Begin typing your search above and press return to search.

বন্যহস্তীৰ উপদ্ৰৱ : চামগুৰি ৰাইজক জ্বলা কলা খুৱাইছে বনৰীয়া হাতীয়ে

বন্যহস্তীৰ উপদ্ৰৱ : চামগুৰি ৰাইজক জ্বলা কলা খুৱাইছে বনৰীয়া হাতীয়ে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  15 Oct 2019 2:00 PM GMT

বহু সময়ত বিভিন্ন স্থানত বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই আহিছে । বনৰীয়া হাতীৰ আক্ৰমণ বহু লোকৰ খেতি পথাৰ , ঘৰ দুৱাৰ আদি উচন হোৱাৰ লগতে বহু সময়ম মানুহৰ প্ৰান হানি হোৱাও দেখা যায় । বন্য হাতীৰ উপদ্ৰৱৰ পৰা ৰক্ষা পাবলৈ বহু সময়ত পহৰা দিব লগা হয় জনসাধাৰণে ।‌

বন্যহস্তীৰ উপদ্ৰৱত জীয়াতু ভুগীছে বৃহত্তৰ চামগুৰিৰ বাসী ৰাইজ । নিশা হলেই প্ৰতিদিনাই আবতৰীয়া দেৱালী পাতিব লগা হয় চামগুৰিৰ বিভিন্ন অঞ্চলত। বনৰীয়া হাতীৰ উপদ্ৰৱে নিদ্ৰাহীন কৰিছে চামগুৰি বাসীক । বহু চেষ্টাৰ পিছতো বন্য হাতীৰ উপদ্ৰৱৰ পৰা ৰক্ষা পোৱা নাই চামগুৰি ৰাইজ ।

তথাপিও কিন্তু কোনো কান সাৰ নাই শালনা আঞ্চলিক খণ্ড সহ বন বিষয়াৰ । কেৱল মাত্ৰ ৰাতিয়েই নহয় দিনটো ত্ৰাসৰ সৃষ্টি কৰে বনৰীয়া হাতীয়ে । দিনদুপৰতে বন্যহস্তীৰ মুক্ত বিচৰণ স্থলিলৈ পৰিণত হৈছে চামগুৰিৰ বিভিন্ন অঞ্চল। খেতি পথাৰৰ অনিষ্ট সাধন হোৱাৰ লগতে বহু লোক বন্যহস্তীৰ আক্ৰমণত আঘাট প্ৰাপ্ত হৈছে। চামগুৰিৰ ডিলিকা বস্তী, পদুমণি, বৰালীগাওঁ আদি অঞ্চলত দীৰ্ঘ দিন ধৰি খেতি পথাৰ অনিষ্ট কৰিছে বন্য হস্তীয়ে । বহুদিনৰ পৰাই এনেদৰে চামগুৰিৰ বিভিন্ন অঞ্চলত উপদ্ৰপ চলাই আছে এই বন্যহস্তী কেইটাই।

আনহাতে হাতী খেদাত সম্পূৰ্ণ ৰূপে ব্যৰ্থ শালনা আঞ্চলিক বন বিভাগ। যাৰ ফলত মৰণত শৰণ দি স্থানীয় ৰাইজে উজাগৰী নিশা কটাই প্ৰতি দিনাই হাতী খেদিব লগা হয়। ৰাইজে কিছুদূৰলৈ বন্যহস্তীৰ জাকটো খেদি পথাবলৈ সক্ষম হয় যদিও পুৱতিনিশা পুনৰ বন্যহস্তীৰ জাকটো উভতি আহি অঞ্চলটোত চলাই উপদ্ৰৱ।

স্থানীয় জনসাধাৰণৰ মতে শালনা বন বিভাগৰ হাতত নাই কোনো ধৰনৰ হাতী খেদাৰ নতুন কৌশল বা সুব্যৱস্থা। অঞ্চলটোৰ জনসাধাৰণৰ মতে কেৱল ‌ মাথো দুটামান ফটকা ফুটাই দায়িত্ব সামৰে বিয়াগোম বন বিভাগে। যাৰ ফলত হাতী খেদাত সম্পূৰ্ণ ব্যৰ্থ হৈ পৰিছে শালনা আঞ্চলিক বন বিভাগ।

অন্য খবৰৰ বাবে পঢ়ক: ভাৰতীয় অভিজিত বেনাৰ্জী সহ ডাফলো আৰু মাইকেল ক্ৰেমাৰলৈ অৰ্থনীতিৰ ন’বেল

ভিডিঅ প্ৰতক্ষ্য কৰক ; Self Reliant Farmers from Titatbor

Next Story
চাকৰি