নাগাৰ্জুনাৰ ফাৰ্ম হাউচত উদ্ধাৰ অৰ্দ্ধগলিত মৃতদেহ : আৰক্ষীৰ তদন্ত আৰম্ভ

নাগাৰ্জুনাৰ ফাৰ্ম হাউচত উদ্ধাৰ অৰ্দ্ধগলিত মৃতদেহ : আৰক্ষীৰ তদন্ত আৰম্ভ

নাগাৰ্জুনাৰ ফাৰ্ম হাউচত উদ্ধাৰ হৈছে এটি অৰ্দ্ধগলিত মৃতদেহ। ইয়াৰ পিছতে চাঞ্চল্যৰ সৃষ্টি হৈছে সৰ্বত্ৰে ৷ বুধবাৰে নিশা দক্ষিণ ভাৰতৰ অভিনেতা নাগাৰ্জুনাৰ কৃষি ভূমিত এটি অৰ্দ্ধ গলিত মৃত উদ্ধাৰ হয় ৷আৰক্ষীয়ে কৰা সন্দেহ অনুসৰি মৃতদেহটো প্ৰায় ৬ মাহ পুৰণি ৷লগতে মৃত দেহটোৰ সন্দৰ্ভত আৰু অধিক তথ্যৰ কাৰণে আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে।

ইফালে চাইবেৰাবাদ আৰক্ষীৰ মন্তব্য অনুসৰি প্ৰায় ৪০ একড় এই ভূমিখিনি দক্ষিণ ভাৰতৰ জনপ্ৰিয় তেলেগু ছবিৰ অভিনেতা নাগাৰ্জুনে ক্ৰয় কৰিছিল ৷ কিন্তু এই ভূমিক ব্যৱহাৰ কৰা নাছিল ৷ কিছুদিন পূৰ্বে তেলেগু ছুপাৰষ্টাৰ নাগাৰ্জুনাৰ পত্নী অক্কিনী আমলাই এই ভূমি পৰিদৰ্শন কৰে ৷ আনহাতে বুধবাৰে নাগাৰ্জুনাৰ কৃষি ভূমিত কাম কৰি থাকোতে এটি অসহ্যকৰ বেয়া গোন্ধ পায় খেতিয়কসকলে ৷

ইয়াৰ পিছতেই ভালদৰে চোৱা চিতা কৰাৰ পিছতেই কৃষিত কাম কৰা খেতিয়কসকলে জানিব পাৰে যে সেয়া এক অৰ্দ্ধ গলিত মৃতদেহৰ গোন্ধ ।আৰু খেতিয়কসকলে তৎক্ষনাত স্থানীয় আৰক্ষীক খবৰ দিয়ে ৷ আৰু আৰক্ষীয়ে সকলো ঘটনা তদন্ত কৰে ৷ইতিমধ্যে আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত আইপিচি ১৭৪ ধাৰা অন্তৰ্গতত এটি গোচৰ দাখিল কৰিছে।

আৰু মৃতকৰ পৰিচয় যাতে অতি সোনকালে জানিব পাৰে তাৰ কাৰণে গাঁৱৰ নিৰুদ্দেশ লোকসকলৰ নামৰ তালিকা তৈয়াৰ কৰিছে। আনহাতে অলপতে তেলেগু ছুপাৰ্ষ্টাৰ নাগাৰ্জুনে ৬০ বছৰীয়া জন্ম দিন পৰিয়ালৰ লগতে পালন কৰি আহিছে। ইফালে নাগাৰ্জুনে বিগ বছ তেলেগু ৩ আঁত ধৰাত ব্যস্ত আছে ।

ভিডিঅ প্ৰতক্ষ্য কৰক:AASU Hojai Unit demands re-introduction of Assamese Language at Railway Station

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com