Begin typing your search above and press return to search.

অসমৰ মুঠ সত্ৰ: তথ্যৰ ভিত্তিত ৰাজ্য চৰকাৰে নিশ্চিত কৰিলে সত্ৰৰ সংখ্যা

অসমৰ মুঠ সত্ৰ: তথ্যৰ ভিত্তিত ৰাজ্য চৰকাৰে নিশ্চিত কৰিলে সত্ৰৰ সংখ্যা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  22 July 2019 6:29 AM GMT

অসমৰ মুঠ সত্ৰৰ সংখ্যা লৈ বিভ্ৰান্তৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে । উল্লেখযোগ্য যে , অসমৰ মুঠ সত্ৰৰ সংখ্যাৰ ক্ষেত্ৰত তিনিটা বিভাগে তিনিটা বেলেগ বেলেগ তথ্য দাখিল কৰিছে ।

ৰাজ্যিক ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগে যেতিয়া জিলা উপায়ুক্ত আৰু পুৰাতত্ব বিভাগৰ অধক্ষ্যক অসমৰ সত্ৰ সমূহৰ সংখ্যাৰ ক্ষেত্ৰত তথ্য দাখিল কৰিবলৈ কয়, তেতিয়া এই বিসংগতিৰ কথা পোহৰলৈ আহিছে ।

উল্লেখনীয় ভাৱে , জিলা উপায়ুক্তয়ে দাখিল কৰা তথ্যত অসমৰ মুঠ সত্ৰ সংখ্যা ৫৯৩ খন, আনহাতে পুৰাতত্ব বিভাগে দাখিল কৰা মতে ৮৭৫ খন সত্ৰ আছে বুলি প্ৰকাশ কৰে। দুয়োটা বিভাগে দাখিল কৰা তথ্যত ২৮২ আসনৰ পাৰ্থক্য আছে । ইয়াৰ পাছতে ৰাজ্যিক ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগে এই তথ্যৰ ভিত্তিত এক সমীক্ষা প্ৰস্তুত কৰিছে । বিভাগে অসমত ৬৪৮ খন সত্ৰ আছে বুলি প্ৰকাশ কৰে। একেটা বিষয়তে ৰাজ্যিক তিনিটা বিভাগৰ তিনিটা পৃথক পৃথক তথ্য প্ৰকাশ কৰিছে ।

পিছত ৰাজ্যিক ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগে ৰাজ্যৰ ১৯ খন জিলাত ৬৪৮ খন সত্ৰ আছে বুলি প্ৰকাশ কৰিছে। বিভাগৰ মতে , এই সত্ৰ সমূহৰ মুঠ ভূমি হৈছে ৯৯,০১৮ বিঘা, ৪ কঠা, ৯ লেছা ।

এই বিষয়টোৰ সন্দৰ্ভত অসম চৰকাৰে , ৰাজ্যিক ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগ, পুৰাতত্ব বিভাগৰ অধক্ষ্য , জিলা উপায়ুক্ত আৰু সত্ৰৰ বিষয়াৰ উপস্থিতিত এই সমীক্ষা চলাই । এই সমীক্ষাটো সত্ৰৰ ভূমি সমূহ বেদখল মুক্ত কৰিবলৈ গুৰুত্বপূৰ্ণ ।

অসমৰ সত্ৰ সমূহে হিন্দু সংস্কাৰ আন্দোলনৰ শতাব্দী পুৰাতন নব-বৈষ্ণৱ সামাজিক , ধৰ্মীয়, সাংস্কৃতিক ঐতিহাসিক তত্ত্ব সমূহ প্ৰতিফলিত কৰে । সেয়েহে সত্ৰ সমূহৰ সংখ্যা জনাটো অতি গুৰুত্বপূৰ্ণ । ১৫ শতিকাৰ শেষৰ ফালে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ একশৰণ নাম ধৰ্মৰ সত্ৰ সংস্কৃতি আৰম্ভ কৰিছিল । শংকৰদেৱৰ শিষ্য মাধৱদেৱ আৰু আন শিষ্য সকলে পিছত এই ধৰ্মৰ আগবঢ়াই নিছিল ।

সত্ৰকে ধৰি আন ধৰ্মীয় অনুস্থান সমূহৰ ভূমি বেদখল মুক্ত কৰিবলৈ অসম চৰকাৰ নতুন আইন প্ৰস্তুত কৰিছে ।সূত্ৰয়ে প্ৰকাশ কৰিছে যে, ৰাজ্যিক ৰাজহ বিভাগে ” ১৮৮৬ চনৰ অসম ভূমি আৰু ৰাজহ নিয়ন্ত্ৰণ ” আইন খন সংশোধন কৰি ” অসম ভূমি আৰু ৰাজহ নিয়ন্ত্ৰণ সংশোধনি আইন-২০১৯ ” প্ৰস্তুত কৰিছে । প্ৰকৃত নিয়ন্ত্ৰণৰ আইনত ধৰ্মীয় অনুস্থান অথবা সত্ৰ সমূহত বেদখল মুক্ত কৰিবলৈ কোনো বিভাগকে দায়িত্ব দিয়া হোৱা নাছিল ।

অধিক খবৰৰ বাবে পঢ়ক: সত্ৰৰ ভূমি বেদখল মুক্ত কৰিবলৈ নতুন আইন প্ৰস্তুত অসম চৰকাৰৰ

Next Story
চাকৰি