Begin typing your search above and press return to search.

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীঃ প্ৰকাশলৈ মাজত তিনি দিন

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীঃ প্ৰকাশলৈ মাজত তিনি দিন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  28 Aug 2019 4:15 AM GMT

ৰাজ্যত চূড়ান্ত নাগৰিক পঞ্জী প্ৰকাশ পাবলৈ মাজত মাথো তিনিদিন। সাজু হৈছে চৰকাৰৰ লগতে প্ৰশাসন ৷ ২০০ অতিৰিক্ত বিদেশী ন্যায়াধীকৰণ সমূহৰ ভিতৰত গুৱাহাটী,যোৰহাট,শিলচৰ,নগাওঁ,বঙাইগাঁও আৰু তেজপুৰত ছেপ্তেম্বৰৰ প্ৰথমতে কাম আৰম্ভ হ’ব ।

কোনো ব্যক্তি বিদেশী আৰু ভাৰতীয় হোৱাৰ সম্বন্ধত অথবা তেওঁলোকে যাৱতীয় নথি পত্ৰ সময়ত দিছেনে নাই এই সম্পৰ্কত অতিৰিক্ত বিদেশী ন্যায়াধীকৰণে নিজৰ ৰায় প্ৰদান কৰিব ৷বিদেশী ন্যায়াধীকৰণ সংশোধন আইন ২০১৯ ৰ অনুসৰি গৃহ মন্ত্ৰ্যালয়ে ৩১ আগষ্টত অন্তিম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰকাশৰ তাৰিখৰ পূৰ্বতে আপীল কৰাৰ সময় ১২০ দিন পৰ্যন্ত বৃদ্ধি কৰিলে ৷

পূৰ্বতে এই সময় আছিল ৬০ দিন আছিল। আইন অনুসৰি এজন ব্যক্তি এনআৰচিত নাম নাহিলেই বিদেশী নহয় ৷ব্যক্তিজন তেতিয়াহে বিদেশৱ হ’ব যেতিয়া তেওঁক বিদেশী ন্যায়াধীকৰণে বিদেশী বুলি ঘোষণা কৰিব ৷

উচ্চতম ন্যায়ালয়ৰ তদাৰকৰ অন্তৰ্গত হৈ আছে এন আৰ চিৰ কাম। আনহাতে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নাম বাদ পৰাসকলে যাতে অন্তৰ্ভূক্তিৰ বাবে আবেদন জনোৱাৰ কাৰণে যাৱতীয় সময় লাভ কৰে,তাৰ কাৰণে নাগৰিকত্ব বিধি সংশোধন কৰি আৱেদনৰ সময় ৬০ দিনৰ পৰিৱৰ্তে ১২০ দিনলৈ বৃদ্ধি কৰা হৈছে ।

ৰাজ্য চৰকাৰে ১৪ খন জিলাত সংবেদনশীল হিচাপে চিনাক্ত কৰিছে ৷ আৰু অতিৰিক্ত চিএপিএফ কৰ্মীক গৃহ মন্ত্ৰ্যালয়ক স্থানান্তৰিত কৰিছে ৷ বৰাক, নামনি অসম আৰু মধ্য অসমত সংবেদনশীল জিলা আছে ৷ ৰাজ্যত প্ৰায় ৩০০ আৰক্ষী থানাই ২৫০০ এনআৰচি সেৱা কেন্দ্ৰত সুৰক্ষা কটকটীয়া কৰি তুলিছে ৷গৃহ আৰু ৰাজনৈতিক বিভাগৰ এক বিশেষ সূত্ৰৰ মতে চিএপিএফৰ ১৪৫ টা অতিৰিক্ত দল নিয়োগ কৰিছে ৷ইয়াৰে ৯০ টা কম্পনী এনআৰচিৰ কাৰণে নিয়োগ কৰা হৈছে ৷

ইয়াৰে ৫৫ টা কম্পনীয়ে ৰাজ্যৰ আইন কানুন ব্যৱস্থা নিৰীক্ষণ কৰিবলৈ আৱশ্যক হ’ব ৷ ইফালে বৰ্তমান অসমত ১৬৪ টা চিএপিএফ কম্পনী আছে ৷ আনহাতে চিএপিএফ কম্পনীৰ সংখ্যা ২০১৮ চনৰ ৩০ জুলাইত প্ৰকাশিত এনআৰচিৰ সময়ত বহুত আছিল ৷সেই সময়ত চিএপিএফৰ সংখ্যা আছিল ২০৯ টা ৷গৃহ আৰু ৰাজনৈতিক বিভাগৰ এক বিশেষ সূত্ৰৰ মন্তব্য যে ২০১৮ চনৰ ৩০ জুলাইত পৰ্যাপ্ত পৰিমাণৰ সুৰক্ষাৰ ব্যৱস্থা কৰা হৈছিল ৷ আৰু সাম্প্ৰতিক সময়তো চৰকাৰে এনআৰচিৰ কাৰণে সুৰক্ষা কটকটীয়া ব্যৱস্থা কৰিছে ৷

অধিক খবৰৰ বাবে পঢ়ক:ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী: প্ৰায় ৩ লাখ লোকে কৰা নাই দাবী

ভিডিঅ প্ৰতক্ষ্য কৰক:House Arrested Charaideo youths in Tamil Nadu seek help from Assam Govt via Social Media

Next Story
চাকৰি