Begin typing your search above and press return to search.

খিলঞ্জীয়া লোকৰ হকে আমাৰ কাম অব্যাহত থাকিব : অতুল বৰা

খিলঞ্জীয়া লোকৰ হকে আমাৰ কাম অব্যাহত থাকিব : অতুল বৰা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  29 Dec 2019 7:33 AM GMT

খিলঞ্জীয়া লোকৰ হকে আমাৰ কাম অব্যাহত থাকিব : অতুল বৰা । অসম গণ পৰিষদৰ অধ্যক্ষ অতুল বৰাই কয় যে বিভিন্ন প্ৰত্যাহ্বানৰ মাজত অসম গণ পৰিষদে যি কৰিছে আৰু ভৱিষ্যতে যি কৰিব সেয়া কেৱল অসমৰ ৰাইজৰ হকে হ'ব । লগতে তেওঁ অসমৰ জনসাধাৰণক আশ্বাস প্ৰদান কৰে যে অসম গণ পৰিষদে ৰাজ্যৰ খিলঞ্জীয়া লোকৰ বাবে নতুন বছৰত এক নতুন পদক্ষেপ গ্ৰহন কৰিব ।

শনিবাৰে অসম গণ পৰিষদৰ আমবাৰী অৱস্থিত দলৰ কাৰ্যালয়ত হোৱা এক সংবাদ মেলত অতুল বৰাই কয় যে অসম গণ পৰিষদৰ এক দীঘলীয়া ইতিহাস আছে। তেওঁ কয় যে, "আমি আশা কৰো যে ৰাজ্যৰ জনসাধাৰণে বুজি পাব আমি ৰাজ্য আৰু তেওঁলোকৰ বাবে কি অনুভৱ কৰো । আমাৰ নতুন প্ৰজন্মৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰি দলটোক ৰাইজৰ মাজলৈ নিয়া হ'ব " ।

ৰাজ্যত নতুন ৰাজনৈতিক দল গঠন কৰাৰ ওপৰত অতুল বৰাই কয় যে এয়া এখন গনতান্ত্ৰিক দেশ, দল আৰু সংগঠন গঠন কৰাৰ অধিকাৰ সকলোৰে আছে।

অসম গণ পৰিষদৰ নেতৃত্ব সা-সলনি সন্দৰ্ভত অতুল বৰাই কয় যে নেতৃত্বৰ পৰিৱৰ্তন ৰাস্তাত নিবিচাৰে। দলৰ মজিয়াত বিচাৰিব লাগে । বাহিৰত নেতৃত্বৰ পৰিৱৰ্তন বিচৰা সকলত অপশক্তি বুলি অভিহিত কৰে অতুল বৰাই। লগতে দলীয় অনুশাসন ভংগকাৰী সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব বুলি কয় অতুল বৰাই।

এই সংবাদমেলত উপস্থিত থকা অসম গণ পৰিষদৰ সভাপতি কেশৱ মহন্তই কয় যে, " অসম গণ পৰিষদৰ নীতি হ'ল একতা, শান্তি আৰু প্ৰগতি। অসম গণ পৰিষদে ৰাজ্যৰ থলুৱা লোকৰ হকে যুঁজি আছে আৰু এয়া ভৱিষ্যতে ও অব্যাহত থাকিব ।‌ আমাৰ নাগৰিকত্ব সংশোধনী আইনৰ ওপৰত প্ৰথমে দিয়া মত সলনি নহয় । আমি উচ্চতম ন্যায়ালয়ত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আৱেদন দাখিল কৰিছো। আমি ৰাজ্যৰ স্বদেশী লোকৰ সাংবিধানিক সুৰক্ষাৰ বাবেও যুঁজি আছো" ।

অন্য খবৰৰ বাবে পঢ়ক : “বৰনদী ভটিয়ায়” ছবি খনলৈ শৈলধৰ বৰুৱা চলচ্চিত্ৰ বঁটাৰ শ্ৰেষ্ঠ ছবিৰ সন্মান

ভিডিঅ প্ৰতক্ষ্য কৰক: Anti-CAA protests: AASU and Artistes Society of Assam jointly conducts protest meeting in Sualkuchi

Next Story
চাকৰি