বলীউডৰ তিনিজন অভিনেতাক নিৰ্বাচিত ভূল ভূলেইয়াঁৰ ২ ত : কোন থাকিব মুখ্য চৰিত্ৰত ?

বলীউডৰ তিনিজন অভিনেতাক নিৰ্বাচিত ভূল ভূলেইয়াঁৰ ২ ত : কোন থাকিব মুখ্য চৰিত্ৰত ?

বলীউডৰ ২০০৭ চনত মুক্তি লাভ কৰা ছবি ভূল ভূলেইয়াৰ চিকুৱেলৰ কাৰণে নাম উত্থাপন হৈছে বলীউডৰ তিনিজন অভিনেতাৰ নাম ৷এক বিশেষ সূত্ৰই প্ৰকাশ কৰিছে যে ছবিখনৰ নিৰ্মাতা ভূষণ কুমাৰে ছবি খনত অক্ষয় কুমাৰে কৰা চৰিত্ৰটোৰ কাৰণে ৰাজকুমাৰ ৰাও,বিক্কী কৌশল আৰু আয়ুস্মাণ খুৰানাৰ ভিতৰত কোনোবা এগৰাকী অভিনেতাক ল’বলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

এই ছবিখনৰ পৰিচালক হৈছে ফৰহাদ চমজী ৷যিয়ে হাউছফুল ৪ ক পৰিচালনা কৰিছে ৷ বিশেষ সূত্ৰ তথ্য অনুসৰি ছবিখনৰ কাহিনী সম্প্ৰতি সম্পূৰ্ণ হৈছে ৷গতিকে মুখ্য অভিনেতাৰ চৰিত্ৰৰ কাৰণে তিনিজন অভিনেতাৰ নাম উত্থাপন হৈছে ৷ কিন্তু ছবিখনৰ কলা কুশলীসকলৰ লুক টেষ্ট আৰু স্কীণ টেষ্টৰ পিছত সিদ্ধান্ত হ’ব যে ভূল ভূলেইয়াঁ ২ ত কোনে অভিনয় কৰিব ৷

ইফালে বিগত সময়ত অক্ষয় কুমাৰ,ভূষণ কুমাৰ,গুলচন কুমাৰে বায়’পিক মোগলত কাম কৰিছিল যদিও মাজতে ক্ৰিয়েটিভ ডাইৰেক্টৰ সুভাষ কাপুৰৰ লগত অক্ষয় কুমাৰৰ কিছুমান কথাত মতভেদ ঘটে ৷ ইয়াৰ পিছতেই অক্ষয় কুমাৰে এই ছবিখনক এৰি দিয়ে আৰু মোগল ছবিখনো বন্ধ হৈ যায়।

অন্যহাতে দুবছৰৰ পূৰ্বে তথ্য লাভ কৰা গৈছিল যে তামিল ছবি বীৰমক হিন্দী ৰিমেক কৰা হ’ব ৷আৰু ইয়াৰ নাম হ’ব লেণ্ড অফ লুংগী। ছবিখন নিৰ্মাণ কৰিব চাজিড নাডিয়াবালা ৷ ছবিখনত প্ৰথমতে অক্ষয় কুমাৰ অভিনয় কৰিব বুলি খবৰ পোৱা গৈছিল যদিও সম্পত্তি চৰ্চালৈ আহিছে বিক্কী কৌশলৰ নাম ৷ কাৰণ অক্ষয় কুমাৰ সম্প্ৰত্তি ব্যস্ত আছে সূৰ্যবংশী আৰু লক্ষ্মী ব’ম্ব ছবিত ৷ ইয়াৰ পিছতেই লেন্ড অফ লুংগীৰ নিৰ্মাতাই বিক্কী কৌশলক ছবিখনৰ কাহিনী শুনায় ৷ আৰু বিক্কী কৌশল আকৃষ্ট হয় ছবিখনৰ কাহিনীৰ প্ৰতি ৷ অৱশ্যে এতিয়াও বিক্কীয়ে এই ছবিখনত চাইন কৰা নাই ৷

ভুলভুলেইয়াঁ ছবিখন তামিল ব্লক ব্লাষ্টাৰ হিট ছবি চন্দ্ৰমুখীৰ আধাৰত নিৰ্মিত ৷ চন্দ্ৰমুখীত অভিনয় কৰিছিল দক্ষিণৰ অভিনেতা ৰজনীকান্তে ৷১৯৯৩ চনত মুক্তি প্ৰাপ্ত মালায়লম ছবি মণিচিত্ৰাথু আধাৰত নিৰ্মিত ৷ছবিখনত অভিনয় কৰিছিল মোহনলাল আৰু শোভনাই ৷ভুলভুলেইয়াঁ ছবিখনত আমেৰিকাৰ নিবাসী সিদ্ধাৰ্থ চতুৰ্বেদী আৰু অৱনীৰ ওপৰত নিৰ্মিত ৷ ছবিখনত সিদ্ধাৰ্থ চতুৰ্বেদীৰ চৰিত্ৰত অভিনয় কৰিছে চাইনী আহুজা আৰু বিদ্যা বালানে অভিনয় কৰিছে অবনীৰ চৰিত্ৰত ৷ ছবিখনত সিদ্ধাৰ্থ আৰু অৱনী পতি পত্নীৰ চৰিত্ৰত অভিনয় কৰিছে ৷

সিদ্ধাৰ্থ আৰু অৱনীযে পিতৃৰ পুৰনি বাসগৃহত উপস্থিত হয় তেতিয়াৰ পৰা গতি পৰিৱৰ্তন হয় ছবিখনৰ ৷কাৰণ ছবিখন সিদ্ধাৰ্থ আৰু অৱনীৰ পৰিয়ালে বাস কৰা বাসগৃহটোত লাহে লাহে ভৌতিক কিছুমান ঘটনাৰ সংঘটিত হ’বলৈ ধৰে ৷ ইয়াৰ পিছতেই এই সকলো ঘটনাৰ অধ্যয়ন কৰে ছবিখনৰ এটি প্ৰধান চৰিত্ৰ আদিত্য অৰ্থাৎ অক্ষয় কুমাৰে ৷ ছবিখনত অক্ষয় কুমাৰ,চাইনী আহুজা,বিদ্যা বালানৰ উপৰিও অমিষা পেটেল,পৰেশ ৰাৱল আৰু ৰাজপাল যাদৱে অভিনয় কৰিছিল ৷

অন্য খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com