যুৱ প্ৰজন্মক গুৰুজনাৰ আদৰ্শ পালন কৰিবলৈ আহ্বান সৰ্বানন্দ সোণোৱালৰ

যুৱ প্ৰজন্মক গুৰুজনাৰ আদৰ্শ পালন কৰিবলৈ আহ্বান সৰ্বানন্দ সোণোৱালৰ

যুৱ প্ৰজন্মক গুৰুজনাৰ আদৰ্শ পালন কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ ৰবিবাৰে লক্ষীমপুৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দ্বাৰা আয়োজিত এক‌ অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰি ভাষণ প্ৰদান কৰে ।‌ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে সত্য আৰু বৈজ্ঞানিক দৃষ্টিকোণৰ ওপৰত আধাৰিত এক মহান মানৱীয় আধ্যাত্মিক দৰ্শনৰ স্থাপনা কৰিছিল । লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নীতিয়ে সকলো জাতি সমূদায়কে অধিক একত্ৰিত কৰিছিল ।

লগতে কয় যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমীয়া জাতিক একত্ৰিত কৰাৰ বাবে তেওঁ আধ্যাত্মিক প্ৰেৰণাৰ লগতে ৰাজ্যৰ সাহিত্য ,সংস্কৃতি আৰু সমাজলৈ বিশাল অৱদান আগবঢ়াইছে।‌ তাৰোপৰি এতিয়াৰ যুৱ প্ৰজন্মই মহাপুৰুষ জনাৰ আদৰ্শ পালন কৰিব লাগে বুলি কয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

শুকুৰবাৰৰ পৰা তিনি দিনীয়া কাৰ্যসূচীৰে শ্ৰী মন্ত সংঘৰ দ্বাৰা নাৰায়ণপুৰত আয়োজিত ২৬ সংখ্যক কেন্দ্ৰীয় শিশু,যুৱ ,আই মাতৃ সমাৰোহত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি এই বক্তৃতা আগবঢ়ায় ।‌

এই সভাখনত সভাপতিত্ব কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈয়ে । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই সভাত গুৰুজনাৰ আদৰ্শ মানি যুৱ প্ৰজন্মক জীৱনত আগবাঢ়িবলৈ আহ্বান জনায় । লগতে কয় যে মহাপুৰুষ জনাৰ মহান আদৰ্শ হ'ল সদায় সমাজখন একত্ৰিত আৰু শান্তি ৰক্ষা কৰাৰ এক বাৰ্তা । তাৰোপৰি কয় যে অসমীয়া জাতি তেতিয়ালৈকে বিদ্যমান থাকিব যেতিয়ালৈকে গুৰুজনাৰ আদৰ্শ বিদ্যমান থাকিব।

লগতে আই মাতৃ সকলক উদ্দেশ্য কৰি আগন্তুক প্ৰজন্মৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ কৰি কৈছে । লগতে কয় যে লৰা ছোৱালীৰ জীৱন তেতিয়ালৈকে আগুৱাব নোৱাৰে যেতিয়ালৈকে মাতৃৰ আশীৰ্বাদ নাথাকে । তাৰোপৰি এই সভাত ৰাজ্যৰ পি এন আৰ ডি মন্ত্ৰী নৱ কুমাৰ দ’লে , সাংসদ পল্লৱ লোচন দাস‌‌‌ আদিয়েও অংশগ্ৰহণ কৰে ।

ভিডিঅ প্ৰতক্ষ্য কৰক : Assam Martial Arts shines at World Martial Arts Games 2019 in London

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com