Begin typing your search above and press return to search.

বৃক্ষৰোপনৰ ক্ষেত্ৰত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া

বৃক্ষৰোপনৰ ক্ষেত্ৰত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  29 July 2019 11:05 AM GMT

বিত্ত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই পুৰণি চাৰ্কিট হাউচত এক বৃক্ষৰোপন কাৰ্যসূচীত ভাগ লয় ৷ ইয়াৰ পিছতে মন্ত্ৰী ড° শৰ্মাই সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰি কয় যে পিডব্লিউডি আৰু অসম চৰকাৰে প্ৰত্যেক নিৰ্মাণ স্থানত গছ ৰোপন কৰিবলৈ পদক্ষেপ লৈছে ৷ যাতে আমি সকলোয়ে ডাঙৰ হৈ গছ গছনি দেখিবলৈ পাঁও ৷ নিৰ্মাণৰ কাম চোৱা চিতা কৰা বৃহৎ বৃহৎ কোম্পানীসমূহে গছ গছনিসমূহক পৰ্যবেক্ষণ কৰিব।

লগতে ড° শৰ্মাই কয় যে লক্ষীমপুৰ মেডিকেল কলেজ,তিনিচুকীয়া মেডিকেল কলেজ,নলবাৰী মেডিকেল কলেজ ইত্যাদিত এই কাৰ্যসূচীক ইতিমধ্যে আৰম্ভ কৰিছে ৷ পুৰণি চাৰ্কিট হাউচৰ চৌপাশত প্ৰায় ৪০০ জোপা গছ গছনি ৰোপন কৰাৰ কথাও উল্লেখ কৰে মন্ত্ৰী ড° শৰ্মাই ।আনহাতে পুৰণি গছ গছনিসমূহক সংৰক্ষণ কৰাৰ প্ৰসংগটো মন্তব্য কৰে মন্ত্ৰী শৰ্মাই।

কিন্তু নিৰ্মাণৰ কাম চলি থকা ঠাইৰ গছ গছনিসমূহক কেতিয়াও ৰক্ষা কৰিব নোৱাৰিব ৷কেগৰ এক প্ৰতিবেদনৰ সন্দৰ্ভত কয় যে কংগ্ৰেছ চৰকাৰৰ দিনতকৈ বিজেপি চৰকাৰৰ দিনত বাজেটত ধাৰ্য কৰা পুঁজিৰ ব্যৱহাৰ বৃদ্ধি পাইছে। কংগ্ৰেছ চৰকাৰৰ দিনত বাজেটত ধাৰ্য কৰা পুঁজিৰ ব্যৱহাৰ মাত্ৰ ৪২ শতাংশতে সীমাবদ্ধ আছিল বুলি মন্তব্য কৰি বৰ্তমান বাজেটত ধাৰ্য কৰা পুঁজিৰ ব্যৱহাৰ ৭০ শতাংশলৈ বৃদ্ধি পাইছে বুলি কয়।

কিন্তু কেগে দিয়া প্ৰতিবেদনত আছে যে বিজেপি চৰকাৰ ৬৫ আৰু ৬৬ শতাংশ বৃদ্ধি হৈছে ৷ ইয়াৰ লগতে বিগত তিনিবছৰত বিভিন্ন ক্ষেত্ৰত এক বৃহৎ ব্যৱধান দেখিবলৈ পোৱা গৈছে বুলি মন্তব্য কৰে মন্ত্ৰী ড° শৰ্মাই ৷

ৰাজ্য চৰকাৰে ৰাজ্যখনৰ বিত্তীয় ব্যৱস্থাপনা সুস্থিৰ বুলি ঘোষণা কৰিলেও অসম বিধানসভাত দাখিল কৰা ভাৰতৰ নিয়ন্ত্ৰক আৰু মহা হিচাপ পৰীক্ষকৰ অৰ্থাৎ কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে বিপৰীত প্ৰতিচ্ছবি ৷ ২০১৭-১৮ বৰ্ষৰ ৰাজ্যিক বিত্তৰ হিছাপ পৰীক্ষা প্ৰতিবেদনখনৰ পৃষ্ঠাই পৃষ্ঠাই আছে ৰাজ্যৰ বিত্তীয় ব্যৱস্থাপনাৰ কিয়দাংশ ৷ কেগৰ প্ৰতিবেদনৰ মতে ২০১৭-১৮ বৰ্ষত বাজেটত বন আৰু পৰিবেশ বিভাগে মাত্ৰ ১০ কোটি টকা ব্যয় কৰে ৷

২০১৭-১৮ বৰ্ষত মুঠ অনুদান আৰু বিনিয়োগ ৯১,৪৫৩,০৮ কোটি টকাৰ বিপৰীতে ৬৮,৫৮৬,৯৯ কোটিহে খৰচ হোৱাত ৰাহি হয় ৩০,৮৬৬,০৯ কোটি টকা অৰ্থাৎ ৩১ শতাংশ ৷ যিটো দুৰ্বল বিত্তীয় ব্যৱস্থাপনা বুলি প্ৰতিবেদনত উল্লেখ আছে । আনহাতে ৰাহি হোৱা ৩০,৮৬৬,০৯ কোটি টকাৰ ৩৯০০ কোটি টকা চৰকাৰে সমৰ্পণ কৰে ,যি ধনৰ আকৌ ৩৮৯৪ কোটি টকাই ৩১ মাৰ্চত সমৰ্পন কৰাৰ ফলত আন বিভাগত খৰচ কৰিব নোৱাৰিলে ৷

অন্য খবৰৰ বাবে পঢ়ক: বিত্তীয় ব্যৱস্থাপনাত মহাগাণনিকৰ উদ্বেগ

Next Story
চাকৰি