ইউনাইটেড ৱৰ্কমেন ইউনিয়নৰ কা- বাতিল কাৰাৰুদ্ধ নেতাক মুক্তিৰ দাবীত প্ৰতিবাদ

ইউনাইটেড ৱৰ্কমেন ইউনিয়নৰ কা- বাতিল কাৰাৰুদ্ধ নেতাক মুক্তিৰ দাবীত প্ৰতিবাদ
Published on

ইউনাইটেড ৱৰ্কমেন ইউনিয়নৰ কা- বাতিল কাৰাৰুদ্ধ নেতাক মুক্তিৰ দাবীত প্ৰতিবাদ।‌ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে। নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদত গ্ৰেপ্তাৰ হোৱা লোকক বিনা চৰ্তত ৰেহাই দিয়াৰ দাবী উত্থাপন কৰি ইউনাইটেড ৱৰ্কমেন ইউনিয়নে গুৱাহাটীত শনিবাৰে পুৱা ৮.৩০ ৰ পৰা দুপৰীয়া ১২.৩০ লৈ ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে।

গুৱাহাটী শোধানাগাৰ ৱৰ্কমেন ইউনিয়নৰ আহ্বানত হোৱা প্ৰতিবাদী কাৰ্যসূচীত অখিল গগৈ সহ আন নেতাক কাৰাগাৰৰ পৰা মুক্তি কৰাৰ দাবী উত্থাপন কৰাৰ লগতে প্ৰতিবাদী দলটোৱে আন কিছুমান দাবীও উত্থাপন কৰে । কাৰাৰুদ্ধক মুক্তিৰ দাবীৰ উপৰিও গুৱাহাটী শোধানাগাৰৰ নতুন প্ৰকল্পত ৮০% থলুৱা লোকৰ সংৰক্ষন নিশ্চিত, দীৰ্ঘদিন ধৰি পূৰ্ণ নোহোৱা চুক্তি সমূহ ৰূপায়ন কৰা শ্ৰমিক নিৰ্যাতন বন্ধ কৰা, শ্ৰমিক বিৰোধী নীতি প্ৰত্যাহাৰ, বে আইনী চাটাই বন্ধ কৰা আদি দাবী সমূহ উত্থাপন কৰে। তদুপৰি এই প্ৰতিবাদী কাৰ্যসূচীত শ্ৰমিক সকলক অবৈধ ভাৱে নিযুক্ত প্ৰথা বন্ধ কৰা , চি এছ আৰৰ তত্বাৱধানত নুনমাটি অঞ্চলৰ বিকাশ আদি বিভিন্ন দাবী উত্থাপন কৰা ধৰ্ণা কাৰ্যসূচী উত্তাল কৰি তোলে।

ইউনাইটেড ৱৰ্কমেন ইউনিয়নৰ সভাপতি বীৰেণ কলিতাই দ্যা চেন্টিনেলৰ আগত কয় যে, " কাৰ্যকৰ্তা সকলে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধ কৰিছে । আমি বিনাচৰ্তে নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিবাদক গ্ৰেপ্তাৰ হোৱা নেতা, কৰ্মকৰ্তা সকলৰ মুক্তিৰ দাবী কৰো । যদি চৰকাৰে শ্ৰমিক বিৰোধী নীতি প্ৰত্যাহাৰ নকৰে তেন্তে সৰ্বভাৰতীয় স্তৰত ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰা হ'ব।‌ আগন্তুক নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীক প্ৰত্যাখ্যান কৰাৰ অৰ্থে দীৰ্ঘম্যাদী প্ৰতিবাদ চলি থাকিব" ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com