এনআৰচিৰ:১৪ খন সংবেদনশীল জিলাত কটকটীয়া নিৰাপত্তা ব্যৱস্থা

এনআৰচিৰ:১৪ খন সংবেদনশীল জিলাত কটকটীয়া নিৰাপত্তা ব্যৱস্থা

এনআৰচিৰ চূড়ান্ত পঞ্জী প্ৰকাশলৈ মাজত মাথো দুটা দিন। ৰাজ্য চৰকাৰে ১৪ খন সংবেদনশীল জিলাৰ লগতে এনআৰচিৰ ৰাজ্যৰ সমন্বয়কৰ ভঙাগঢ়ৰ মুখ্য কাৰ্যালয়ৰ লগতে উপায়ুক্ত আৰু সকলো কাৰ্যালয় তথা ২৫০০ সেৱা কেন্দ্ৰত সুৰক্ষা আৰু সতৰ্কতা বৃদ্ধি কৰিছে।

আনহাতে অসম আৰক্ষী আৰু চিআৰপিএফ বাহিনীয়ে ৰাজ্যৰ সকলো জিলাতে কটকটীয়া নিৰাপত্তা ব্যবস্থা কৰিছে। ২০১৮ চনৰ ৩০ জুলাইত প্ৰকাশিত এনআৰচিত নাম নহা সকলৰ ১৪ খন সংবেদনশেল জিলাত নিৰাপত্তাৰ ব্যৱস্থা অধিক কটকটীয়া কৰিছে ।

দ্য চেন্টিনেলৰ লগত হোৱাোএক সাক্ষাৎকাৰত গৃহ আৰু ৰাজনৈতিক বিভাগৰ এগৰাকী বিষয়াই কয় যে সুৰক্ষাকৰ্মীসকলক প্ৰয়োজনীয় নিৰ্দেশ দিয়া হৈছে। চিআৰপিএফ আৰু অসম আৰক্ষীৰ সুৰক্ষা কৰ্মীসকলক গুৰুত্বপূৰ্ণ স্থানসমূহত নিৰাপত্তাৰ কাৰণে ৰখা হৈছে। আমি আশা কৰিছোঁ এনআৰচি প্ৰকাশৰ পিছত সম্পূৰ্ণ ৰাজ্যত শান্তিপূৰ্ণ পৰিবেশ বৰ্তি থাকিব ৷

ৰাজ্যৰ লগতে মহানগৰীত যাতে কোনো অপ্ৰীতিকৰ ঘটনা সম্ভৱ নহয় তাৰ কাৰণে আইন কানুনৰ লগতে বিভিন্ন পৰিকল্পনা হাতত লৈছে প্ৰশাসনে ৷

গুৱাহাটী আৰক্ষী আয়ুক্ত দীপক কুমাৰে সোমবাৰে কয় যে এনআৰচি প্ৰকাশৰ পিছত সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰা হৈছে। চূড়ান্ত নাগৰিক পঞ্জী প্ৰকাশৰ পিছত ঘটিব পৰা, আমি যিকোনো ঘটনাৰ কাৰণে সাজু আছো ৷ আমি এই সন্দৰ্ভত বৈঠক অনুষ্ঠিত কৰিছোঁ ৷ মহানগৰীত এন এচ কে সুৰক্ষাৰ সন্দৰ্ভত গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰে কয় যে ৭৮ এনআৰচি সেৱা কেন্দ্ৰৰ কাৰণে বিশেষ সুৰক্ষাৰ ব্যৱস্থা কৰা হৈছে ৷

আমি এন আৰ চি প্ৰকাশৰ পিছত সংবেদনশীল স্থানসমূহক চিনাক্ত কৰিছো ৷আৰু কোনো ধৰণৰ অপ্ৰিয় ঘটনা যাতে সংঘটিত নহয় তাৰ ব্যৱস্থা কৰিছোঁ ৷ইয়াৰ উপৰিও এক বিশেষ আৰক্ষীৰ চাইবাৰ ব্যৱস্থাই ছ’চিয়েল মিডিয়াত তীক্ষ্ণ দৃষ্টি ৰাখিছে ৷ যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ কাৰ্য সংঘটিত নহয়৷

উল্লেখ্য যে চলিত বৰ্ষৰ ১৫ ফ্ৰেব্ৰুৱাৰীৰ পৰা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নিয়োজিত কামৰূপৰ পাঁচটা ৰাজহ চক্ৰৰ লোকসকলৰ কাৰণে দেওবাৰ,দ্বিতীয় শনিবাৰ ,বিহু আৰু অন্যান্য উৎসৱত কোনো বন্ধৰ দিন লাভ কৰা নাই ৷ চলিত বৰ্ষৰ ১৫ ফ্ৰেব্ৰুৱাৰীৰ পৰা ৰাজ্যখনৰ বিভিন্ন ক্ষেত্ৰত দাবী আপত্তিৰ শুনানি হৈ আছে ৷

এনআৰচিত পুৰুষ কৰ্মচাৰীসকলে নিশালৈকে কামত ব্যস্ত হৈ থাকে। আৰু মহিলাসকলে নিশা ১০ বজালৈকে কাম কৰে ৷ যাতে ৰাজ্যখনে এখন শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী লাভ কৰে। দ্য চেন্টিনেলৰ সৈতে মত বিনিময় কৰি এজন বিষয়াই কয় যে গুৱাহাটী ৰাজহ চক্ৰত দহ গৰাকী মহিলাৰ লগতে ৪৮ গৰাকী মহিলাই কাম কৰি আছে ৷জিলাৰ পাঁচখন ৰাজহ চক্ৰ ক্ৰমে গুৱাহাটী,দিছপুৰ, সোনাপুৰ,আজৰা আৰু চন্দ্ৰপুৰত ১৪০ জন বিষয়াই কাম কৰি আছে ৷

ভিডিঅ প্ৰতক্ষ্য কৰক:Watch Video | Fan of Zubeen Garg washes his feet during a promotion show in Assam

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com