Begin typing your search above and press return to search.

কেন্দ্ৰীয় মন্ত্ৰী মহেন্দ্ৰ নাথ পাণ্ডেৰ উত্তৰ পূবত দক্ষতা উন্নয়ন কেন্দ্ৰৰ স্থাপনত প্ৰতিক্ৰিয়া

কেন্দ্ৰীয় মন্ত্ৰী মহেন্দ্ৰ নাথ পাণ্ডেৰ উত্তৰ পূবত দক্ষতা উন্নয়ন কেন্দ্ৰৰ স্থাপনত প্ৰতিক্ৰিয়া

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  29 July 2019 11:16 AM GMT

কেন্দ্ৰীয় দক্ষতা উন্নয়ন আৰু উদ্যমিতা দপ্তৰৰ মন্ত্ৰী মহেন্দ্ৰ নাথ পাণ্ডেই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত সাক্ষাৎ কৰি ৰাজ্যখনৰ দক্ষতা উন্নয়নৰ বিভিন্ন বিষয় সন্দৰ্ভত এখন বৈঠকত মিলিত হয়। বৈঠকৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰী মহেন্দ্ৰ নাথ পাণ্ডেই উত্তৰ পূৱ দক্ষতা উন্নয়ন কেন্দ্ৰ গুৱাহাটীত স্থাপন কৰাৰ বাবে প্ৰয়োজনীয় ভূমি আৱন্টনৰ পদক্ষেপ ল’বলৈ আহ্বান কৰে।

য’ত আঠখন ৰাজ্যৰ বিকাশত সহায় কৰিব। ইফালে এই সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে আশ্বাস দিয়ে যে আৱশ্যকীয় ভূমিৰ চোৱা চিতা ইতিমধ্যে কৰা হৈছে ৷ আৰু অনতি পলমে ইয়াৰ কাম আৰম্ভ কৰা হ’ব । সোনোৱালে লগতে কয় যে ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰৰ ব্যৱসায় বানিজ্যত উল্লেখযোগ্য বৃদ্ধি হৈছে ৷

নুমলীগড় শোধনাগাৰৰ উৎপাদন ক্ষমতা বৰ্তমানৰ বছৰেকত তিনি মিলিয়ন মেট্টিক টনৰ পৰা ৯ মিলিয়ন মেট্ৰিক টনলৈ বৃদ্ধিৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰায় ২৩ হাজাৰ কোটি টকা প্ৰদানৰ পদক্ষেপে ৰাজ্যখনত বৃহৎ সংখ্যক দক্ষ মানৱ সম্পদৰ চাহিদা সৃষ্টি কৰিছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে৷ লগতে মুখ্যমন্ত্ৰী সোনোৱালে অসমত দক্ষতা উন্নয়ন বিশ্ববিদ্যালয় স্থাপন কৰিবৰ কাৰণে অনতি পলমে ৰাজ্য চৰকাৰক সহায় কৰিবলৈ আহ্বান কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক ৷

এই পদক্ষেপে দেশৰ যুৱ প্ৰজন্মক যোগ্য নাগৰিক হিচাপে প্ৰতিষ্ঠিত কৰাত সহায় কৰিব ৷ ইফালে মুখ্যমন্ত্ৰীয়ে উত্থাপন কৰা বিষয়টোৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বৈঠকত উপস্থিত থকা মন্ত্ৰ্যালয়ৰ বিষয়াক ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠানৰ সহযোগিতাৰে ঠিকাদাৰসকলৰ দক্ষতা উন্নয়নৰ কাৰ্যসূচী গ্ৰহণৰ সম্ভাৱনীয়তাৰ দিশটো ভালদৰে চালি জাৰি এই দিশত পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে ৷ বৈঠকত খনত উদ্যোগ আৰু বানিজ্য বিভাগৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে যুৱক যুৱতীসকলৰ বিৰুদ্ধে ল’ব লগা বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে।

অন্য খবৰৰ বাবে পঢ়ক: গুৱাহাটী ৰিফাইনেৰীৰ মুখ্যমন্ত্ৰীৰ পুঁজিলৈ সাহায্য প্ৰদান

Next Story
চাকৰি