Begin typing your search above and press return to search.

সম্পূৰ্ণ হোৱা আঁচনিসমূহ সফল ভাৱে ৰূপায়ণ হ’বনে?

সম্পূৰ্ণ হোৱা আঁচনিসমূহ সফল ভাৱে ৰূপায়ণ হ’বনে?

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  4 Nov 2019 4:09 AM GMT

সম্পূৰ্ণ হোৱা আঁচনিসমূহ সফল ভাৱে ৰূপায়ণ হ’বনে? অসমত বহু আঁচনি সম্পূৰ্ণ হোৱাৰ পিছতো জনসাধাৰণক লাভাম্বিত কৰিব পৰা নাই। ৰাজ্য চৰকাৰে আঁচনিসমূহৰ বিপৰীতে এক বৃহৎ পৰিমাণৰ ধন ব্যয় কৰে ৷ কিন্তু বহু আঁচনি সম্পূৰ্ণ হোৱাৰ পিছত বাস্তৱত ৰূপায়িত নহয় ৷ ৰাজ্যত এনেধৰণৰ আঁচনিসমূহৰ ভিতৰত আছে ধুবুৰী জিলাৰ কিছমাথাছ মডেল চিকিৎসালয়খনৰ আঁচনি এক বছৰৰ পূৰ্বতে সম্পূৰ্ণ হ’ল ৷

অৱশ্য এতিয়াও মডেল চিকিৎসালয়খন আৰম্ভ কৰা নাই। দ্বিতীয়তে মংগলদৈৰ গেৰীবাৰীত ২০১৬ চনত আইটীআই প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰা হৈছিল। কিন্তু এতিয়াও এই প্ৰতিষ্ঠান খনৰ উদঘাটন হোৱা নাই ৷ গতিকে প্ৰশ্ন হয় এই প্ৰতিষ্ঠানখন শ্ৰেণীসমূহ আৰম্ভ হ’বনে? তৃতীয়তে অসম অৰুণাচল প্ৰদেশৰ সীমান্তত ডিৰকত আৰু এখন আইটীআই প্ৰতিষ্ঠান দুবছৰৰ পূৰ্বে নিৰ্মাণ হৈছিল।

অন্যান্য আইটীআই প্ৰতিষ্ঠানৰ দৰে এইখনো বিকল হৈ পৰি আছে। কোনেও নাজানে আইটীআই খন কেতিয়া আৰম্ভ হ’ব। চতুৰ্থতে ২০১৩ চনত দৰং জিলাত জল যোগান আঁচনি আৰম্ভ হ’ল আৰু সম্পূৰ্ণ হ’ল ৷কিন্তু এতিয়াও এই আঁচনিসমূহ অবিকল হৈয়ে আছে। ২০১৬ চনত ৰাজ্য চৰকাৰে স্বাস্থ্য আৰু খাদ্য বিভাগৰ কাৰণে আয়োগ গঠন কৰিছিল যদিও কৰ্মচাৰীৰ অভাৱ দেখা গৈছে বিভাগটোত।

২০০৩ চনত চাপৰমুখ আৰু কাচাপাৰাঘাট সংযোগী এখন দলং স্থাপন কৰা হৈছিল যদিও এতিয়া নিৰ্মাণ হ’বলৈ বাকী আছে ৷এক বিশেষ সূত্ৰৰ মতে কেন্দ্ৰীয় চৰকাৰৰ পৰা দলং,চিকিৎসালয় আদি নিৰ্মাণ কৰিবৰ কাৰণে ধনসমূহ সহজেই লাভ কৰে । অৱশ্য ইয়াৰ পিছত সেই আঁচনিৰ কাৰণে প্ৰয়োজনীয় বস্তু ক্ৰয় কৰাৰ দায়িত্ব তথা প্ৰয়োজনীয় লোক লোৱাৰ দায়িত্ব থাকে ৰাজ্য চৰকাৰৰ ওচৰত। আনহাতে বহু আধাৰশিলা কেৱল ৰাজনৈতিক মুনাফা লাভৰ আশাত কৰা হয়। গতিকে চৰকাৰে স্থাপন কৰা এই আঁচনিসমূহৰ ক্ষেত্ৰত চৰকাৰে শেহতীয়াকৈ কি পদক্ষেপ লয় সেয়া গুৰুত্ব পূৰ্ণ ৷

অধিক খবৰৰ বাবে পঢ়ক:ভূমি অধিকাৰ ৰক্ষা কৰিবলৈ উচ্চ স্তৰীয় সমিতি গঠনৰ সিদ্ধান্ত

ভিডিঅ প্ৰতক্ষ্য কৰক:Assam Martial Arts shines at World Martial Arts Games 2019 in London

Next Story
চাকৰি