Begin typing your search above and press return to search.

এন আৰ চি পৰবৰ্তী পৰ্যায়ৰ ব্যবস্থাপনাৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ বৈঠক

এন আৰ চি পৰবৰ্তী পৰ্যায়ৰ ব্যবস্থাপনাৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ বৈঠক

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  19 July 2019 7:05 AM GMT

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী চুৰান্ত খচৰা প্ৰকাশ কৰিবলৈ মাজত মাত্ৰ ১০ দিন বাকী। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চুৰান্ত খচৰা প্ৰকাশ কৰাৰ পাছৰ পৰ্যায়ৰ পৰিস্থিতিৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ লগত বৃহস্পতি বাৰে নতুন দিল্লীত বৈঠকত মিলিত হয় । শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে এন আৰ চিৰ গোচৰৰ শুনানি গ্ৰহণ কৰিব ।

সূত্ৰয়ে প্ৰকাশ কৰা মতে, এন আৰ চিৰ পৰবৰ্তী ব্যবস্থাপনা আৰু বিদেশী ন্যায়াধীশকৰন প্ৰস্তাৱ সমূহৰ ওপৰত আলোচনা কৰা হয়। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত যিসকলৰ নাম অন্তৰ্ভুক্ত হোৱা নাই তেওঁলোকৰ বিষয় সমূহ বিদেশী ন্যায়াধীশকৰনলৈ প্ৰেৰণ কৰা হয় , তেওঁলোকৰ নাগৰিকত্ব প্ৰমাণ দিয়াৰ বাবে ।

৬ খন জিলাৰ মুখ্য কাৰ্যালয়ৰ অধিনত ৰাজ্যত ২০০ খন বিদেশী ন্যায়াধীশকৰনৰ স্থাপন কৰা হব । ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চুৰান্ত খচৰা প্ৰকাশ কৰাৰ পিছত সৃষ্টি হব লগা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যত ২০০ খন বিদেশী ন্যায়াধীশকৰন স্থাপন কৰা হব। গুৱাহাটী , যোৰহাট , শিলচৰ , নগাঁও, বঙাইগাঁও আৰু তেজপুৰত স্থাপন কৰা হব । ৩১ জুলাইত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চুৰান্ত খচৰা প্ৰকাশ কৰাৰ এমাহৰ পিছত এই বিদেশী ন্যায়াধীশকৰন সমুহ কাৰ্যক্ষম কৰা হব । অনুমোদন জনোৱা ৪০০ খন বিদেশী ন্যায়াধীশকৰনৰ ২০০ খন প্ৰথম পৰ্যায়ত অনুমোদন জনোৱা হব।

প্ৰথম পৰ্যায়ত ৬ খন জিলাত বিদেশী ন্যায়াধীশকৰন স্থাপন কৰা হব ।অসমৰ ৬৪ খন অতিৰিক্ত বিদেশী ন্যায়াধীশকৰনৰ সময় সীমা বৃদ্ধি কৰাৰ পৰিবৰ্তে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে অসমত ৪০০ খন অধিক বিদেশী ন্যায়াধীশকৰন স্থাপনৰ অনুমোদন জনাইছিল।৪০০ খন বিদেশী ন্যায়াধীশকৰনৰ সৈতে অসমত মুঠ বিদেশী ন্যায়াধীশকৰন হব ৫০০ খন । বৰ্তমান অসমত ৩৬ খন স্থায়ী বিদেশী ন্যায়াধীশকৰন আৰু ৬৪ খন অতিৰিক্ত বিদেশী ন্যায়াধীশকৰন আছে।৩৩ বছৰত অসমত বিদেশী ন্যায়াধীশকৰনে ১.১৭ লাখ লোকক বিদেশী বুলি ঘোষণা কৰিছে ।

ৰাজনৈতিক আৰু গৃহ বিভাগৰ উচ্চ পৰ্যায়ৰ সূত্ৰয়ে প্ৰকাশ কৰে যে, এই বিষয়ৰ সন্দৰ্ভত ইতিমধ্যে উচ্চতম ন্যায়ালয়ক অবগত কৰা হৈছে “।৩০ জুলাইত প্ৰকাশ পাব লগা এন আৰ চিৰ সম্পূৰ্ণ খচৰাত ৪০.০৭ লাখ লোকৰ নাম অন্তৰ্ভুক্ত হোৱা নাই । ২০১৮ চনত ৩.২৯ কোটি লোকে এন আৰ চিত নাম অন্তৰ্ভুক্ত কৰিবলৈ আবেদন কৰিছিল । সম্পূৰ্ণ খচৰা প্ৰকাশ কৰিছে কৰাৰ পূৰ্বে লোক সকলে নাম অন্তৰ্ভুক্তিৰ আবেদন কৰিব পাৰিব ।অভিযোগ আৰু আবেদনৰ প্ৰক্ৰিয়া চলি আছে। ৩৬.২ লোকে আবেদন কৰিছে যত ইতিমধ্যে ২ লাখ লোকৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে ।

অন্য খবৰৰ বাবে পঢ়ক : চৰকাৰে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক উপেক্ষা কৰিছে: অসমৰ প্ৰদেশ কংগ্ৰেছৰ অধ্যক্ষ ৰিপুণ বৰা

Next Story
চাকৰি