Begin typing your search above and press return to search.

মাৰাত্মক কোৰোণা ভাইৰাছ, ভাৰততো ধৰা পৰিছে কোৰোণা ভাইৰাছৰ উপস্থিতি

মাৰাত্মক কোৰোণা ভাইৰাছ, ভাৰততো ধৰা পৰিছে কোৰোণা ভাইৰাছৰ উপস্থিতি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 Jan 2020 6:08 AM GMT

মাৰাত্মক কোৰোণা ভাইৰাছ, ভাৰততো ধৰা পৰিছে কোৰোণা ভাইৰাছৰ উপস্থিতি।‌চীনৰ এক মাৰাত্মক কোৰোণা ভাইৰাছ। এতিয়ালৈ এই মাৰাত্মক কোৰোণা ভাইৰাছৰ কোনো ভেকচিন ওলোৱা নাই আৰু কোনো ধৰণৰ চিকিৎসা ও নাই । চীনত অতি ভয়ংকৰ ভাৱে বিয়পি পৰিছে এইবিধ ভাইৰাছ । জানিব পৰা মতে এই পৰ্যন্ত প্ৰায় এই ভাইৰাছত আক্ৰান্ত হৈ চীনত ৮০ জন লোকৰ মৃত্যু হৈছে ।

ভাৰততো ধৰা পৰিছে এই মাৰাত্মক কোৰোণা ভাইৰাছৰ অৱস্থিতি। ৰাজস্থানৰ এজন যুৱক এই ভাইৰাছৰ আক্ৰান্ত হোৱাৰ সন্দেহ কৰা হৈছে । জানিব পৰা মতে এই যুৱকজন চীনত চিকিৎসা বিজ্ঞান অধ্যয়ন কৰি আছিল । ইতিমধ্যে যুৱকজনক চিকিৎসালয়ত ৰখা হৈছে আৰু যুৱক জনক পৃথক ৱাৰ্ডত ৰখা হৈছে । তদুপৰি ভাৰতৰ পাটনাতো এই ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে ।

জানিব পৰা মতে এই ভাইৰাছৰ মূল কেন্দ্ৰ বিন্দু হ'ল চীনৰ য়ুহান চহৰ । এই ভাইৰাছত বৰ্তমানলৈ ২৩০০ লোক আক্ৰান্ত হৈছে।

কোৰোণা ভাইৰাছৰ যদিও এতিয়ালৈ কোনো ভেকচিন নাই তথাপিও কিন্তু ইয়াৰ কিছুমান লক্ষন ধৰা পৰিছে ।

কি এই কোৰোণা ভাইৰাছ‌ -

এই ভাইৰাছ প্ৰাকৃতিক ভাৱে বিয়পি পৰে।

এই ভাইৰাছ দ্ৰুত গতিত বিয়পি পৰে ।

এই ভাইৰাছৰ‌ লক্ষণ -

এই ভাইৰাছ সংক্ৰমিত হোৱাৰ ১৪ দিন পিছতহে এই ভাইৰাছৰ লক্ষণ সমূহ দেখা যায় ।

ই নিমুনিয়াৰ দৰে হয় ।

এই ভাইৰাছৰ সংক্ৰমিত হোৱাৰ পিছত ছৰ্দি, জ্বৰ, ডিঙিৰ বিষ , উশাহ লোৱাত কষ্ট আদি লক্ষণে দেখা দিয়ে ।

ই এক আৰ এন‌ এ ভাইৰাছ । ইয়াৰ ফলত শৰীৰৰ ভিতৰৰ কোষ সমূহ ভাঙি যায় ।

জানিব পৰা মতে এই কোৰোণা ভাইৰাছ বিশ্বৰ প্ৰায় ১০ খন‌ দেশত বিয়পি পৰিছে। এই ভাইৰাছূ মানুহ , গাহৰি , মুৰ্গী , কুকুৰ , মেকুৰী, আৰু আন জীৱ জন্তু ও সংক্ৰমিত হ'ব পাৰে । এই ভাইৰাছ কাহ আৰু হাঁচিৰ জৰিয়তে অতি সহজতে বিয়পিব পাৰে । এতিয়ালৈ এই ভাইৰাছৰ কোনো চিকিৎসা ওলোৱা নাই যদিও চিকিৎসা বিজ্ঞানী সকলে চেষ্টা চলাই আছে ।

প্ৰতিৰোধৰ ব্যৱস্থাক লৈয়েই এই মুহূৰ্তত সজাগ কেন্দ্ৰীয় স্বাস্থ্যবিভাগ। চীনৰ পৰা উভতি অহা যাত্ৰীসকলৰ স্বাস্থ্যৰ বিশেষ পৰীক্ষা সম্পন্ন কৰোৱা হৈছে বিমানবন্দৰসমূহত।

অন্য খবৰৰ বাবে পঢ়ক : শিক্ষক আৰু ছাত্ৰ ছাত্ৰী সকলৰ বাবে বিশাল অভিলাষী আঁচনি : হিমন্ত বিশ্ব শৰ্মা

ভিডিঅ প্ৰতক্ষ্য কৰক : AASU launched hunger strike to stage protest against CAA 2019

Next Story
চাকৰি