Begin typing your search above and press return to search.

উত্তৰ লক্ষিমপুৰ আৰু বিহপুৰিয়াত শুৱনশিৰি নদীৰ ভয়াবহ গৰাখহনীয়া

উত্তৰ লক্ষিমপুৰ আৰু  বিহপুৰিয়াত শুৱনশিৰি নদীৰ ভয়াবহ গৰাখহনীয়া

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  10 Aug 2019 9:52 AM GMT

ৰাজ্যত ভয়াবহ বানৰ পাছত এতিয়া ভয়াবহ গৰাখহনীয়াৰ কবলত । গোলাঘাট জিলাৰ মৰঙী ৰাজহ চক্ৰৰ অন্তৰ্গত বিভিন্ন স্থানত ভয়াবহ গৰাখহনীয়া অব্যাহত আছে ।দৈগ্ৰোঙৰ বিভিন্ন অঞ্চলত মিথাম চাপৰি, জাথিপতিয়া , কেন্দুগুৰিত ধনশিৰি নদীৰ গৰাখহনীয়ায়ে ভয়াবহ ৰূপ ধাৰণ কৰিছে । কৃতপক্ষয়ে বিভিন্ন প্ৰান্তত গৰাখহনীয়া ৰোধৰ বাবে ব্যৱহাৰ গ্ৰহণ কৰিছে যদিও বিভিন্ন প্ৰান্তত হেক্টৰ হেক্টৰ কৃষিভূমি আৰু ভুমি নৈ বুকুত জাহ গৈছে ।

গৰাখহনীয়া এই অঞ্চল সমূহত ৰোধ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বহুবাৰ আবেদন নিবেদন কৰিছে স্থানীয় ৰাইজে । ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধনশিৰি , শুৱনশিৰি নদীকে ধৰি বিভিন্ন নদীৰ ভয়াবহ গৰাখহনীয়া কবলত ।লক্ষীমপুৰ জিলাৰ মুঠ ৮৬ খন গাঁৱৰ উত্তৰ লক্ষীমপুৰ ৰাজহ চক্ৰ,৪ নং নাওবৈচা ৰাজহ চক্ৰ,বিহপুৰীয়াৰ ১০ নং ৰাজহ চক্ৰ,২৪ নং ৰাজহ চক্ৰৰ নাওবৈচা,১৬ নং ঢকুৱাখানা ৰাজহ চক্ৰ,১৫ নং সোৱনশিৰী ৰাজহ চক্ৰত বানৰ প্ৰকোপ কিছুপৰিমাণে হ্ৰাস পাইছে ৷ ইফালে বানে বিধ্বস্ত কৰা জিলাখনত দহ দিনৰ দিনা হৈছে ৪৫,৭৬৭ লোক আক্ৰান্ত হৈছে। জিলা প্ৰশাসনৰ এক বিশেষ তথ্য অনুসৰি জিলাখনত ৩৩৬১.৮৭ হেক্ট’ৰ ভূমি বানে প্ৰভাৱিত কৰিছে।উল্লেখযোগ্য যে ধাৰাষাৰ বৰষুণৰ ফলত ৰঙানদী জল- বিদুৎ প্ৰকল্পৰে অতিৰিক্ত পানী এৰি দিয়াৰ ফলত জলমগ্ন হৈ পৰিছিল লক্ষিমপুৰ ।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভয়াবহ গৰাখহনীয়াৰ কবলত । ব্ৰহ্মপুত্ৰৰ ভয়াবহ গৰাখহনীয়াৰ ফলত কাজিৰঙাৰ ভূমি সংকুচিত হৈ পৰিছে বুলি প্ৰকাশ কৰিছে ।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি ৰেঞ্জলৈ ভাবুকি কঢ়িয়াই আনিছে। ইয়াৰে গড়ৰ বিচৰন ভূমিৰ এটা বৃহৎ অংশ ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যায় ।সংৰক্ষণকাৰী আৰু বন্যপ্ৰানীৰ কৰ্মীয়ে প্ৰকাশ কৰে যে, যদি এতিয়া গৰাখহনীয়াৰ সন্দৰ্ভত কোনো ব্যবস্থা গ্ৰহণ কৰা নহয় , তেতিয়া এক ভয়াবহ পৰিস্থিতিৰ সন্মুখীন হব ।

গোলাঘাট জিলাৰ কেইবাখনো গাওঁলৈ ধনশিৰি নদীৰ প্ৰবল গৰাখহনীয়াই ভাবুকি কঢ়িয়াই আনিছে ৷ কৃষিজীৱী ৰাইজৰ কেইবাবিঘা কৃষিভূমি ধনশিৰি নদীৰ গৰাখহনীয়াৰ কবলত পৰিছে ৷ খহনীয়াই ভাবুকি কঢ়িয়াই আনিছে ঐতিহাসিক ধোদৰ আলিলৈও ৷

মাজুলীতো ব্ৰহ্মপুত্ৰৰ ভয়াবহ গৰাখহনীয়াৰ কবলত । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভয়াবহ গৰাখহনীয়াৰ কবলত । ব্ৰহ্মপুত্ৰৰ ভয়াবহ গৰাখহনীয়াৰ ফলত কাজিৰঙাৰ ভূমি সংকুচিত হৈ পৰিছে বুলি প্ৰকাশ কৰিছে ।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি ৰেঞ্জলৈ ভাবুকি কঢ়িয়াই আনিছে। ইয়াৰে গড়ৰ বিচৰন ভূমিৰ এটা বৃহৎ অংশ ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যায় ।সংৰক্ষণকাৰী আৰু বন্যপ্ৰানীৰ কৰ্মীয়ে প্ৰকাশ কৰে যে, যদি এতিয়া গৰাখহনীয়াৰ সন্দৰ্ভত কোনো ব্যবস্থা গ্ৰহণ কৰা নহয় , তেতিয়া এক ভয়াবহ পৰিস্থিতিৰ সন্মুখীন হব ।

অধিক খবৰৰ বাবে পঢ়ক: বিত্তীয় পেনেলে গৰাখহনীয়াক দুৰ্যোগ হিচাপে ঘোষণা কৰিব লাগে: কেশৱ মহন্ত

ভিডিঅ প্ৰতক্ষ্য কৰক:South Salmara-Mankachar police on alert for I-Day

Next Story
চাকৰি