জনসাধাৰণে কিয় আৰক্ষীক বিশ্বাসত ল’ব নোৱাৰে ?

জনসাধাৰণে কিয় আৰক্ষীক বিশ্বাসত ল’ব নোৱাৰে ?

জনসাধাৰণে কিয় আৰক্ষীক বিশ্বাসত ল’ব নোৱাৰে ? আৰক্ষী আৰু জনসাধাৰণৰ মাজত বন্ধুত্ব পূৰ্ণ সম্পৰ্ক স্থাপন কৰিবলৈ সততে চৰকাৰে বিভাগীয় কৰ্তৃপক্ষই বিভিন্ন পদক্ষেপ গ্ৰহণ কৰে। তথাপিও আৰক্ষীৰ পোচাকযোৰ পৰিধান কৰা ব্যক্তি দেখিলেই ভয় কৰে জনতাই৷ এই সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কয় যে কিছুদিন পূৰ্বতে মই আৰক্ষী সকলৰ কাৰণে এটি নীলা জেকেটৰ ব্যৱস্থা কৰিছিলো ৷ সেই জেকেটটোৰ প্ৰয়োজনীয়তা কিমান সেই কথা মই ক’ব নোৱাৰিম । কিন্তু জনসাধাৰণে এতিয়াও আৰক্ষীসকলৰ প্ৰতি নেতিবাচক মানসিকতা লৈ থাকে ৷

মুখ্যমন্ত্ৰী সোনোৱালে মংগলবাৰে Assam police:A Journey through Changes and Challenges নামৰ এখন কিতাপ মুকলি কৰি এই মন্তব্য কৰে ৷গ্ৰন্থখন মুকলি কৰি সোনোৱালে কয় যে আৰক্ষীসকলৰ লগত জনসাধাৰণৰ সম্পৰ্ক অনুকূল হ’ব লাগে ৷

তেওঁলোকে জনসাধাৰণৰ সেৱাৰ কাৰণে সদায় প্ৰস্তুত থাকিব লাগে ৷ জনসাধাৰণে আৰক্ষীসকলক তেতিয়াহে বিশ্বাস কৰিব যেতিয়া আৰক্ষীয়ে তেওঁলোকক নিজৰ কৰ্তব্যৰ দ্বাৰা সুৰক্ষিত কৰাব ৷কিন্তু এতিয়াও আমি জনসাধাৰণৰ পৰা বহু দূৰত্বত। আৰক্ষীসকলে বহু ক্ষেত্ৰত অপৰাধীসকলক শাস্তি দিবলৈ সক্ষম হৈছে যদিও জনসাধাৰণৰ মনত তেওঁলোকৰ প্ৰতি নেতিবাচক দৃষ্টিভংগী বৰ্তি আছে ৷

গতিকে আৰক্ষী আৰু জনসাধাৰণৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক থকাটো অতি আৱশ্যক ৷ গতিকে আমি ৰাজ্যত আৰক্ষী বিভাগ আৰু জনসাধাৰণৰ মাজত বন্ধুত্ব পূৰ্ণ সম্পৰ্ক ৰাখিব বিচাৰোঁ ৷ মই ডিজীপিৰ লগত এই সন্দৰ্ভত কথা পাতিছো আৰু কৈছো যে কেৱল আইজিপিহ আৰু এচপীসকলৰ লগত আলোচনা কৰাৰ উপৰিও কনিষ্টবলসকলৰ লগত আলোচনা কৰিব লাগে ৷

লগতে সৰ্বানন্দ সোনোৱালে আৰক্ষীসকলক কয় যে তেওঁলোকে যেন শিশুসকলৰ লগত মানবীয়তাৰে মত বিনিময় কৰে ৷ শিশুসকলৰ প্ৰতি তেওঁলোক দৃষ্টিভংগী ইতিবাচক হ’বলৈ আহ্বান কৰে মুখ্যমন্ত্ৰীয়ে গুৱাহাটীৰ ভৰলুমুখ আৰক্ষী থানা ২০১৮ চনত শিশুসকলৰ কাৰণে এক বিশেষ ৰূপত ৰাজ্যৰ প্ৰথমখন শিশুৰ উপযোগী থানা হিছাপে পৰিগণিত হৈছে ৷বিভিন্ন খেলাৰ সামগ্ৰীৰ লগতে থানাৰ খনৰ দেৱালত বিচিত্ৰ ধৰণৰ ছবি খোদিত কৰা হৈছে। এই সকলো যাৱতীয় কাৰ্য কৰা হৈছে শিশুসকলৰ সুৰক্ষা আৰু সংৰক্ষণ আইন ২০১৫ ৰ আধাৰত ৷

আনহাতে দুৰ্নীতিৰ সন্দৰ্ভত সৰ্বানন্দ সোনোৱালে কয় যে মই দুৰ্নীতি শিপা উভালি পেলাব বিছাৰোঁ ৷এই ক্ষেত্ৰত সময়ৰ প্ৰয়োজন হ’ব ৷আমি দুৰ্নীতিৰ মূল শিপাডাল বিছাৰি উলিয়াব লাগিব ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com