বিয়েৰ খাই পৰিশোধ কৰিলে ৭০ লাখঃ হতবাক ছ’চিয়েল মিডিয়া

বিয়েৰ খাই পৰিশোধ কৰিলে ৭০ লাখঃ হতবাক ছ’চিয়েল মিডিয়া

বিয়েৰ খাই এজনে ব্যক্তিয়ে প্ৰায় ৭০ লাখ পৰিশোধ কৰা কথাই সম্প্ৰতি সকলোকে আছৰিত কৰি তুলিছে।আজি কিছুদিনৰ পৰা যিকোনো চালানে আমাৰ সকলোকে হাৰ্ট এটেক দিয়া যেন অনুভৱ হয় ৷ সেয়া লাগিলে নতুনকৈ আৰম্ভ হোৱা যান বাহন আইনৰ জৰিমনাই হওঁক বা হোটেল ৰেস্তুৰেন্টৰ জৰিমনাৰ চালানেই হওঁক ৷

শেহতীয়াকৈ অষ্ট্ৰেলিয়াৰ এখন সংবাদ পত্ৰৰ সাংবাদিক পীটাৰ লালোৰে বিয়েৰ ক্ৰয় কৰাৰ পিছত পৰিশোধ কৰা বিলে সকলোকে সচকিত কৰিছে ।পীটাৰ লালোৰে ইংলেণ্ডৰ মানচেষ্টাৰৰ এখল হোটেলৰ বাৰত পৰিশোধ কৰে ৯৯,৯৮৩,৬৪ ডলাৰ ৷ অৰ্থাৎ ৭১,৬৩,৩৭৭ লাখ টকা। ইয়াৰ পিছতে পিটাৰে বিয়েৰত পৰিশোধ কৰা ধনৰ পৰিমাণ সহ এটি প’ষ্ট টুইটাৰ যোগে প্ৰকাশ কৰে আৰু লিখে যে সচাকৈয়ে ৷মন কৰক এই বিয়েৰটিলৈ। ইতিহাসত আটাইতকৈ ব্যয় বহুল এই বিয়েৰ। মই এই বিয়েৰৰ বিনিময়ত দিছো ৯৯,৯৮৩.৬৪ ডলাৰ ৷

https://twitter.com/plalor/status/1169544516048687105

অৱশ্যে এনেধৰণৰ ঘটনা বিশ্বত এইয়া প্ৰথম নহয় ৷পূৰ্বতেও এনেধৰণৰ ঘটনা সংঘটিত হৈছে এইখন বিশ্বত ৷বিগত সময়ত বলীউডৰ অভিনেতা ৰাহুল বোসৰ লগত অনুৰূপ ঘটনাই সংঘটিত হৈছিল।অভিনেতা ৰাহুল ব’চে যেতিয়া চণ্ডীগড়ৰ এখন পঞ্চ তাৰকাযুক্ত হোটেলত থাকিছিল , হোটেল কতৃপক্ষয়ে ২ টা কলৰ বাবে অতিমাত্ৰা দাম নিৰ্ধাৰণ কৰা ঘটনা ছছিয়েল মেডিয়াত প্ৰকাশ কৰিছে ।

অভিনেতা ৰাহুল ব’চে প্ৰকাশ কৰে যে, তেওঁ যেতিয়া পঞ্চ তাৰকা যুক্ত হোটেল খনৰ জিমত কল আনিবলৈ কৈছিল , হোটেল কতৃপক্ষয়ে কোনো কাৰণ নোহোৱাকৈ দুটা কলৰ দাম ৪৪২.৫০ লয় । হোটেলৰ কতৃপক্ষয়ে কল দুটা ” Fruit Platter ‘ বুলি প্ৰদান কৰে । কল দুটাৰ ফটো সহ সমগ্ৰ ঘটনাটো ছছিয়েল মেডিয়াত প্ৰকাশ কৰে ৰাহুল ব’চে। বলীউড অভিনেতা ৰাহুল ব’চে প্ৰকাশ কৰে যে, ” আপুনি এইটো প্ৰতক্ষ্য কৰক , বিশ্বাস কৰক । কোনে কয় যে কল আপোনাৰ বাবে ক্ষতিকাৰক নহয়? “( “You have to see this to believe it. Who said fruit wasn’t harmful to your existence? Ask the wonderful folks at @JWMarriottChd #goingbananas #howtogetfitandgobroke #potassiumforkings.”)

ছবিৰ চুটিংৰ কামত চণ্ডীগড়ৰ এই পঞ্জ তাৰকাযুক্ত হোটেল খনত থাকিব লগা হৈছে বলীউড অভিনেতা ৰাহুল ব’চ । পিছত অভিনেতা জনক কোৱা হৈছে যে GST ৰ বাবে দাম বৃদ্ধি কৰা হৈছে । দামৰ ক্ষেত্ৰত হোটেল খনে কৰা ব্যবসায় অতি আচৰিত । হোটেলৰ কতৃপক্ষয়ে কল দুটা ” Fruit Platter ‘ বুলি প্ৰদান কৰে । অতিমাত্ৰা দাম দিয়াৰ পিছত ৰাহুল ব’চে প্ৰকাশ কৰে যে “মোৰ স্বাস্থ্যৰ বাবে ভাল “।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com