Begin typing your search above and press return to search.

ৰাজ্যৰ কৃষকক ১০ কোটি টকাৰ প্ৰৱঞ্চনা

ৰাজ্যৰ কৃষকক ১০ কোটি টকাৰ প্ৰৱঞ্চনা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  9 July 2019 10:23 AM GMT

ৰাজ্যৰ কৃষকসকলৰ ক্ষেত্ৰত লোৱা বিভিন্ন আঁচনিৰ সময়তে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কৃষকক প্ৰায় ১০ কোটি টকাৰ প্ৰৱঞ্চনা কৰাৰ অভিযোগ উঠিছে। বিগত পাঁচ বছৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কৃষকক প্ৰৱঞ্চনা কৰাৰ অভিযোগত অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই আসাম ভেজিটেবল গ্ৰ’ৱাৰ্চ ক’ অপাৰেটিভ ছ’চাইটিঃ লিমিটেড নামৰ ভূৱা প্ৰতিষ্ঠানৰ মুখ্য কাৰ্যবাহী বিষয়াকে ধৰি তিনি গৰাকী মুখ্য বিষয়াক গ্ৰেপ্তাৰ কৰে ৷

ইয়াৰ ভিতৰত মুখ্য কাৰ্যবাহী বিষয়া ৰাহুল আমিন,উপ সভাপতি ৰঞ্জন পেগু আৰু বক্সাৰ হিমানী বসুমতাৰীক কৃষকক বঞ্চনা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে ৷ এই তিনি প্ৰৱঞ্চকৰ নেতৃত্বত ৰাজ্যৰ বহু স্থানত কৃষকক চৰকাৰী আঁচনিৰ ৯০ শতাংশকৈ অংশ ৰাজসাহাৰ্য্য কৰি সুবিধা প্ৰদান বাবে চেক আৰু ডিমাণ্ড ড্ৰাফট যোগে বৃহৎ ধন সংগ্ৰহ কৰে।

বি আই ই অ’ৰ থানাত এই প্ৰৱঞ্চনা সন্দৰ্ভত ভাৰতীয় দণ্ডবিধিৰ ১২০/(বি)/৪২০/৪০৬/৪০৯/৪৬৮/৪৭১ ধাৰাৰ অধীনত ১১/২০১৯ নম্বৰত এটা গোচৰ ৰজু কৰি তদন্ত আৰম্ভ কৰে ৷ ইফালে, কৃষকক ট্ৰেক্টৰ,পাৱাৰ টিলাৰ,হাঁহ কুকুৰা পালন,গাহৰি পালন,মীন পালন,ছাগলী ফাৰ্মকে ধৰি বিভিন্ন চৰকাৰী আঁচনিৰ ক্ষেত্ৰত প্ৰৱঞ্চনা কৰিছে ৷ এই সন্দৰ্ভত প্ৰায় ৩০ জনকৈ ভুক্ত ভোগীয়ে গুৱাহাটীৰ হেঙেৰাবাৰীত মুখ্য কাৰ্যালয় পাতি লুণ্ঠন চলোৱা আৰু ৰাহুল আমিনৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে ৷

ৰাজ্যত সম্প্ৰতি কৃষি কৰ্মৰ প্ৰস্তুতি দেখা গৈছে। তাৰ মাজতে বিশ্বনাথ চাৰিআলি,শোনিতপুৰআৰু দৰং জিলাৰ কৃষকসকলৰ মাজত কৃষিক লৈ তীব্ৰ অশান্তি সৃষ্টি হৈছে। কাৰণ বিশ্ব নাথ চাৰিআলিৰ কিছু সংখ্যক স্থানত কৃষকসকলে জলকীয়া খেতি কৰিছে ৷ কিন্তু গছ ডাঙৰ হ’ল কিন্তু এতিয়ালৈকৈ জলকীয়া লগা নাই ৷ দৰং জিলাৰ বৰচলাত কৃষকসকলে মাকৈ খেতি কৰিছে যদিও কোনো গছ পাত নোহোৱাকৈ মাকৈ গছৰ অৱস্থা শোচনীয় হৈছে ৷ এইয়া মাত্ৰ উদাহৰণহে প্ৰত্যেক বছৰে ৰাজ্যৰ কৃষি বিভাগে দিয়া বীজসমূহে কৃষকসকলক কোনো ধৰণৰ উন্নত ফল যোগান ধৰাত সহায় নকৰে ।

অন্য খবৰৰ বাবে পঢ়ক: ৰাজ্যত কৃষি ব্যৱস্থাৰ অগ্ৰগতিত প্ৰতিক্ৰিয়া কৃষকসকলৰ

Next Story
চাকৰি