টিকটকে মুকলি কৰিলে নতুন স্মাৰ্ট ফোন, লগতে আছে ১২ জিবি ৰেম

টিকটকে মুকলি কৰিলে নতুন স্মাৰ্ট ফোন, লগতে আছে ১২ জিবি ৰেম
Published on: 

টিকটকে মুকলি কৰিলে নতুন স্মাৰ্ট ফোন, লগতে আছে ১২ জিবি ৰেম ।টিকটক নামৰ এপটোৱে অতি কম সময়তে যথেষ্ট খিনি‌ জনপ্ৰিয়তা অৰ্জন কৰিছে । লগতে এতিয়া টিকটক এপটোৱে ফেচবুকটো স্থান অধিকাৰ কৰিছে । ভাৰতবৰ্ষৰ প্ৰায় ১২০ মিলিয়ন মানুহে টিকটক ব্যৱহাৰ কৰে । এই এপটো চীনৰ বাইটডেঞ্চ (Bytedance )নামৰ ইন্টাৰনেটত কোম্পানীটোৰ হয় । এই কোম্পানীটোৱে সদ্যহতে এটা‌ স্মাৰ্ট ফোন মুকলি কৰে।‌ এই কোম্পানীটোৱে স্মাৰ্টাচন (smartisan ) নামৰ ব্ৰেণ্ডৰ সহায়ত এই ফোনটো মুকলি কৰে । এই স্মাৰ্ট ফোনটোৰ নাম হ'ল Smartisan Jianguo Pro 3 ।

টিকটকৰ এই নতুন স্মাৰ্টফোনটোত Qualcomm ৰ ফ্লেগচিপ প্ৰচেচৰ দিয়া হৈছে লগতে । Qualcomm Snapdragon 855 Plus দিয়া হৈছে । টিকটকৰ এই নতুন স্মাৰ্টফোনত ১২ জিবি ৰেম আৰু ২৫৬ জিবি ইন্টাৰনেল ষ্টোৰেজ দিয়া হৈছে । তাৰোপৰি ফোনটোত আছে ৪ তাকৈ কেমেৰা ।

Smartisan Jianguo Pro 3 নামৰ ফোনটোত ৬.৩৯ ইঞ্চিৰ ফুল এইচ বি দিচপ্লে দিয়া হৈছে । তাৰোপৰি এই স্মাৰ্ট ফোনত চেলফি কেমেৰাও সংযোজন আছে ।

এই স্মাৰ্ট ফোনৰ কেমেৰা ক্ৰমে ৪৮, ১৩,৮,৫ মেগাপাক্সেলৰ হয় ।তাৰোপৰি এই স্মাৰ্ট ফোনটোৰ মূল্য ভাৰতীয় টকাৰ হিচাপত ২৯,০০০ ৰ পৰা আৰম্ভ হ'ব । তাৰোপৰি এই স্মাৰ্ট ফোনটো ভাৰতত মুকলি হ'ব নে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই ।

ভিডিঅ প্ৰতক্ষ্য কৰক:Assam Martial Arts shines at World Martial Arts Games 2019 in London

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com