Begin typing your search above and press return to search.

তিনি গৰাকী আৰক্ষী কনিষ্টবলৰ কৰ্তব্যৰত অৱস্থাত হৃদয় চুই যোৱা দৃশ্য

তিনি গৰাকী আৰক্ষী কনিষ্টবলৰ কৰ্তব্যৰত অৱস্থাত হৃদয় চুই যোৱা দৃশ্য

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 Nov 2019 8:40 AM GMT

তিনি গৰাকী আৰক্ষী কনিষ্টবলৰ কৰ্তব্যৰত অৱস্থাত হৃদয় চুই যোৱা দৃশ্য। বহু অপেক্ষাৰ অন্তত ৰবিবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হয় টেট পৰীক্ষা । ৰাজ্যত অনুষ্ঠিত হোৱা টেট পৰীক্ষাত প্ৰায় ৩ লাখ ৯৬ হাজাৰ পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে । টেট পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰাৰ অৰ্থে আৰক্ষী নিযুক্ত কৰা হৈছিল।

টেট পৰীক্ষা অনুষ্ঠিত হোৱা মাজতেই দুই গৰাকী মহিলা আৰু এগৰাকী পুৰুষ আৰক্ষীয়ে দিয়ে মহানুভৱতাৰ পৰিচয় । মঙলদৈৰ দুই মহিলা কনিষ্টবল বীনাপানী ডেকা আৰু মৌচুমী চাংমা মঙলদৈ ডনবস্ক বিদ্যালয়ৰ টেট পৰীক্ষা কেন্দ্ৰত কৰ্তব্যৰত অৱস্থাত আছিল। উল্লেখযোগ্য যে কেন্দ্ৰটোলৈ পৰীক্ষা দিব অহা দুগৰাকী পৰীক্ষাৰ্থীৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকৰ কেচুৱাৰ দায়িত্ব লয় দুই কনিষ্টবলে। দুগৰাকী পৰীক্ষাৰ্থীৰ পৰীক্ষা শেষ নোহোৱা পৰ্যন্ত কেঁচুৱা দুটাক কোলাত লৈ নিচুকাই থাকে আৰক্ষী বিনাপানী ডেকা আৰু মৌচুমী চাংমাই।

আনহাতে মঙলদৈৰ দৰে খাৰুপেটীয়াতো সংঘটিত হয় একেধৰণৰ ঘটনা । খাৰুপেটীয়া আৰক্ষী থানাৰ অন্তৰ্গত মুজাহিদুল ইছলাম নামৰ কনিষ্টবল জনে খাৰুপেটীয়া মহাবিদ্যালয়ত দেখুৱাই মহানুভৱতাৰ পৰিচয় । মুজাহিদুল নামৰ কনিষ্টবল জনে এগৰাকী মাতৃক সহায়ৰ হাত আগবঢ়াই টেট পৰীক্ষাৰ সময়ত কেঁচুৱাৰ যত্ন লয় ।

মঙলদৈৰ আৰক্ষী বীনাপানী ডেকা আৰু মৌচুমী চাংমাই কয় যে এজন আৰক্ষী হিচাপে কৰ্তব্যৰত অৱস্থাত মাতৃ পিতৃৰ ভূমিকা পালন কৰাৰ অনুভৱ অতি সুকীয়া ।

তিনি গৰাকী আৰক্ষীৰ বাবেই তিনি গৰাকী পৰীক্ষাৰ্থীয়ে বিনা চিন্তাৰে পৰীক্ষাত অৱতীৰ্ণ হয় ।কৰ্তব্যৰত অৱস্থাতে নিজৰ দায়িত্বৰ লগতে তিনি গৰাকী মাতৃক সহায়ৰ হাত আগবঢ়োৱা দৃশ্য আছিল অনন্য আৰু হৃদয়স্পৰ্শী। কনিষ্টবল তিনিগৰাকীৰ কাৰ্যক সকলোৱে ভূয়সী প্ৰশংসা কৰিছে। ।

অন্য খবৰৰ বাবে পঢ়ক: পথ দুৰ্ঘটনাত যোৰহাট মেডিকেল কলেজৰ চিকিৎসক প্ৰত্যুষ কুঞ্জনৰ কৰুণ মৃত্যু

ভিডিঅ প্ৰতক্ষ্য কৰক:New Bodo feature film “Gwthar ” hits Cinema Halls today

Next Story
চাকৰি