Begin typing your search above and press return to search.

ভাৰতীয় ৰেল সেৱাৰ বিশেষ পদক্ষেপ:নৱৰাত্ৰিৰ ব্ৰতত যাত্ৰা কৰক আপুনি

ভাৰতীয় ৰেল সেৱাৰ বিশেষ পদক্ষেপ:নৱৰাত্ৰিৰ ব্ৰতত যাত্ৰা কৰক আপুনি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 Oct 2019 9:02 AM GMT

উৎসৱৰ এই বতৰত ভাৰতীয় ৰেলৱেই জনসাধাৰণলৈ আগবঢ়াইছে এক বিশেষ উপহাৰ ৷ নৱৰাত্ৰিৰ লগত সংগতি ৰাখি নদিনলৈকে ৰেল যাত্ৰীসকলক ৰেল কৰ্তৃপক্ষই দিব ব্ৰতৰ খাদ্য। কাৰণ নৱ ৰাত্ৰিৰ নদিন ৰেলত যাত্ৰা কৰা কিছুসংখ্যক যাত্ৰীয়ে বহু অসুবিধাৰ সন্মুখীন হয় ।সেয়েহে ভাৰতীয় ৰেল সেৱাই ৰেল যাত্ৰীসকলে যাতে কোনো অসুবিধাৰ সন্মুখীন নহয় তাৰ কাৰণে লৈছে এই পদক্ষেপ।

ৰেল কৰ্তৃপক্ষই ব্ৰত কৰা যাত্ৰীসকলৰ কাৰণে ব্ৰতৰ খাদ্য থকা মেন্যুৰ ব্যৱস্থা কৰিব ৷ ইফালে ২৯ ছেপ্তেম্বৰৰ পৰা ৭ অক্টোবৰলৈকে ইচ্ছুক যাত্ৰীসকলে এই ব্ৰতৰ খাদ্য লাভ কৰিব। আনহাতে ব্ৰত ৰখা যাত্ৰীয়ে ৰেলত নিজৰ খাদ্য ই কেটৰিং আৰু ফুড অন ট্ৰেক এপৰ জৰিয়তে অৰ্ডাৰ দিব ।আইআৰচিটিচিয়ে নিৰ্দিষ্ট স্থানত ৰেষ্টুৰেন্টৰ জৰিয়তে খাদ্যৰ যোগান ধৰিব।

আইআৰচিটিচিৰ নিয়ম অনুসৰি এই সুবিধা লোৱাৰ বাবে যাত্ৰীয়ে বৈধ পি এন আৰ নম্বৰৰ পৰা যাত্ৰাৰ প্ৰায় দুঘন্টা আগেয়ে খাদ্যৰ অৰ্ডাৰ দিব লাগিব ।আৰু বিল পৰিশোধ কৰিব লাগিব। অৱশ্য আপুনি খাদ্য খোৱাৰ আগত বা পিছত বিল পৰিশোধ কৰিব পাৰে ৷ আনহাতে ব্ৰতৰ খাদ্য উপলব্ধ হোৱা ষ্টেশ্যন সমূহ হ’ল কানপুৰ চেন্ট্ৰ’ল, জবলপুৰ,জয়পুৰ, পাটানা,ঝাঁচী,ৰতলাম, ৰাজেন্দ্ৰ নগৰ,জয়পুৰ,বীনা, হজৰত নিজামুদ্দিন, আম্বালাকেন্ট, ঔৰংগবাদ,ইতাৰসী, অকৌলা,ৱসই ৰোড,ৱাপী,কল্যাণ, বোৰিৱলী,দুৰ্গ,দৌণ্ড, মথুৰা,ভূপাল,উজ্জয়িনী আৰু আহমদ নগৰ আদি ৷

উল্লেখ্য যে ব্ৰতৰ মেন্যুত থকা খাদ্যসমূহৰ ভিতৰত আছে চাবুদানা,কুট্টুৰ আটা,খিছড়ী,আলু টিক্কী,নৱৰাত্ৰি থালী,জীৰা আলু,ফেন্স ফ্ৰাই,ফলহাৰী চুড়া,ফলহাৰী থালী,মলাই বৰ্ফী,ৰসমলাই,মিল্ক কিক,লাচ্চী,দৈ আদিৰ দৰে সামগ্ৰী।

অন্য খবৰৰ বাবে পঢ়ক: ৬০২৮ উচ্চ ক্ষমতা সম্পন্ন চিচিটিভি কেমেৰাৰ সংস্থাপন গুৱাহাটী মহানগৰীত

ভিডিঅ প্ৰতক্ষ্য কৰক:Durga Puja 2019: Chandrayan-II based theme at Guwahati’s Noonmati Sector 2

Next Story
চাকৰি