যানবাহন সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ মহানগৰীত টাইম কাৰ্ডৰ ব্যৱস্থা

যানবাহন সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ মহানগৰীত টাইম কাৰ্ডৰ ব্যৱস্থা

ইতিমধ্যে গুৱাহাটী মহানগৰীত যান বাহনৰ সমস্যা অত্যাধিক হোৱাৰ কাৰণে পঞ্জাবাৰীৰ পৰা যোৱা চিটী বাছসমূহৰ অহা যোৱা কৰা পথ পৰিৱৰ্তন কৰিছিল ৷ অৱশ্যে কিছুমান চিটী বাছৰ নিয়মৰ উলংঘা কৰি প্ৰথমতে অহা যোৱা পথতে যাত্ৰা কৰি আছে। সম্প্ৰতি ক্ষেত্ৰীয় পৰিবহন বিভাগে চিটী বাছসমূহৰ কাৰণে টাইম কাৰ্ড নিৰ্ধাৰিত কৰিছে ৷যাতে তেওঁলোকে সময়মতে অহা যোৱা কৰিব পাৰে।

এই সন্দৰ্ভত সোমবাৰে খানাপাৰাত অনুষ্ঠিত হ’য় এক বৈঠক ৷এই বৈঠকত প্ৰশাসনৰ বিভাগ,যান বাহন বিভাগ,বাছসমূহৰ মালিক,চালক আদি উপস্থিত আছিল ৷ আৰটিআই সচিব বাপন কলিতাই কয় যে চিটী বাছ সমূহে প্ৰায়ে ইখনে সিখনক অভাৰটেক কৰিবলৈ চেষ্টা কৰে ৷ যাৰ কাৰণে বিভিন্ন পৰিস্থিতিৰ সৃষ্টি হয় ।এই সমূহ পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আমি টাইম কাৰ্ডৰ আৰম্ভ কৰিছো ৷ইয়াৰ দ্বাৰা বাছসমূহৰ আৰম্ভনি আৰু প্ৰস্থান কৰাৰ সময়ক লিখা হ’ব আৰু টাইম কাৰ্ড প্ৰদান কৰা হ’ব। এই ব্যৱস্থা আজি অৰ্থাৎ মংগলবাৰৰ পৰা কৰা হ’ব ৷

গুৱাহাটীত প্ৰায় ৬৬৯ খন চিটী বাচ আছে ৷ ইয়াৰ বিপৰীতে ৫৫০ টা পথ আছে ৷ ইয়াত ২০০ খন অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ আছে ৷ ইফালে মহানগৰীত উবেৰ,ওলা সেৱাত আছে ১০,০০০ খন বাহন,গুৱাহাটীত থকা অট’ৰিক্সাৰ সংখ্যা প্ৰায় ৫০০০ আৰু ১৬৫০ খন আছে মেট্ৰ’ টেক্সি ।গতিকে গুৱাহাটীত থকা সকলো যান বাহনৰ সংখ্যা হৈছে ১.০৫ লাখ ৷

ইফালে পূৰ্বতে চিটী বাছসমূহ সময়মতে চলাচল কৰিছিল ৷কিন্তু সাম্প্ৰতিক সময়ত ইয়াৰ বিপৰীত দৃশ্য দেখিবলৈ পোৱা যায়। চিটী বাছসমূহে য’তে ত’তে ৰৈ যাত্ৰী সকলক উঠাই আনে ৷লগতে যাত্ৰীসকলেও বাছ আস্থানত নৰখি য’তে ত’তে বাছসমূহ ৰখাই ৷ যাৰ ফলত যান বাহন চলাচল কৰাত অৰাজকতাই দেখা দিয়ে ৷ গতিকে চিটী বাচসমূহৰ সমগ্ৰ প্ৰণালীটোৱেই পৰিৱৰ্তন কৰিব লাগিব।

উল্লেখ্য যে,মহানগৰীত প্ৰায়ে চিটীবাছসমূহে বাছ আস্থানৰ সমূহৰ বাহিৰে য’তে ত’তে ৰাখি যাত্ৰীসকলক উঠাই অনা দেখা যায়। এই ক্ষেত্ৰত চিটী বাছ চালকৰো দায়িত্ব থাকে যে য’তে ত’তে বাছখন ৰাখিব নালাগে ৷ আৰু যাত্ৰীসকলৰ দায়িত্ব থাকে যে বাছখন কেৱল বাছ আস্থান সমূহতহে ৰাখিব ৷ কাৰণ তেনেধৰণৰ এখন বাছৰ কাৰণে বাকী বাছ সমূহৰ চলাচলত বাধাৰ সৃষ্টি হয়।

আনহাতে সততে দেখা যায় যে ফুটপাথসমূহত বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানৰ উপৰিও , বহু লোকে নিজৰ বাহন সমূহ পাৰ্কিং কৰাৰ ঠাই হিছাপে ব্যৱহাৰ কৰে ৷গতিকে এই সমূহ সমস্যাৰ লগতে মহানগৰীত সম্প্ৰতি আৰম্ভ কৰা টাইম কাৰ্ডে যান বাহনৰ সমস্যা দূৰ কৰিব বুলি আশা কৰা হৈছে।

ভিডিঅ প্ৰতক্ষ্য কৰক:ATASU stage protest in Dhemaji's Gogamukh

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com