Begin typing your search above and press return to search.

বজাৰত পাছলিৰ আকাশলংঘী মূল্য বৃদ্ধি: মধ্যস্থতাকাৰীৰ নিৰ্ধাৰিত দামত হাৰাশাস্তি সৰ্বসাধাৰণৰ

বজাৰত পাছলিৰ আকাশলংঘী মূল্য বৃদ্ধি: মধ্যস্থতাকাৰীৰ নিৰ্ধাৰিত দামত হাৰাশাস্তি সৰ্বসাধাৰণৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 July 2019 7:34 AM GMT

বানে কোঙা কৰা ৰাজ্যত এতিয়া চৌদিশে হাহাকাৰ । বানপানীৰ ফলত অনাহাৰে অনিদ্ৰায়ে দিন অতিবাহিত কৰিব লগা হৈছে বানাক্ৰান্তয়ে । লাখ লাখ লোকে সৰ্বোচ্চ হেৰুৱাই দিশহাৰা হৈ পৰিছে । ৰাজ্যৰ ৫০,০০০ বিঘাৰ পাছলি ক্ষতিগ্ৰস্থ হৈছে । ইয়াৰ প্ৰভাৱ পৰিছে বজাৰত । বজাৰত এতিয়া পাছলিৰ দাম আকাশলংঘী হৈছে । ইয়াৰ সুবিধা গ্ৰহণ কৰিছে মধ্যস্থতাকাৰীয়ে ।

যিবোৰ পাছলিৰ দাম কেইসপ্তাহ মানৰ আগত প্ৰতি কিলোত ২০-৩০ টকা সেইবোৰৰ দাম এতিয়া অত্যধিক বৃদ্ধি পাইছে । আলু আৰু পিয়াঁজ দাম ইমান বৃদ্ধি হোৱা নাই । কাৰণ খাদ্য আৰু অসামৰিক যোগান বিভাগে আলু আৰু পিয়াঁজৰ মুল্য নিৰ্ধাৰণ কৰিছে । কিন্তু আন পাছলি সমূহৰ খাদ্য আৰু অসামৰিক যোগান বিভাগ , অসম কৃষি মাৰ্কেটিং বৰ্ড আৰু কৃষি বিভাগৰো কোনো নিয়ন্ত্ৰণ নথকাত হাৰাশাস্তিৰ সন্মুখীন হৈছে সৰ্বসাধাৰণ ৰাইজ। সেয়েহে বজাৰত মধ্যস্থতাকাৰীয়ে নিজৰ মৰ্জিত দাম বৃদ্ধি কৰিছে। গাজৰ, বেঙেনা, দাংবডী, বিলাহী আদিৰ অত্যাধিক মুল্য বৃদ্ধি হৈছে ।

গুৱাহাটীৰ বজাৰত ৩০ টকাৰ জিকাৰ মুল্য বৃদ্ধি হৈ প্ৰতিকিলো জিকাৰ মুল্য ৬০ টকা হোৱাৰ লগতে , দাংবডীৰ মুল্য ৬০ ৰ পৰা ৭০ টকা হৈছেগৈ । গাজৰৰ মুল্য ১০০ টকা হৈছেগৈ , বেঙেনাৰ মুল্য ৬০ |৭০ টকা প্ৰতিকিলোৰ মূল্য । আনহাতে বিলাহীৰ প্ৰতিকিলোত ১০০ টকা হৈছেগৈ । ৰাজ্যত ধাৰাষাৰে হোৱা বৰষুণৰ কাৰণে সম্প্ৰতি বিভিন্ন অঞ্চলত মাছ ধৰিব পৰা নাই মাছৰ ব্যৱসায়ীসকলে ৷স্থানীয় লোকসকলৰ পৰাও মাছ সংগ্ৰহ কৰিব পৰা নাই ব্যৱসায়ীসকলে ৷ ইফালে বহিঃৰাজ্যৰ পৰা মাছ সংগ্ৰহ কৰিবলৈও অসুবিধাত পৰিছে ব্যৱসায়ীসকল ৷ যাৰ কাৰণে গুৱাহাটীত মাছৰ মূল্য আকাশ লংঘী হৈ পৰিছে ৷

অন্যহাতে গুৱাহাটীত প্ৰধানকৈ খাৰুপেটীয়া,দলগাঁৱ, মেঘালয় আদিৰ পৰা শাক পাছলি আনে ব্যৱসায়ীসকলে ৷কিন্তু ৰাজ্যৰ সৰ্বত্ৰে হোৱা বানপানীৰ কাৰণে শাক পাছলি অনাত অসুবিধাৰ সন্মুখীন হৈছে ব্যৱসায়ী সকল ৷বেলতলা বজাৰত দেওবাৰে শাক পাছলিৰ মূল্য বৃদ্ধি হোৱা দেখা গৈছে ৷ লগতে শাক পাছলিৰ সংখ্যাও যথেষ্ট সীমিত ৷লগতে ক্ষুদ্ৰ ব্যৱসায়ীসকলে শাক পাছলিসমূহৰ সাধাৰণ মূল্যতকৈ অধিক মূল্য জনসাধাৰণৰ পৰা লোৱা দেখা গৈছে। ব্যৱসায়ীসকলৰ মত অনুসৰি বাৰিষাৰ কাৰণে শাক পাছলিসমূহ মূল্য বৃদ্ধি হৈছে ৷গতিকে ৰাজ্যৰ বান পৰিস্থিতিয়ে শাক পাছলিৰ লগতে অন্যান্য ক্ষেত্ৰতো প্ৰভাৱ পেলাইছে ৷

অধিক খবৰৰ বাবে পঢ়ক: বান পৰিস্থিতিয়ে প্ৰভাৱ পেলাইছে শাক পাছলিত: আকাংশলংঘী মূল্যত হাৰাশাস্তি মধ্যবিত্তৰ

Next Story
চাকৰি