Begin typing your search above and press return to search.

নুমলীগড়ত বন্য হস্তীৰ তাণ্ডৱে টোপনি হৰিছে গাঁৱবাসীৰ

নুমলীগড়ত বন্য হস্তীৰ তাণ্ডৱে টোপনি হৰিছে গাঁৱবাসীৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  9 Aug 2019 9:26 AM GMT

ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাতী মানুহৰ সংঘাত কোনো নতুন ঘটনা নহয়। গোলাঘাট জিলাৰ নুমলীগড় আৰু মৰঙিৰ বিভিন্ন অঞ্চলত হাতীয়ে গাঁৱবাসীয়ে নিদ্ৰা হৰণ কৰিছে ৷ গোলাঘাট বন বিভাগৰ অন্তৰ্গত মৰঙি ৰাজহ চক্ৰ আৰু বুখিয়াল বন বিভাগৰ জেকশ্যন গ্ৰান্ট গাঁৱৰ গাঁৱবাসীক বুধবাৰে নিশা বন্য হাতীয়ে আক্ৰমণ কৰে।

লখীশ্বৰ দাস,তুকেশ্বৰ দাস আৰু জুনু ৰবী দাসৰ ঘৰত প্ৰায় ৫০ ৰো অধিক বন্য হাতী প্ৰবেশ কৰে ৷ বন্য হাতীৰ জাকটোৱে গাঁৱৰ বাসিন্দা কেইজনৰ ঘৰত প্ৰবেশ কৰি খাদ্যৰ ভাণ্ডাৰ,কাঠৰ মেজ আৰু অন্যান্য ইলেক্ট্ৰ’নিক বস্তুৰ ক্ষতি গ্ৰস্ত কৰে ৷ জেকশ্যন গ্ৰান্ট গাঁৱৰ নিবাসী প্ৰদীপ দাসৰ ঘৰতো বন্য হাতীয়ে তাণ্ডৱ চলাই ৷

পৰিয়ালৰ লোকসকলে বন্য হাতীৰ পৰা কথমপিহে নিজৰ প্ৰাণ ৰক্ষা কৰে ৷ ইফালে সমগ্ৰ নিশাটো বন্য হাতীৰ জাকটোৱে গাঁৱখনত তাণ্ডৱ চলোৱাৰ পিছত পুৱা গাঁৱ খনৰ পৰা ওলাই যায় ৷ স্থানীয় লোকসকলৰ অভিযোগ যে বুখিয়াল বন বিভাগক বাৰে বাৰে খবৰ দিয়াৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৷আনহাতে সম্প্ৰতি সুন্দৰপুৰ,বুখিয়াল,ৰংবং,নাওবৈছা আৰু থুৰামুখত হাতী মানুহৰ সংঘাতে এক গম্ভীৰ ৰূপ ধাৰণ কৰিছে ৷ গতিকে এই ক্ষেত্ৰত বন বিভাগে কি ব্যৱস্থা ল’ব সেয়া হ’ব উল্লেখ যোগ্য ৷

হাতী মানুহৰ সংঘাতে বাতৰিৰ শিৰোনামা দখল কৰি থকাৰ সময়তে কাৰ্বি আংলং সীমান্তত একাংশ গঞাই লৈছে এক বিশেষ পদক্ষেপ ৷ গজৰাজক সন্তুষ্ট কৰিবলৈ কাৰ্বি আংলং সীমান্তত একাংশ গঞাই কৰিলে ভূমিদান ৷কাৰ্বি আংলঙৰ সীমান্তৱৰ্তী হাতীখুলি অঞ্চলৰ ৰাইজে হস্তী মানৱৰ সংঘাত ৰোধ কৰিবৰ বাবে গ্ৰহণ কৰিছে অভিনৱ পন্থা।স্থানীয় প্ৰকৃতিপ্ৰেমী যুবক বিনোদ দুলু বৰা আৰু হস্তী বন্ধু নামৰ স্বেচ্ছাসেৱী সংস্থাৰ জৰিয়তে স্থানীয় কেইবাজনো লোকে বন্যহস্তীৰ বাবে উচৰ্গা কৰিলে নিজৰ ভূমি।

এই খবৰে সম্প্ৰতি সৰ্বত্ৰে চৰ্চা লাভ কৰিছে ৷ উল্লেখ্য যে, হাতীখুলি অঞ্চলত বন্য হস্তীৰ জাকে প্ৰবেশ কৰে জনাঞ্চলত ৷ ইয়াৰ ফলত বিস্তৰ পৰিমাণৰ কৃষি ভূমি নষ্ট হয় ৷ ইয়াৰোপৰি কৃষিৰ ওপৰতে নিৰ্ভৰ কৰি নিজৰ পৰিয়াল পোহ পাল দিয়া কৃষকৰ কৃষিভূমি নষ্ট কৰাৰ লগে লগে হস্তী মানৱৰ সংঘাতৰ সৃষ্টি হয়। কিন্তু এইবাৰ নিজৰ পৰিয়ালৰ বাবে খেতি নকৰে অঞ্চলটোৰ অধিকাংশ কৃষকে।পাহাৰৰ কাষতে থকা দুশ বিঘা মাটিত ধানখেতি কৰিছে বন্যহস্তীৰ বাবে। দুলু বৰা আৰু হস্তীবন্ধু নামৰ সংগঠনটোৰ তত্বাবধানত হস্তী মানবৰ সংঘাট ৰোধ কৰাৰ বাবে গাঁওবাসীয়ে লোৱা অভিনব পদক্ষেপক সকলোৱে শলাগ লৈছে ।

অন্য খবৰৰ বাবে পঢ়ক: হাতী মানুহৰ সংঘাতৰ সময়তে কাৰ্বি আংলঙত এক প্ৰশংসনীয় পদক্ষেপ

ভিডিঅ প্ৰতক্ষ্য কৰক: Lakhimpur police seize ganja, apprehends three drug peddlers

Next Story
চাকৰি