দুমাহ পৰ্যন্ত উৱলি মৃতদেহৰ লগত শুলে এগৰাকী মহিলাই

দুমাহ পৰ্যন্ত উৱলি মৃতদেহৰ লগত শুলে এগৰাকী মহিলাই । উত্তৰ প্ৰদেশৰ অযোধ্যাত এক আচৰিত ঘটনা সংঘটিত হয় । ঘটনা অনুসৰি জানিব পৰা মতে উত্তৰ প্ৰদেশৰ এগৰাকী মহিলাই দুমাহ পৰ্যন্ত শুলে মাতৃ আৰু ভগ্নীৰ মৃতদেহৰ লগত।
উত্তৰ প্ৰদেশৰ অযোধ্যাৰ আদৰ্শ কলনিৰ লোক সকলে ঠাইখনৰ উৎকট গোন্ধ পাই থকাৰ অভিযোগ দাখিল কৰে আৰক্ষীৰ ওচৰত । অভিযোগ অনুসৰি বৃহস্পতিবাৰে দেৱকলি আৰক্ষী আহি উপস্থিত হয় আৰু ঘৰটোৰ অনুসন্ধান চলাই । যেতিয়া ঘৰটোৰ দুৱাৰ খোলে তেতিয়া আৰক্ষীয়ে দীপা নামৰ যুৱতী গৰাকীক মাতৃ পুষ্পা শ্ৰীবাস্তৱ আৰু ভগ্নী বিভাৰ মৃতদেহৰ লগত শুই থকা অৱস্হাত উদ্বাৰ কৰে ।
আৰক্ষী অধীক্ষকে জনোৱা অনুসৰি দীপাৰ পিতৃ চাব ডিভিজনেল মেজিষ্ট্ৰেট আছিল । দীপাৰ পিতৃ বিৰেন্দ্ৰ শ্ৰী বাস্তৱৰ মৃত্যু ১৯৯০ চনতে হৈছিল । পিতৃৰ মৃত্যুৰ পিছত দীপা নিজৰ মাতৃ আৰু তিনি ভগ্নীৰ লগত আছিল । কিন্তু পিতৃৰ মৃত্যুৰ কেইদিনমান পাছতে দীপাৰ ভগ্নী ৰূপালীৰ মৃত্যু হয় ।
তথ্য অনুসৰি জানিব পৰা মতে পিতৃৰ মৃত্যুৰ পিছতেই পুষ্পা শ্ৰীবাস্তৱ ,দীপা আৰু বিভাৰ মানসিক ভাৰসাম্য হেৰুৱাই পেলাছিল । যাৰ ফলত তেওঁলোকে ওচৰ চুবুৰীয়াৰ লগত মাত বোল বন্ধ কৰিছিল। পুষ্পা আৰু বিভাৰ প্ৰায় দুমাহ পূৰ্বে মৃত্যু হৈছিল আৰু দীপা মাতৃ আৰু ভগ্নীৰ মৃতদেহৰ লগত শুই থকা অৱস্হাত উদ্বাৰ হৈছিল।
আৰক্ষীয়ে জনোৱা অনুসৰি মৃতদেহ কেইটা ইমানেই উৱলি গৈছে যে মৃতদেহটোৰ কেৱল হাড়হে প্ৰত্যক্ষ হৈ আছিল । তাৰ ভিত্তিতেই অনুমান লগাইছিল যে দুমাহ পূৰ্বে মৃত্যু হৈছিল পুষ্পা আৰু বিভাৰ। এতিয়ালৈকে মৃত্যুৰ কাৰণ গম পোৱা হোৱা নাই যদিও মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয় লগতে দীপাক মানসিক স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয়। মৰোণোত্তৰ পৰীক্ষাৰ পিছতহে মৃত্যুৰ প্ৰকৃত কাৰণ পোহৰলৈ আহিব ।
অন্য খবৰৰ বাবে পঢ়ক:প্ৰেমিকাই মাক বাপেকৰ সহযোগত হত্যা কৰিলে প্ৰেমিকক, ঘৰৰ ভিতৰত পুতি থলে মৃতদেহ
ভিডিঅ প্ৰতক্ষ্য কৰক:Assam Pradesh Congress Committee (APCC) Welcomes Supreme Court Verdict in Ayodhya Dispute Case