Begin typing your search above and press return to search.

 এখন বিশ্ববিদ্যালয়ৰ অধ্যাপকে প্ৰতি সপ্তাহে আনে লৰা ছোৱালীৰ বাবে পুতলা

 এখন বিশ্ববিদ্যালয়ৰ অধ্যাপকে প্ৰতি সপ্তাহে আনে লৰা ছোৱালীৰ বাবে পুতলা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 Nov 2019 11:46 AM GMT

এখন বিশ্ববিদ্যালয়ৰ অধ্যাপকে প্ৰতি সপ্তাহে আনে লৰা ছোৱালীৰ বাবে পুতলা । স্কুলৰ পৰা দিয়া ঘৰুৱা কাম সম্পূৰ্ণ নোহোৱাৰ বাবে শিক্ষক শিক্ষয়িত্ৰীৰ পৰা ছাত্ৰ ছাত্ৰীয়ে শাস্তি লাভ কৰে । এয়া এক স্বাভাৱিক ঘটনা ।‌ কিন্তু কেলিফ'ৰ্ণিয়াৰ এনে এক ঘটনা পোহৰলৈ আহিছে যিয়ে সকলোকে আচৰিত কৰি তুলিছে । কেলিফ'ৰ্ণিয়াৰ এখন বিশ্ববিদ্যালয়ৰ এজন অধ্যাপকৰ ভিডিঅ' ভাইৰেল হৈ পৰিছে ।

জানিব পৰা মতে অধ্যাপক জনে প্ৰতি সপ্তাহে ছাত্ৰ ছাত্ৰী সকলৰ ভাল প্ৰদৰ্শনৰ বাবে একোটাকৈ পুতুলা পুৰষ্কাৰ দিয়ে আৰু প্ৰেৰণা যোগায় । অধ্যাপক জনৰ সৰলতা সকলো পিনেই বিয়পি পৰিছে আৰু বহুতে সেই বিশ্ববিদ্যালয়ত যাবৰ বাবে ইচ্ছা প্ৰকাশ কৰিছে ।

বিশ্ববিদ্যালয় খনৰ এমি নামৰ ছাত্ৰ গৰাকীয়ে টুইটাৰ যোগে অধ্যাপক জনৰ এই ভিডিঅ'টো প্ৰচাৰ কৰে ।‌ ভিডিঅ'টোত দেখা গৈছে যে এজন অধ্যাপকে শ্ৰেনীৰ ভিতৰত বেগৰ পৰা পুতুলা উলিয়াই থকা দেখা যায় । লগতে এমিয়ে লিখে যে তেওঁলোকৰ অধ্যাপক গৰাকীয়ে প্ৰতি সপ্তাহে ছাত্ৰ ছাত্ৰীক অনুপ্ৰাণিত কৰিবলৈ পুতুলা আনে।

এমিয়ে প্ৰচাৰ কৰা ভিডিঅ'টো কমেও ৭ মিলিয়ন লোকে চাইছে আৰু এই ভিডিঅ'টোত মাত্ৰ তিনি দিনত প্ৰায় ৬ লাখ লাইক আৰু ১ লাখৰ অধিক ৰিটুইট হৈছে ।

অন্য খবৰৰ বাবে পঢ়ক: নিজৰ মৰমৰ পোহনীয়া কুকুৰটোৰ লগত বিচ্ছেদ হোৱাৰ ভয়ত যুৱতীয়ে ল’লে চৰম পন্থা

ভিডিঅ প্ৰতক্ষ্য কৰক:Titabor Women staged massive protest against Micro Finance Companies

Next Story
চাকৰি