্চতম ন্যায়ালয়ৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে : সদৌ অসম ছাত্ৰ সন্থা

উচ্চতম ন্যায়ালয়ৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে : সদৌ অসম ছাত্ৰ সন্থা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  18 Dec 2019 5:51 AM GMT

উচ্চতম ন্যায়ালয়ৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে : সদৌ অসম ছাত্ৰ সন্থা । বুধবাৰ অৰ্থাৎ আজি উচ্চতম ন্যায়ালয়ৰ দুজন বিশিষ্ট অধিবক্তাই নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাই দাখিল কৰা আবেদনৰ ওপৰত যুক্তি তৰ্ক কৰিব ।‌

সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দিপাংক কুমাৰ নাথে দ্যা চেন্টিনেলৰ আগত কয় যে নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ বিৰুদ্ধে বুধবাৰৰ পৰা তেওঁলোকৰ আইনী যুঁজ আৰম্ভ হ'ব । লগতে কয় যে " উচ্চতম ন্যায়ালয়ৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে। আমি আশা কৰো যে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে অসমৰ জনসাধাৰণক ন্যায় দিব "।

" আমি আশা কৰো যে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে উত্তৰ পূৰ্বাঞ্চলৰ বিষয়টো সমগ্ৰ ভাৰতবৰ্ষৰ পৰা পৃথক কৰি অধ্যয়ন কৰিব । সকলো ধৰ্ম নিৰ্বিশেষে ১৯৭১ চনৰ ২৫ মাৰ্চৰ আগলৈ অহা সকলো ধৰণৰ বিদেশীৰ বোজা অসমে উঠাই আছে । এতিয়া অসমে নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ মৰ্মে ২০১৪ চনলৈ অহা বিদেশীৰ বোজা গ্ৰহন কৰিব নোৱাৰে "। এই ভাষ্য সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দিপাংক কুমাৰ নাথৰ ।

লগতে সভাপতি গৰাকীয়ে কয় যে তেওঁলোকৰ আবেদন মূলতঃ দুটা বিষয়ৰ ওপৰত । প্ৰথমটো হ'ল নাগৰিকত্ব সংশোধনী আইনৰ প্ৰয়োগৰ ওপৰত স্থগিতাদেশ বিচাৰে । এয়া এইবাবেই কিয়নো নাগৰিকত্ব সংশোধনী আইন প্ৰনয়ন হোৱাৰ পিছত প্ৰৱাসী সকলে ভাৰতীয় নাগৰিকত্ব পোৱাৰ সম্ভাৱনা আছে। দ্বিতীয়টো হ'ল সদৌ অসম ছাত্ৰ সন্থাই এই আইন খন সম্পূৰ্ন ৰূপে বাতিল হোৱাটো বিচাৰে।

নাগৰিকত্ব সংশোধনী আইনক প্ৰত্যাহ্বান জনাই দাখিল কৰা আবেদনৰ ভিত্তিত আজি উচ্চতম ন্যায়ালয়ত মুখ্য ন্যায়াধীশ এছ এ বোবডেৰ অধ্যাক্ষতাত গঠিত তিনিজনীয়া বিচাৰপীঠে শুনানি গ্ৰহন কৰিব । তদুপৰি এই নাগৰিকত্ব সংশোধনী আইনক লৈ উচ্চতম ন্যায়ালয়ে হস্তক্ষেপ নকৰে বুলি স্পষ্ট কৰিছে। মুখ্য ন্যায়াধীশ এছ এ বোবডে এই সন্দৰ্ভত প্ৰথমে সংশ্লিষ্ট উচ্চ ন্যায়ালয়ৰ কাষ চপাৰ পৰামৰ্শ আগবঢ়ায়।

অন্য খবৰৰ বাবে পঢ়ক : ভাৰত চৰকাৰে অসমত ২ মিলিয়ন লোকৰ বাবে নিৰ্মান কৰি আছে ডিটেনচন কেম্প

ভিডিঅ প্ৰতক্ষ্য কৰক : AJYCP & 30 other organizations launched 'Gana Satyagraha Programme' against CAA in Biswanath

Next Story
চাকৰি