বঙাইগাঁওৰ কুঞ্জিয়া নদীত সলিল সমাধি দুজন মহাবিদ্যালয়ৰ ছাত্ৰৰ

বঙাইগাঁওৰ কুঞ্জিয়া নদীত সলিল সমাধি দুজন মহাবিদ্যালয়ৰ ছাত্ৰৰ

বঙাইগাঁওৰ কুঞ্জিয়া নদীত সলিল সমাধি দুজন মহাবিদ্যালয়ৰ ছাত্ৰ । এই মৰ্মান্তিক ঘটনাটো সংঘটিত হৈছে বঙাইগাঁও জিলাৰ জোগীঘোপা কঠকবাৰীত। বৃহস্পতি বাৰে সন্ধিয়া এই মৰ্মান্তিক ঘটনাটো সংঘটিত হয় ।

ছাত্ৰ দুজনক ইতিমধ্যে চিনাক্ত কৰা হৈছে । এজনৰ নাম ডাৰ্কিৱ আহমেদ আৰু নবজিৎ ৰায় । দুয়োজনে অময়াপুৰীৰ বুলি জানিব পৰা গৈছে । দাকিৰ্ভ আহমেদৰ বয়স ১৯ বছৰ আৰু নবজিৎ ৰায়ৰ বয়স ২০ বছৰ বুলি জানিব পৰা গৈছে ।

ঘটনাটো সংঘটিত হোৱাৰ পাছতে এচ ডি আৰ এফে উদ্যোগত অভিযান আৰম্ভ কৰিছিল যদিও বৃহস্পতি বাৰলৈকে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাছিল মৃত্যুদেহ । শুকুৰবাৰে ৰাতিপুৱা এচ ডি আৰ এফে কুঞ্জিয়া নদীৰ পৰা ছাত্ৰ দুজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ।

উল্লেখযোগ্য যে ডাৰ্কিৱ আৰু নবজিৎৰ লগত কুঞ্জিয়া নদীত গা ধুবলৈ গৈছিল চাহিল হুছেইন আৰু আনিচুৰ ৰহমান নামৰ আন দুজন ছাত্ৰ । কিন্তু এই ঘটনা সংঘটিত হোৱাৰ পাছৰ পৰা চাহিল হুছেইন আৰু আনিচুৰ ৰহমান সন্ধানহীন হৈ আছে । ছাত্ৰ দুজনৰ সন্ধানহীন হৈ থকা ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে ।

এনেধৰনৰ ঘটনা সমুহ ৰাজ্যত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে । ১০ জুনত এনে এক ঘটনা সংঘটিত হৈছিল । চন্দ্ৰপুৰত দুজন জাগীৰোড কলেজৰ আৰু এজন চন্দ্ৰপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ব্ৰক্ষপুত্ৰত পৰি সলিল সমাধি ঘটে ।

প্ৰকাশ কৰা মতে চন্দ্ৰপুৰৰ বিখ্যাত বনভোজ স্থলী তপৌবনত ফুৰিবলৈ গৈছিল ছাত্ৰ কেইজন । ছাত্ৰ কেইজনৰ নাম ৰঞ্জন ডেকা, ভাৰ্গৱ ডেকা , তৃষ্ণা কলিতা, অৰ্চনা ডেকা আৰু ধ্ৰুবজ্যোতি হাজৰিকা। বিদ্যালয়ৰ পোছাক গৈছিল ছাত্ৰ কেইজন। ব্ৰহ্মপুত্ৰত সাতুৰিবলৈ গৈ সন্ধানহীন হৈ আছে ছাত্ৰ কেইজন।

স্থানীয় লোকে এই ঘটনাটো আত্মহত্যাৰ ঘটনা বুলি প্ৰকাশ কৰিছে । কিন্তু প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই । আনহাতে, অৰ্চনা ডেকা আৰু ধ্ৰুবজ্যোতি হাজৰিকাক সূস্থ অবস্থাত পোৱা গৈছে । তেওঁলোকৰ সন্ধানহীন বন্ধু কেইজনক নিৰাপদে উদ্ধাৰ হোৱাৰ কামনা কৰিছে ।

এচ ডি আৰ এফ আৰু এন ডি আৰ এফে ছাত্ৰ কেইজনৰ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে । পিছত ৰঞ্জন ডেকা আৰু ভাৰ্গৱ ডেকাৰ মৃতদেহ উদ্ধাৰ কৰে এচ ডি আৰ এফ আৰু এন ডি আৰ এফে । এই ঘটনাই এক শোকাকুল পৰিবেশৰ সৃষ্টি হৈছে অঞ্চলত কেইটাত ।

এনে ধৰণৰ ঘটনা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৰাজ্যত। বাৰিষা অহাৰ লগে লগে ওফন্দি উঠিছে নদ-নদী সমূহ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com