অসমত বিভাজন কৰা কোনো চুক্তিয়েই আমি মানি নলওঁ: নৱ কুমাৰ শৰণীয়া

অসমত বিভাজন কৰা কোনো চুক্তিয়েই আমি মানি নলওঁ: নৱ কুমাৰ শৰণীয়া

অসমত বিভাজন কৰা কোনো চুক্তিয়েই আমি মানি নলওঁ: নৱ কুমাৰ শৰণীয়া । নেচনেল ডেমক্ৰেটিক ফ্ৰন্ট অফ বড়োলেণ্ডৰ কেডাৰ সমূহ ম্যানমাৰৰ পৰা এক শান্তি চুক্তিৰ বাবে ভাৰতলৈ উভতি অহাৰ ওপৰত কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়াই কয় যে , " আমি সেইসকলক স্বাগতম জনাইছো যি সকল ম্যানমাৰৰ ওপৰা উভতি আহিছে । কিন্তু অসমত বিভাজন কৰা চুক্তিৰ আমি বিৰোধী ।

সোমবাৰে গুৱাহাটীৰ প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদমেল সম্বোধন কৰি কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়াই কয় যে বিটিচি গঠনৰ সময়ত চৰকাৰে যি ভুল কৰিছিল সেয়া যাতে আকৌ পুনৰাবৃত্তি নহয় তাৰ বাবে চৰকাৰে পদক্ষেপ লোৱা উচিত । লগতে তেওঁ কয় যে চৰকাৰে কেডাৰ সকলৰ বিৰুদ্ধে চলি থকা গোচৰ সমূহৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগে আৰু এয়া শান্তি চুক্তিৰ দ্বাৰা সমাপ্ত নহয় ।

লগতে তেওঁ কয় যে আমি কেতিয়াও ইউ টি চি গঠনৰ নামত অসম বিভাজনৰ অনুমতি প্ৰদান নকৰো কিয়নো সাধৰণ জনতাই বি টি চিৰ পৰা একো লাভ কৰা নাই । সেইবাবে আমি এইবাৰ বিচাৰো যে ইউ টি চি বড়ো, অবড়ো আৰু আন উপজাতি সমূহৰ বাবে সমান হওক ।

শৰণীয়াই কয় যে , " আমি আশা কৰো যে চৰকাৰে অসমৰ জনসাধাৰণ বিৰোধী কোনো সিদ্ধান্ত গ্ৰহণ নকৰে । যদি চৰকাৰে জনসাধৰণৰ বিৰুদ্ধে যায় তেন্তে ২০২১ চনৰ বিধান সভা নিৰ্বাচনত এই চৰকাৰ খন নাথাকে। যদি চৰকাৰে সাধাৰণ লোকৰ অধিকাৰ ৰক্ষা কৰাত ব্যৰ্থ হয় তেন্তে বি টি চিয়ে বিকল্প দলৰ বিষয়ে আলোচনা কৰিব " । লগতে শৰণীয়াই শান্তি আলোচনাৰ নামত বি টি চিৰ নিৰ্বাচন পিছুওৱাৰ চক্ৰান্ত কৰা বুলি কয় ।

তদুপৰি তেওঁ কয় যে চৰকাৰে আন সংগঠন সমূহকো শান্তি চুক্তিৰ বাবে আলোচনালৈ আনিবলৈ পদক্ষেপ লোৱাৰ প্ৰয়োজন। লগতে নৱ কুমাৰ শৰণীয়াই বি টি চি ত অসমীয়া ভাষাক সহযোগী ভাষা হিচাপে ঘোষণা কৰা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰি বি টি চিত অসমীয়া ভাষা বড়ো ভাষাৰ দৰেই প্ৰথম ভাষা হিচাপে মৰ্য্যদা দিয়াৰ দাবী উত্থাপন কৰে । কিয়নো বি টি চিত ৮১ শতাংশ লোকেই অসমীয়া ভাষা ব্যৱহাৰ কৰে আৰু বড়ো সংগঠন সমূহেও কেতিয়াও এই দাৱী কৰা নাই । গতিকে বি টি চিত অসমীয়া দ্বিতীয় ভাষা হ'ব নোৱাৰে বুলি কয় সাংসদ নৱ কুমাৰ শৰণীয়াই।

ভিডিঅ প্ৰতক্ষ্য কৰক: Vivekananda Civil Service Academy inaugurated on Monday in Guwahati

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com