জীৱজন্তু প্ৰেমীসকলৰ কাৰণে সুখবৰ: অসমত বাঢ়িছে বাঘৰ সংখ্যা

জীৱজন্তু প্ৰেমীসকলৰ কাৰণে সুখবৰ: অসমত বাঢ়িছে বাঘৰ সংখ্যা

জীৱ জন্তুপ্ৰেমীসকলৰ কাৰণে এক সুখবৰ ৷ অসমত বৃদ্ধি পাইছে বাঘৰ সংখ্যা ৷ বিশ্ব বাঘ দিৱসৰ দিনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উন্মোচন কৰা ষ্টেটাছ অব টাইগাৰ্ছ ইন ইণ্ডিয়া ২০১৮ শীৰ্ষক প্ৰতিবেদন অনুসৰি ৰাজ্যখনত মুঠ ১৯০ টা বাঘ আছে ৷ ইয়াৰ বিপৰীতে ২০১৪ চনত অসমত বাঘৰ সংখ্যা আছিল ১৬৭ টা ।

আনহাতে বান,চোৰাং চিকাৰী আদিৰ মাত্ৰা বৃদ্ধি পোৱাৰ পাছতো ৰাজ্যত বাঘৰ সংখ্যা বৃদ্ধি পোৱাটো লক্ষ্যনীয় হিচাপে বিবেচিত হৈছে ৷ উল্লেখ্য যে বন ৰজাৰ সংৰক্ষণ আৰু বংশ বৃদ্ধিৰ বাবে প্ৰায় এটা দশকৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে প্ৰজেক্ট টাইগাৰ আৰু ছেভ টাইগাৰ শীৰ্ষক এক আঁচনি গ্ৰহণ কৰিছিল ৷ এই আঁচনিখন ২০২০ চনত বাঘৰ সংখ্যা দুগুণলৈ বৃদ্ধি কৰাৰ বাবে এই আঁচনিখন তৈয়াৰ কৰা হৈছিল ৷বৰ্তমান দেশৰ ভিতৰতে সৰ্বাধিক বাঘ আছে মধ্য প্ৰদেশত ৷

ৰাজ্যখনত ৫২৬ টা বাঘ থকাৰ বিপৰীতে কৰ্ণাটকত আছে ৫২৪ টা বাঘ ৷ইয়াৰ পিছতে ৪৪২ টা বাঘ থকা ৰাজ্য হিচাপে তৃতীয় স্থানত আছে উত্তৰাখণ্ড৷ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰতিবেদনখন উন্মোচন কৰি কয় যে ভাৰতবৰ্ষ হ’ল বাঘ সংৰক্ষণৰ কাৰণে পৃথিৱীৰ ভিতৰতে সকলোতকৈ সুৰক্ষিত দেশ । প্ৰতি বছৰে ভাৰতত বাঘৰ সংখ্যা বৃদ্ধি পাইছে। আনহাতে বাঘক সকলোৱে জীয়াই ৰখাৰ বাবে চেষ্টা কৰিব লাগে বুলিও মন্তব্য কৰে নৰেন্দ্ৰ মোডীয়ে।

সম্প্ৰতি চাৰিওফালে অব্যাহত আছে স্বৰ্ণ কন্যা হিমা দাসৰ প্ৰসংগ ৷এনে সময়তে বেংগালুৰুৰ বান্নেৰঘাট্টা চিৰিয়াখানাৰ এক পদক্ষেপে সম্প্ৰতি সৰ্বত্ৰে চৰ্চা লাভ কৰিছে ৷কাৰণ চিৰিয়াখানা খনে এটি ছমহীয়া বাঘৰ পোৱালীৰ নাম হিমা ৰাখিবলৈ লোৱাৰ সিদ্ধান্তই সকলোৰে মাজত চৰ্চা লাভ কৰিছে ৷

আন্তঃৰাষ্ট্ৰীয় বাঘ দিৱসৰ লগত সংগতি ৰাখিয়েই বান্নেৰ ঘাট্টা চিৰিয়াখানাৰ কৰ্তৃপক্ষই বাঘৰ পোৱালীটোৰ নাম হিমা নামাকৰণ কৰিবলৈ সিদ্ধান্ত লৈছে ৷ আন্তঃৰাষ্ট্ৰীয় বাঘদিৱসৰ লগত সংগতি ৰাখি বান্নেৰঘাটা চিৰিয়াখানাৰ লুপ্তপ্ৰায় প্ৰজাতিসমূহৰ সন্দৰ্ভত বহু কাৰ্যসূচী হাতত লোৱা হয় ৷২০১৪ চনৰ গণনা অনুসৰি ভাৰতত ৪০৬ টা বাঘ আছে । অৱশ্য জন্তুৰ নাম প্ৰসিদ্ধ লোকসকলৰ নামেৰে ৰখাতো এইয়াই প্ৰথম নহয় ৷

আনহাতে স্বৰ্ণ কন্যা হিমা দাসে আনহাতে অসমৰ যুৱ প্ৰজন্মৰ স্বৰ্ণ কন্যা হিমা দাস সচাঁ অৰ্থত নতুন প্ৰজন্মৰ কাৰণে প্ৰেৰনা দায়ক ৷ অসমৰ এখন সুদূৰ গাঁৱৰ পৰা ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ হিমা দাসৰ এই যাত্ৰা সচাঁকৈয়ে প্ৰশংসনীয় ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com