Begin typing your search above and press return to search.

পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ পথ সুৰক্ষাৰ ক্ষেত্ৰত বিশেষ প্ৰতিক্ৰিয়া

পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ পথ সুৰক্ষাৰ ক্ষেত্ৰত বিশেষ প্ৰতিক্ৰিয়া

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  7 July 2019 8:56 AM GMT

পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ অধ্যক্ষতাত শনিবাৰে ৰাজ্যৰ পথ সুৰক্ষা পৰিষদে এখন বৈঠক অনুষ্ঠিত কৰে ৷ দিছপুৰ জনতা ভৱনত হোৱা এই বৈঠকখনত ৰাজ্যৰ পথ সুৰক্ষা আইনৰ সন্দৰ্ভত সমীক্ষা কৰা হৈছিল ৷ পৰিষদক দিয়া তথ্য অনুসৰি ২০১৮ চনৰ এপ্ৰিল-মে’ত দুৰ্ঘটনা আৰু মৃত্যু সংখ্যা আছিল ক্ৰমে ১৮৩০ আৰু ৫৪৮ টা ৷

ইয়াৰ বিপৰীতে ২০১৯ বৰ্ষৰ এপ্ৰিল আৰু মে’ মাহত দূৰ্ঘটনাৰ সংখ্যা ২৫.১৫ শতাংশৰে হ্ৰাস হৈ হয়গৈ ১৩৭০ টা আৰু মৃত্যৰ সংখ্যা হ্ৰাস হয় ২.৭৪ শতাংশৰে ৫৩৩ টা ৷ ২০১৮ বৰ্ষৰ ৰাজ্যৰ পথত হোৱা দুৰ্ঘটনাৰ তথ্য অনুযায়ী ৰাষ্ট্ৰীয় ঘাইপথত ৩৯৬৩ টা দূৰ্ঘটনা হয়,আহত হয় ৩৩৮৯ টা আৰু মৃত্যু হয় ১৫৪১ টা ৷

ইয়াৰ পিছতে মন্ত্ৰী পাটোৱাৰীয়ে এনএইচএআই আৰু এনএইচআইডিচিএলৰ বিভাগীয় কৰ্তৃপক্ষক ৰাষ্ট্ৰীয় ঘাইপথত দূৰ্ঘটনাৰ সংখ্যা হ্ৰাস কৰিবৰ কাৰণে যাৱতীয় ব্যৱস্থা ল’বৰ কাৰণে আহ্বান কৰে। লগতে সকলো চিকিৎসক,নাৰ্চে জৰুৰীকালীন সেৱাৰ লাভ কৰিবৰ কাৰণে নতুন দিল্লীৰ এইমচত প্ৰশিক্ষণ দিয়াৰ কথাও উল্লেখ কৰে ৷ অন্যহাতে পৰিবহন বিভাগৰ আয়ুক্ত বীৰেন্দ্ৰ মিট্টলে ৰাজ্যৰ পথ সুৰক্ষাৰ কাৰণে ৰোড মেপ তৈয়াৰ কাৰিবৰ কাৰণে প্ৰস্তাৱ ৰাখে ৷

লগতে গুৱাহাটী,ডিব্ৰুগড়, নলবাৰী,যোৰহাট আদি ঠাইত ড্ৰাইভিং পৰীক্ষণ ট্ৰেক স্থাপন কৰাৰ কথা প্ৰকাশ কৰে ।পৰিবহন আয়ুক্তই পথৰ নীতি নিয়ম মানি নোলোৱাসকলৰ বিৰুদ্ধে বিভিন্ন পদক্ষেপৰ লোৱাৰ সন্দৰ্ভত মন্তব্য কৰে ।এই পদক্ষেপৰ জৰিয়তে প্ৰায় ৬৬৮৩ খন ড্ৰাইভিং লাইচেন্স হস্তগত কৰে ৷ আৰু বিত্তীয় বৰ্ষ ২০১৮-২০১৯ ৰ ভিতৰত ৭ কোটি ১৩ লাখ টকা জৰিমনা লোৱাৰ সম্পৰ্কে উল্লেখ কৰে।

এই বৈঠকখনত পথ দুৰ্ঘটনাসমূহ হ্ৰাস কৰাৰ কাৰণে সাৰ্বজনিক জাগৰণ অনাৰ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে ৷যাতে শিশু,বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে পথ সুৰক্ষাৰ সন্দৰ্ভত সজাগ হয় ৷ এক সংবাদ বিবৃত্তি যোগেৰে মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে পথ সুৰক্ষা সুনিশ্চিত কৰাৰ কাৰণে পথ অভিযন্ত্ৰা,জৰুৰীকালীন সেৱাৰ সন্দৰ্ভত জাগৰণ অনাৰ প্ৰসংগত বিশেষ উপায়ৰ কাৰণে নিৰ্দেশ দিয়ে ৷ উল্লেখ্য যে,বৈঠকখনত পৰিবহন,আৰক্ষী,ৰেল,পিডব্লিউডি আদিৰ বিষয়াসকল উপস্থিত আছিল ৷

অন্য খবৰৰ বাবে পঢ়ক: পৰিবহন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ জল পৰিবহন সন্দৰ্ভত প্ৰতিক্ৰিয়া

Next Story
চাকৰি