Begin typing your search above and press return to search.

চুপাৰি সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত

চুপাৰি সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 Aug 2019 6:46 AM GMT

চুপাৰি সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত ৷ ২১ আগষ্টত জালুকবাৰী আৰু যোৰাবাটত আৰক্ষীয়ে জব্দ কৰিছিল ২৭ খন চুপাৰি ট্ৰাক ৷ অৱশ্যে জব্দ কৰা ট্ৰাকসমূহৰ এতিয়াও তদন্ত কৰা হোৱা নাই। কেৱল মহানগৰীৰ আৰক্ষীয়ে শিলচৰ আৰু মিজোৰামলৈ ছুপাৰিসমূহৰ শুং সূত্ৰ বিছাৰি এক বিশেষ সূত্ৰক পঠাব। ইয়াৰ মাজতে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দেওবাৰে ২৬ খন চুপাৰি ভৰ্তি ট্ৰাক আইএচবিটি লৈ যোৱা হয়।

এই ট্ৰাক সমূহক বিভাগীয় কৰ্তৃপক্ষই তদন্ত কৰিছে ৷গুৱাহাটী আৰক্ষী আয়ুক্ত দীপক কুমাৰে কয় যে আমি চুপাৰিসমূহৰ ক্ষেত্ৰত অধিক খবৰ ল’বলৈ শিলচৰ আৰু মিজোৰামলৈ এক বিশেষ আৰক্ষী দল প্ৰেৰণ কৰা হ’ব ৷আনহাতে বহু ট্ৰাক ওজন ১.১.৫ টনতকৈ অধিক ৷ কৰ বিভাগৰ এক বিশেষ সূত্ৰৰ অনুসৰি বিভাগে ২৭ খন ট্ৰাকৰ ভিতৰত কেৱল ২৫ খন ট্ৰাকৰ কাগজ পত্ৰ তদন্ত কৰিবৰ কাৰণে কয় ৷ ২৫ খন ট্ৰাকৰ এখনৰ বাহিৰে অন্য বাহনসমূহৰ ই ৱে বিল ইতিমধ্যে প্ৰদান কৰিছে। ইফালে ২৫ খন চুপাৰি বাহনৰ ভিতৰত নখন অসমৰ হোৱাৰ লগতে ১৬ খন বাহন মিজোৰামৰ ৷

উল্লেখ্য যে এক গোপন সূত্ৰ পম খেদি বুধবাৰে নিশা গুৱাহাটী আৰক্ষীয়ে জালুকবাৰীত ২৬ চুপাৰি ট্ৰাক আৰু আন এখন যোৰবাটত নিজৰ জিম্মাত লয়। এক বিশেষ সূত্ৰই জনোৱা অনুসৰি ইয়াৰ বেছিভাগ বাহন আছিল মিজোৰামৰ ৷ আৰু এই বাহনসমূহ পশ্চিম বংগৰ ফালে যাত্ৰা কৰিছিল।

মহানগৰীৰৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰে কয় যে এই বাহনসমূহৰ যাৱতীয় নথি পত্ৰৰ পৰীক্ষা নিৰীক্ষা চলি আছে ৷আমি কৰ আৰু জিলা পৰিবহন বিভাগৰ দ্বাৰা যাৱতীয় কাম কৰি আছো ৷ কৰ বিভাগে বাহন সমূহৰ চালান আৰু জিএচটি সম্পৰ্কত তদন্ত কৰি আছে ৷এইসমূহ তদন্তৰ পৰাোযদি আমি কোনো ধৰণৰ তথ্য লাভ কৰোঁ তেন্তে আমি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিম এই মন্তব্য আৰক্ষী আয়ুক্ত দীপক কুমাৰৰ।

অধিক খবৰৰ বাবে পঢ়ক:মহানগৰীত ২৭ খন চুপাৰি বাহনক জব্দ

Next Story
চাকৰি