তিনিচুকীয়াত লোকপিয়লৰ ক্ষেত্ৰ প্ৰশিক্ষকৰ প্ৰশিক্ষণ আৰম্ভ

আগন্তক লোকপিয়ল উপলক্ষে ৰাজ্যৰ প্ৰশাসনে প্ৰস্তুতি আৰম্ভ কৰিছে। ইতিমধ্যে তিনিচুকীয়া জিলাত জিলা প্ৰশাসনৰ উদ্যোগত প্ৰশিক্ষকৰ প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ হৈছে। এই চাৰিদিনীয়া প্ৰশিক্ষণৰ কাৰ্যসূচী জিলা পৰিষদ কার্যালয়ৰ সভাকক্ষত যোৱা ১২ মাৰ্চৰ পৰা অনুষ্ঠিত হৈছে। প্ৰশিক্ষণৰ প্ৰথম দিনা জিলা লোকপিয়ল বিষয়া তথা অতিৰিক্ত উপায়ুক্ত মঞ্জিত বৰকাকতিয়ে প্ৰশিক্ষণৰ উদেশ্য বাখ্যা কৰে । আনহাতে, উপায়ুক্ত তথা জিলা প্ৰধান লোকপিয়ল বিষয়া ভাস্কৰ পেগুৱে প্ৰশিক্ষণ কাৰ্যসূচী মুকলি কৰে। এই কাৰ্যসূচী উদ্ধোধন কৰি উপায়ুক্তই উপস্থিত থকা সকলো ক্ষেত্ৰ প্ৰশিক্ষকক এই লোকপিয়ল প্ৰক্ৰিয়াত সহযোগ কৰাৰ বাবে ধন্যবাদ জনায়। প্ৰশিক্ষণ ভালদৰে গ্ৰহণ কৰি পুনৰ তেওঁলোকে লোকপিয়লত নিয়োজিত গণনাকাৰী সকলক ক্ষেত্ৰীয় পৰ্যায়ত প্ৰশিক্ষণ দি গোটেই লোকপিয়ল প্রক্রিয়া সাফল্যমণ্ডিত্ কৰিবলৈ উপায়ুক্তই আহ্বান জনায়। জিলাখনৰ সৰ্বমুঠ ৪৪ জন ক্ষেত্ৰ প্ৰশিক্ষকে এই কাৰ্যসূচীত যোগদান কৰিছে।এই চাৰিদিনীয়া কাৰ্যসূচীত ভাৰত চৰকাৰ , গুৱাহাটীৰ লোকপিয়ল সঞ্চালকয়ৰ সহকাৰী সঞ্চালক কুমুদ কলিতা, অনুলেখক(Compiler) শিৱ কুমাৰ ভাৰতী উপস্থিত আছিল । এই কাৰ্যসূচীত মহকুমা কৃষি বিষয়া আছিফ এছ এ বৰা আৰু জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া ৰজিত দত্তই জিলা সমল ব্যক্তিৰূপে প্ৰশিক্ষণ প্ৰদান কৰিছে। তিনিচুকীয়া জিলা লোকপিয়ল কোষৰ বিমল বৰগোহাঁই আৰু নৱদিত বৰগোঁহায়ো কাৰ্যসূচীত উপস্থিত থাকে।
অন্য খবৰৰ বাবে পঢ়ক: ক’ৰ’না ভাইৰাছৰ আতংকঃভাৰতৰ প্ৰথমজন ক’ৰ’না ভাইৰাছ আক্ৰান্তৰ মৃত্যু
ভিডিঅ প্ৰতক্ষ্য কৰক: Meet the two specially-abled singers gracing the 43rd Dol Mahotsav in Kampur