Begin typing your search above and press return to search.

অসমত বন্ধ সংস্কৃতি কেতিয়া অন্ত পৰিব?

অসমত বন্ধ সংস্কৃতি কেতিয়া অন্ত পৰিব?

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  12 Sep 2019 4:30 AM GMT

অসমত বন্ধ এটা চিনাকী শব্দ ৷ বন্ধ আইনৰ আওতাত নপৰে ৷বিভিন্ন দল সংগঠনে নিজৰ দাবী পুৰণ কৰিবলৈ বন্ধৰ সহায় লয়। কাৰণ সাম্প্ৰতিক সময়লৈকে বন্ধৰ বিৰোদ্ধে কোনো অধিনিয়ম৷গৃহীত কৰা নাই। সম্প্ৰতি চৰকাৰে এই বন্ধৰ বিৰুদ্ধে কেতিয়া এক আইনী প্ৰক্ৰিয়া গঢ়ি তুলিব সেয়াহে হ’ব গুৰুত্বপূৰ্ণ।

উদাহৰণ স্বৰূপে বুধবাৰে চন্দ্ৰপুৰত এক স্থানীয় বন্ধ আছিল ৷আৰু এটি স্থানীয় বন্ধৰ আহ্বান বৃহস্পতিবাৰে ১২ ঘন্টাৰ কাৰণে কৰা হৈছে ৷ অৱশ্যে বন্ধক অবৈধ হিচাপে ঘোষণা কৰিবৰ কাৰণে পদক্ষেপ লোৱা হৈছে যদিও ই সম্পূৰ্ণ নহয়। জনতা ভৱনৰ গৃহ বিভাগত ইখন টেবুলৰ পৰা সিখন টেবুললৈ বন্ধৰ সম্পৰ্কীয় তথ্য পাতিৰ প্ৰতিবেদন ঘূৰোতেই যেন সীমাবদ্ধ ৷

২০১২ বৰ্ষত ৰাজ্যত বন্ধ সংস্কৃতিৰ বিৰুদ্ধে এক ব্যাপক আন্দোলন গঢ়ি উঠিছিল ।য’ত গুৱাহাটী উচ্চ ন্যায়ালয়ত সংগঠনসমূহৰ বিৰুদ্ধে শুনানি দিয়া পদক্ষেপ নিহিত আছিল ৷ ইফালে বন্ধৰ কাৰণে আমাৰ ব্যক্তিগত অথবা সমাজৰ বহু সম্পতিৰ লোকচানৰ সন্মুখীন হয়। লগতে জনসাধাৰণৰ নিজৰ কামৰ ওপৰিও কাৰ্যালয়ৰ কামো বন্ধৰ কাৰণে পিছ পৰি যায় ৷

আনহাতে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চৰকাৰে এই বন্ধত প্ৰতিবন্ধকতা আৰোপ কৰিবৰ কাৰণে এক আইন তৈয়াৰ কৰিছিল আৰু জনতাৰ মত লোৱাৰ এক পদক্ষেপো লৈছিল। অৱশ্য ছয় বছৰৰ পিছত এই বন্ধৰ বিধেয়কক মন্ত্ৰীমণ্ডলৰ মত ল’বৰ কাৰণে বিধানসভাত উত্থাপন কৰা হয় ৷২০১৬ চনত দিছপুৰত বিজেপিৰ মিত্ৰ জোঁটৰ চৰকাৰে এই বিধেয়কক বিধানসভাত গৃহিত কৰিবলৈ উপেক্ষা কৰিলে ৷ অৱশ্যে জনসাধাৰণ আৰু কিছু সংখ্যক বিভাগৰ ৰায় লোৱাৰ পিছত চৰকাৰে এই বিধেয়ক খনত কিছু পৰিৱৰ্তন আনিলে। এই মন্তব্য এক বিশেষ সূত্ৰৰ ৷

অসম চৰকাৰৰ এক বিশেষ তথ্য অনুযায়ী যদি অসম বন্ধ হয় তেন্তে এটা দিনত ৬,০৫০ লাখ লোকচানৰ সন্মুখীন হয় ৷২০১৭ চনত এই লোকচানৰ পৰিমাণ আছিল ১,০২,৮৫০ লাখ ৷ আনহাতে বিধেয়কখনৰ মত অনুসৰি সকলো বন্ধ অসাংবিধানিক ৷ব্যক্তিগত,প্ৰিন্ট অথবা ইলেক্ট্ৰ’নিক প্ৰচাৰ মিডিয়াত বন্ধৰ প্ৰচাৰ অসাংবিধানিক ৷কাৰণ বন্ধ দি ৰাজ্যখনক পংগু কৰাৰ অধিকাৰ কৰোৰে নাই ৷

অন্য খবৰৰ বাবে পঢ়কপানবজাৰৰ “ৰেৱতী চাট হাউছ”ত খাদ্য সুৰক্ষা বিভাগৰ অভিযান: ৭ দিনলৈ বন্ধ

ভিডিঅ প্ৰতক্ষ্য কৰক:Dacoit arrested in Nagaon, Arms Seized

Next Story
চাকৰি