অবিশ্বাস্য, যুৱতীৰ পেটত ওলাল ১.৬ কিলোগ্ৰাম অলংকাৰ,৯০ টা কইনছ: কিন্তু কেনেকৈ?

ৰামপুৰহাট চিকিৎসালয়ত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷এগৰাকী যুৱতীৰ পেটত ওলালে ১.৬৮ কেজি অলংকাৰ,৬০ টা কইনচ,আৰু ঘড়ী ৷ ২২ বছৰীয়া যুৱতী গৰাকীৰ নাম ৰুনী খাতুন ৷ ঘটনা অনুসৰি ৰুনী খাতুন সহ পৰিয়ালৰ লোকসকল এক সপ্তাহৰ পূৰ্বতে বীৰভূমি জিলাৰ মাৰগ্ৰামৰ ৰামপুৰহাট ৰাজহ চক্ৰৰ এখন চিকিৎসালয়ত পেটৰ বিষৰ কাৰণে চিকিৎসাৰ কাৰণে উপস্থিত হয়।
ৰেডিঅ’ল’জিক’ল পৰীক্ষাৰ পিছত চিকিৎসকে ৰুনী খাতুনৰ পেটত অলংকাৰ থকাৰ উমান পায় । লগতে চিকিৎসক ডা° সিদ্ধাৰ্থ বিশ্বাসে প্ৰকাশ কৰে যে আমি ৰুনী খাতুনৰ পেটত বিভিন্ন প্ৰকাৰ অলংকাৰ,আৰু আঙুঠি লাভ কৰিছো ৷যাৰ ওজন হ’ব ১.৬৮ কিলোগ্ৰাম। ৬০ টা কইনৰ লগতে এটি ঘড়ীও আছে ৷ইয়াৰ পিছতে চিকিৎসকৰ এটি দলে ৰুনী খাতুনৰ অস্ত্ৰোপ্ৰচাৰ আৰম্ভ কৰে। প্ৰায় ১ ঘন্টা ১৫ মিনিট হোৱা এই অস্ত্ৰোপ্ৰচাৰৰ পিছত যুৱতীগৰাকীৰ স্থিতি সম্প্ৰতি স্বাভাৱিক হৈছে।
সম্প্ৰতি যুৱতীগৰাকীক মানসিক চিকিৎসকৰ ওচৰলৈ লৈ যোৱা হয় । ইফালে চিকিৎসালয় খনৰ বিষয়া শৰ্মীলা মৌলিকে কয় যে ৰুনী খাতুন মানসিকভাৱে অস্থিৰ ৷ এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত ৰুনী খাতুনৰ মাতৃয়ে কয় যে যুৱতী গৰাকী কিছুদিনৰ পৰা ভাতৃৰ অলংকাৰৰ দোকানত অলংকাৰ বিক্ৰী কৰি আছিল ৷
সম্ভৱত দোকান খনত কোনো নথকাৰ সময়তে ৰুনীয়ে অলংকাৰ সমূহ খাই আছিল। আকৌ যেতিয়া ৰুনী খাতুনৰ বাসগৃহৰ পৰা অলংকাৰ সমূহ হেৰাই যাবলৈ ধৰাৰ সময়তে এই সন্দৰ্ভত মাতৃয়ে যুৱতীগৰাকী সোধপোচ কৰিলত যুৱতী গৰাকীয়ে কান্দিবলৈ ধৰে ৷ লগতে যুৱতীগৰাকীৰ মাতৃ ৰুনী মানসিক ভাৱে অস্থিৰ বুলিও কয়। চিকিৎসকৰ মন্তব্য অনুসৰি যেতিয়াই ৰুনীৰ ভোক লাগিছিল তেতিয়াই তাই অলংকাৰ বা তেনেধৰণৰ বস্তুসমূহ ভক্ষণ কৰিছিল ৷ যাৰ কাৰণে আজিৰ এই পৰিস্থিতিৰ সন্মুখীন হ’ব লগা হৈছে৷
অন্য খবৰৰ বাবে পঢ়ক: আন যুৱতীৰ ওপৰত চকু! প্ৰেমিকায়ে মুৰত মাৰিলে লেপটপ