বিহাৰত হোৱা বানপানীৰ মাজত এগৰাকী যুৱতীৰ লয়লাস ভংগী: ফটো চাওক

বিহাৰত হোৱা বানপানীৰ মাজত এগৰাকী যুৱতীৰ লয়লাস ভংগী: ফটো চাওক

বিহাৰত হোৱা মূষলধাৰ বৰষুণত সম্প্ৰতি ধন জন হেৰুৱাই সকলোৱে। কিন্তু ইয়াৰ মাজতে বিহাৰ হোৱা বানপানীত এগৰাকী যুৱতীয়ে কৰা ফটো চ্যুটে চৰ্চা লাভ কৰিছে। ফটো চ্যুট কৰা যুৱতী গৰাকী নাম হৈছি অদিতি সিং ৷নেশ্যনেল ইষ্টিটিউড অৱ ফেশ্যন টেকন’ল’জিৰ ছাত্ৰী অদিতি সিং ৷ ভাইৰেল হোৱা ফ’টো সমূহত অদিতিক বিহাৰৰ পথত হোৱা বানপানীত হাঁহি থকা দেখিবলৈ পোৱা গৈছে।প্ৰকৃততে বানপানীত কৰা ফটোচ্যুটৰ জৰিয়তে আদিতিয়ে বিহাৰৰ বান পৰিস্থিতিক দেখুৱাইছিল ৷

https://www.instagram.com/p/B28OB0ODkEB/

ইফালে ফ’টো সমূহ শ্বেয়াৰ কৰি ফটো গ্ৰাফাৰ সৌৰভ অনুৰাজে কয় যে এই ফটো সমূহ বৰ্তমান বিহাৰত বৰ্তি থকা পৰিস্থিতি দেখুৱাবৰ কাৰণে লোৱা হৈছে ৷গতিকে ইয়াক নেতিবাচক হিছাপে ন’লব। অৱশ্য ভাইৰেল হোৱা ফটোসমূহ কিছুসংখ্যক ইতিবাচক হিচাপে আৰু আন কিছুমানে নেতিবাচক হিছাপে লৈছে। কিছুমান লোকে বিহাৰৰ সাম্প্ৰতিক পৰিস্থিতিক ফটোখনত বিছাৰি পাইছে যদিও আন কিছুমানে ইয়াক ৰোমান্টিক দৃষ্টিভংগীৰ গ্ৰহণ কৰিছে। এজন ব্যক্তিয়ে লিখিছে ।দুৰ্যোগত এনে ধৰণে কোনে হাঁহিব পাৰে? আন এজনে লিখিছে দুৰ্যোগক মহিমামণ্ডিত আৰু ৰোমান্টিকৰণ কৰা হৈছে। ঠিক তেনেদৰে সুন্দৰ ফটোৰ লগতে সুন্দৰ বাৰ্তা বুলিও মন্তব্য কৰিছে আন এজনে।

https://www.instagram.com/p/B28OKTtDOb9/

উল্লেখ্য যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এই ফটো সমূহ বিভিন্ন সমালোচনাৰ সন্মুখীন হোৱাৰ পিছত সৌৰভে ইনষ্টাগ্ৰামৰ জৰিয়তে নিজৰ ভাৱ ব্যক্ত কৰিছে ৷ সৌৰভে লিখে যে এই ফটো চ্যুট সহজ নহয় ৷ যিসকলে ভাবিছে এইয়া কেৱল এক ফটো চ্যুট তেওঁলোকে চাওঁক যে সমাজলৈ এটা বাৰ্তা প্ৰেৰণ কৰিবলৈ কিমান কাম কৰিব লাগে । ঘৰৰ বেলকনিত বহি কাৰোবাৰ কথা আলোচনা কৰাটো সহজ ।কিন্তু কেতিয়াবা ইয়ালৈ আহি চাওঁক কষ্ট কিমান হয়। কাৰণ কোনেও আনন্দত এনেধৰণে গৈ ভিডিঅ’ কৰিব নিবিছাৰে । কিন্তু সকলোৰে নিজৰ নিজৰ পথ থাকে ৷ নিজৰ বিষয়টো উত্থাপন কৰা। (It was not that easy. The people who think it was just a photoshoot, they can see this. To post a message, make a video while sitting in balcony of your home and to criticise someone is very easy. Try to come here and see what we go through. No one likes to shoot in a place which has sewage water, especially for a model to stand and pose there. Just remember, everyone has their own way to show things).

https://www.instagram.com/p/B2_JAXMHiH5/

ভিডিঅ প্ৰতক্ষ্য কৰক:NDFB(S) cadres apprehended

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com