Begin typing your search above and press return to search.

কাৰ্যালয়ত মাতৃভাষা ব্যৱহাৰ কৰক: উপ-ৰাষ্ট্ৰপতি ভেংকয়া নাইডু

কাৰ্যালয়ত মাতৃভাষা ব্যৱহাৰ কৰক: উপ-ৰাষ্ট্ৰপতি ভেংকয়া নাইডু

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2 Nov 2019 6:59 AM GMT

ভাৰতৰ উপ-ৰাষ্ট্ৰপতি এম ভেংকয়া নাইডুয়ে মাতৃভাষা আৰু পুথিভৰাঁলৰ ওপৰত গুৰুত্ব দিয়ে ৷ লগতে মাতৃভাষাৰ সুৰক্ষা,প্ৰসাৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। মাতৃভাষাৰ প্ৰসাৰ আৰু গ্ৰন্থৰ সমাহাৰেৰে দেশৰ উপ-ৰাষ্ট্ৰপতি এম ভেংকয়া নাইডুয়ে উদ্বোধন কৰিলে ২১ সংখ্যক উত্তৰ পূব গ্ৰন্থমেলা ৷ এই অনুষ্ঠানত সকলোকে নিজৰ ঘৰত তথা চুবুৰীয়াৰ সৈতে মাতৃভাষাত কথা পতাৰ আহ্বান জনালে উপ-ৰাষ্ট্ৰপতি গৰাকীয়ে ৷লগতে কয় যে মই অন্য ভাষাৰ বিৰোধী নহয়। কিন্তু সকলোৱে মাতৃভাষাৰ মহত্ত্বক হৃদয়ংগম কৰিব লাগিব ।

ৰাজ্য চৰকাৰৰ প্ৰশাসনিক স্তৰত হিন্দী আৰু ইংৰাজী ভাষাৰ দৰে মাতৃভাষাক ব্যৱহাৰ কৰিব লাগিব। লোকসকলৰ মাজত মাতৃভাষাক প্ৰসাৰিত কৰিব লাগিব । ইফালে গুৱাহাটী চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিস্থানৰ খেলপথাৰত অনুষ্ঠিত গ্ৰন্থমেলাখনত অসমীয়াতে নিজৰ ভাষণ আৰম্ভ কৰি উপ-ৰাষ্ট্ৰপতি গৰাকীয়ে কয় যে প্ৰত্যেক গাঁৱতে গ্ৰন্থালয়,দেৱালয় আৰু সেৱালয় স্থাপন কৰিব লাগে। সমাজৰ দুৰ্গতজনৰ সহায়ক হ’ব পৰাকৈ প্ৰত্যেক গাঁৱতে থাকিব লাগে একোটাকৈ দেৱালয় ৷

আনহাতে গ্ৰন্থ অধ্যয়নৰ সন্দৰ্ভত মন্তব্য কৰি উপৰাষ্ট্ৰপতি গৰাকীয়ে কয় যে আমাৰ গ্ৰন্থ অধ্যয়ন কৰাটো অত্যন্ত জৰুৰী ৷নিজৰ জীৱনটোক সমৃদ্ধিশালী হিচাপে নিৰ্মাণ কৰিবৰ কাৰণে ভাল তথা জ্ঞানৰ উপযোগী গ্ৰন্থ অধ্যয়ন কৰাটো জৰুৰী। কিন্তু অতি সম্প্ৰতি দেশৰ নৱ প্ৰজন্মৰ মাজত গ্ৰন্থ অধ্যয়নৰ প্ৰতি অনীহাৰ দিশটো চিন্তনীয় বুলিও তেওঁ কয়। ইন্টাৰনেটৰ প্ৰাদুৰ্ভাবৰ ফলত শিশুসকলে এতিয়া গ্ৰন্থৰ পৰিৱৰ্তে অনলাইন হৈ থাকিবলৈ অধিক ভাল পায় ।

উল্লেখ্য যে উপৰাষ্ট্ৰপতি নাইডুয়ে শ্ৰীমন্ত শংকৰদেৱ,লক্ষ্মীনাথ বেজবৰুৱা,জ্যোতি প্ৰসাদ আগৰৱালা,ড° ভূপেন হাজৰিকাৰ দৰে মহান মহীৰূহসকলক স্মৰণ কৰে। আৰু মানৱ জাতিৰ কাৰণে তেওঁলোকৰ যোগদানৰ কথাও উল্লেখ কৰে। ইফালে এই অনুষ্ঠানত ৰাজ্যপাল জগদীশ মুখীয়ে সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাই ১৯৯৮ চনৰ পৰাই উত্তৰ পূব গ্ৰন্থমেলা অনুষ্ঠিত কৰি গ্ৰন্থৰ জনপ্ৰিয়তা বৃদ্ধিকৰণৰ দিশত উল্লেখ্য ভূমিকা লৈছে বুলি মন্তব্য কৰে ।

লগতে উত্তৰ পূব গ্ৰন্থমেলা সমগ্ৰ অঞ্চলটোৰ এক বৃহৎ গ্ৰন্থমেলা হিচাপে পৰিগণিত হৈছে বুলি কয়। মুখ্য অতিথি হিছাপে উপস্থিত থাকি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কয় যে গ্ৰন্থমেলাই নৱপ্ৰজন্মৰ মাজত গ্ৰন্থ অধ্যয়নৰ অভ্যাস গঢ়ি তোলাৰ দিশত বিশেষ ভূমিকা লয়। গ্ৰন্থ মেলাই ৰাজ্যৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সংস্কৃতি,সাহিত্য আদিৰ লগত সকলোকে পৰিচয় কৰি দিয়াৰ কথাও উল্লেখ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ।

অন্য খবৰৰ বাবে পঢ়ক: উত্তৰ পূবৰ সকলো ৰাজ্যতে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী হ’ব লাগে:উত্তৰ পূব ছাত্ৰ সংগঠন

ভিডিঅ প্ৰতক্ষ্য কৰক : Segun Wooden Logs worth Rs 70,000 seized in Lanka

Next Story
চাকৰি